আনহাতে চিয়াঙৰ পাৰত পৰিভ্ৰমী পক্ষীও দেখিবলৈ পোৱা যায় । বছৰৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ চিয়াঙৰ পাৰত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায় । ইয়াৰ ভিতৰত বৰটোকোলা, চিলনী, মাছৰোকা, ডাউক, হেটুলুকা, বালিমাহী, শগুণ ইত্যাদি পক্ষীদেখা যায় । পবাৰ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্ট আৰ্দ্ৰভূমিসমূহ অন্যতম । পবাত থকা বিল, জলাশয়, ডোবা, পিতনি, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় ।
পবাক পৰ্যটন মানচিত্ৰত তুলি ধৰাৰ প্ৰয়াস
প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ সুৰক্ষা-সংৰক্ষণ তথা বন্যপ্ৰাণী অভয়াৰণ্য স্বীকৃতিৰ দাবীৰ প্ৰতি অধিক জনমত গঠন আৰু পৰ্যটন উদ্যোগ বিকাশৰ উদ্দেশ্যে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পবা মহোৎসৱ । এইবেলি পবা বনাঞ্চলেত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ'ব দ্বিতীয় সংখ্যক পবা মহোৎসৱ । এই মহোৎসৱ উদযাপনৰ সন্দৰ্ভত বৃহস্পতিবাৰে পবা বনাঞ্চলৰ চিয়াং লালী নদীৰ তিনিমাইল ঘাটত অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা ।
এই মহোৎসৱৰ আয়োজনৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা সভাত বিভিন্ন প্রকৃতি সংগঠন আৰু স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠান, টি এম পি কেৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক আৰু প্ৰকৃতিৰপ্ৰেমী ৰাইজে উপস্থিত থাকে । আনহাতে, উক্ত ৰাজহুৱা সভাত সমল ব্যক্তি হিচাপে জোনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকি প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যখনক প্রাকৃতিক সম্পদ, জীব-বৈচিত্ৰ্যৰে অতিকৈ চহকী তথা ইতিহাস প্রসিদ্ধ এখন ঠাই বুলি উল্লেখ কৰে । শতিকা গৰকা পবা বনাঞ্চলৰ এই ঐতিহাসিক ক্ষণত শতবৰ্ষীয় তথা দ্বিতীয় পবা মহোৎসৱ উদযাপনৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ।