গুৱাহাটী: অসমত বিশেষ সফল হ'ব পৰা নাই প্ৰধানমন্ত্ৰী সৌৰঘৰ যোজনা । এই যোজনা অসমত আৰম্ভ কৰা দহ মাহ উকলি যোৱাৰ পিছতো মাজুলী জিলাত এতিয়ালৈকে কোনো পৰিয়ালে এই যোজনা গ্ৰহণ কৰা নাই । এই যোজনা অসমৰ অধিকাংশ জিলাতে আগবঢ়া নাই । অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত নতুন আৰু নৱীকৰণ শক্তি শাখাৰ ( New & Renewable energy) চমুকৈ NRE তথ্য মতে ডিমা হাছাও জিলাত মাত্ৰ এটা পৰিয়ালে, তামুলপুৰ জিলাত ৭ টা পৰিয়ালে , চৰাইদেউ জিলাত ১১ টা, বজালী জিলাত ১৩ টা, ধেমাজি জিলাত ১৪ টা, কাৰ্বি আংলং জিলাত ১৩ টা, নলবাৰী জিলাত ২০ টা, ওদালগুৰি জিলাত ১৫ টা সৌৰ শক্তি পেনেল এই যোজনাৰ জৰিয়তে স্থাপন কৰিছে ।
ইয়াৰ পৰা দেখা যায় অসমত এই যোজনাখন ৰাইজৰ মাজত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে কোনো প্ৰচাৰ আৰু সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰা নাই ।
উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সমগ্ৰ দেশৰ লগতে অসমত আৰম্ভ কৰা হৈছিল এই যোজনা । বহনক্ষম উন্নয়নৰ লক্ষ্য হিচাপে জলবিদ্যুৎ আৰু তাপ বিদ্যুতৰ পৰা উৎপাদিত বিদ্যুৎ শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰি সৌৰ শক্তিৰ দ্বাৰা উৎপাদিত বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে এই যোজনা আৰম্ভ কৰা হৈছিল । আবাসীসকলৰ ঘৰৰ মুধচ বা চাদত সৌৰ শক্তি পেনেল স্থাপন কৰি সৌৰ শক্তিৰ দ্বাৰা বিদ্যুৎ শক্তি ব্যৱহাৰ কৰাৰ বাবে এই যোজনা ৰূপায়ণ কৰা হৈছে ৷
উল্লেখ্য যে অসম চৰকাৰে অসমত এই যোজনাৰ অধীনত ১ লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । তথ্য মতে, অসমত আজিৰ তাৰিখলৈ ২২৩৫ টা পৰিয়ালে এই যোজনাৰ জৰিয়তে সৌৰ শক্তি পেনেল স্থাপন কৰি আছে । কামৰূপ মহানগৰ জিলা, বৰপেটা, যোৰহাট, নগাঁও, হোজাই আৰু গোৱালপাৰা জিলাত সৰ্বাধিক এই যোজনাৰ জৰিয়তে সৌৰ শক্তি পেনেল স্থাপন কৰিছে ।
লগতে পঢ়ক:পৰিয়ালৰ বাবে সৌৰ চাল; লক্ষ্য আৰু প্ৰত্যাহ্বান
তথ্য মতে, আজিৰ তাৰিখলৈকে কামৰূপ মহানগৰ জিলাত ৪১৭ টা, বৰপেটা জিলাত ৩১৪ টা, যোৰহাট জিলাত ১৮৮ টা, নগাঁও জিলাত ১৭৪ টা, হোজাই জিলাত ১৫৩ টা আৰু গোৱালপাৰা জিলাত ১৬২ টা পৰিয়ালে এই যোজনাৰ জৰিয়তে সৌৰ শক্তি পেনেল স্থাপন কৰিছে ।
উল্লেখ্য যে এই যোজনাৰ বাবে ৰাজসাহায্য দিয়াৰ ব্যৱস্থা আছে । তাৰ পিছতো কিন্তু এই যোজনাৰ সুবিধা লোৱাৰ বাবে ৰাইজ আগবাঢ়ি অহা নাই । নতুন আৰু নৱীকৰণ শক্তি শাখাৰ ( New & Renewable energy) চমুকৈ NRE সহকাৰী মহাপ্ৰৱদ্ধক কুলদ্বীপ শৰ্মাই কয় যে তিনি কিলোৱাটলৈ এই ৰাজসাহাৰ্য আগবঢ়োৱা হয় । সৌৰশক্তি উৎপাদনৰ বাবে সৌৰশক্তি পেনেল স্থাপনৰ বাবদ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজসাহায্য আগবঢ়ায় । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা ধনৰ পৰিমান এনেধৰণৰ-
- এক কিলোৱাট সৌৰশক্তি উৎপাদনৰ বাবে সৌৰশক্তি পেনেল স্থাপনৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ৩৩ হাজাৰ টকা, অসম চৰকাৰে ১৫ হাজাৰ টকা
- দুই কিলোৱাট সৌৰশক্তি উৎপাদনৰ বাবে সৌৰশক্তি পেনেল স্থাপনৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ৬৬ হাজাৰ টকা, অসম চৰকাৰে ৩৭ হাজাৰ টকা
- তিনি কিলোৱাট সৌৰশক্তি উৎপাদনৰ বাবে সৌৰশক্তি পেনেল স্থাপনৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ৮৫ হাজাৰ টকা, অসম চৰকাৰে ৪৫ হাজাৰ টকা
সহকাৰী মহাপ্ৰৱদ্ধক কুলদ্বীপ শৰ্মাই কয় যে এই যোজনাৰ অধীনত গ্ৰাহকে সৌৰ পেনেলৰ জৰিয়তে বিদ্যুৎ ৰাহি হ'লে নাইবা অতিৰিক্ত থাকিলে বিক্ৰীও কৰিব পাৰে । গ্ৰাহকজনে বছৰত এই ৰাহি বিক্ৰী কৰি বিদ্যুৎ মাচুলৰ ধন এ পি ডি চি এলৰ পৰা বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব পাৰে । তেওঁ লগতে কয় যে সৌৰ পেনেল স্থাপন কৰা বহু গ্ৰাহকৰ বিদ্যুতৰ বিল শূন্য আহিছে বা বহুত বিদ্যুৎ বিক্ৰী কৰাৰ উদাহৰণ আছে ।
উল্লেখ্য যে https://www.pmsuryaghar.gov.in/ ৱেবছাইটযোগে গ্ৰাহকে প্ৰয়োজনীয় নথি জমা দি পঞ্জীয়ন কৰি এই যোজনাৰ সুযোগ পাৰে । এই ক্ষেত্ৰত বেংকে ঋণ পৰ্যন্ত আগবঢ়ায় ।
লগতে পঢ়ক:এটা এটাকৈ নুমাবলৈ ধৰিছে ড৹ ভূপেন হাজৰিকা সেতুৰ লাইটবোৰ