অসম

assam

ETV Bharat / state

সোণালী সূতাৰ প্ৰতি ভাবুকি মাতিছে সেউজী পাতৰ বাগিচাই !

মুগা পালনৰ প্ৰতি আহিছে ভাবুকি ৷ চাহ বাগিচাৰ পৰা আহিছে এই ভাবুকি ৷ হাহাকাৰ কৰিবলগীয়া হৈছে মুগা পালকে ৷ চাওক সবিশেষ-

THEAT TO MUGA FARMING
মুগা পালনৰ প্ৰতি আহিছে ভাবুকি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 12:28 PM IST

ডিব্ৰুগড়:সোণালী সূতাৰ দেশ অসম ৷ অসমৰ মানুহে ঘৰতে বা চোমনি পাতি মুগা পালন কৰি সেই মুগাৰ পৰা উৎপাদন কৰা সূতাৰে কাপোৰ বৈ পিন্ধি আহিছে অতীজৰে পৰা ৷ ছাঁতে শুকুৱা মুঠিতে লুকুৱা অসমীয়া কাপোৰৰ কদৰ আজিও আছে ৷ সেইদৰে কদৰ আছে অসমত উৎপাদিত সোণালী সূতাৰ ৷

বিহুত নাচনীয়ে পিন্ধা মুগাৰ সাজযোৰৰ কথাই কওক বা সাধাৰণভাৱে ব্যৱহাৰ কৰা ৰিহা-মেখেলাৰ কথাই কওক, মুগা বুলি ক’লেই অসমীয়া মানুহৰ এক বিশেষ মৰম জাগে ৷

মুগা পালনৰ প্ৰতি আহিছে ভাবুকি (ETV Bharat)

বাহিৰৰ ডাঙৰ ডাঙৰ মানুহ আহিলে উপহাৰ বা সন্মান হিচাপে দিয়া গামোচাখন পৰাপক্ষত মুগা সূতাৰে বোৱা গামোচাই দিয়া হয় ৷ বৰ্হিবিশ্বতো বিশেষ সমাদৰ আছে অসমৰ সোণালী সূতাৰ ৷ চৰকাৰেও অসমৰ ৰেচম শিল্পক এক বিশেষ পৰ্যায়লৈ লৈ যোৱাৰ কথা কৈয়েই থাকে ৷ কিন্তু কাৰ্যতঃ...

কেনে আছে বাৰু অসমৰ মুগা পামবোৰ ? কেনেদৰে চলিছে মুগা পালকৰ জীৱন ? চৰকাৰে বিশেষ দৃষ্টি দিছেনে মুগা পালনৰ প্ৰতি ? এনেবোৰ প্ৰশ্নৰ অৱতাৰণা কৰাৰ কাৰণ আছে অৱশ্যে ৷

জলবায়ু পৰিৱৰ্তনৰ লগতে আন কেতবোৰ কাৰণত শেহতীয়াকৈ অসমত হ্ৰাস পাইছে মুগা উৎপাদন ৷ মুগা পালনক এক বৃত্তি হিচাপে গ্ৰহণ কৰি যেন চলিব নোৱৰা হৈছে মুগা পালকসকল ৷ তাৰ মাজতো ৰাজ্যৰ আন কেবাটাও স্থানৰ লগতে ডিব্ৰুগড়ৰ ৰাংচালীত মুগা পালন কৰি আহিছে একাংশ লোকে ৷ কিন্তু শেহতীয়াকৈ এক বিপদ নামি আহিছে তেওঁলোকৰ বাবে ৷ এইক্ষেত্ৰত ডিব্ৰুগড়ৰ এখন ৰেচম পামৰ দুগৰাকী মুগা পালকে প্ৰকাশ কৰিছে নিজৰ মৰ্মবেদনা ৷

লগতে পঢ়ক:সোণালী সূতাৰ দেশত কমিছে পাট-মুগা সূতাৰ উৎপাদন - Cultivation of silkworms

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ খোৱাং ৰাংচালীত অৱস্থিত চৰকাৰী ৰেচম পামত ৰেচম বিভাগৰ পৰ্যৱেক্ষণত নিজা খৰচত মুগা পালন কৰি আহিছে একাংশ মুগা পালকে ৷ দূৰ-দূৰণিৰ পৰা অহা মুগা পালকসকলে সম্পূৰ্ণ নিজা খা-খৰচেৰে মুগা পালন কৰি ৰেচম উদ্যোগলৈ বৃহৎ অৰিহনা যোগাই আহিছে ৷ বৰ্তমান চৰাইদেউ জিলাৰ পাটসাঁকো, চেপন আদি অঞ্চলৰ বহুকেইগৰাকী মুগা পালকে মুগা পুহি আছে এই পামখনত ৷ কিন্তু পামখনৰ নিচেই কাষতে থকা দুলীয়াবাম চাহ বাগিচাৰ কৰ্তৃপক্ষৰ চৰম মইমতালিৰ বাবেই মুগা পালকসকল গভীৰ সংকটৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছে ৷

জানিব পৰা মতে, মুগা পালকসকলৰ লগতে জিলা ৰেচম বিভাগৰ তৰফৰ পৰাও বাগিচাখনৰ পৰিচালকক মুগা পালনৰ সময়ত চাহ বাগিচাত কীটনাশক প্ৰয়োগ নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে লিখিত পত্ৰ প্ৰদান কৰিছিল । কিন্তু বাগিচাৰ পৰিচালকে এই বিষয়ত গুৰুত্ব প্ৰদান নকৰি চূড়ান্ত মইমতালিৰে ৰেচম পামখনৰ কাষতে থকা চাহ বাগিচাত কীটনাশক প্ৰয়োগ কৰাত শ শ মুগা মৃত্যুমুখত পৰা বুলি অভিযোগ উঠিছে ৷

লগতে পঢ়ক:ৰুষ্ট প্ৰকৃতিয়ে দিশহাৰা কৰিছে মুগাপালকক - Muga Farmers Condition

মুগাবোৰ মৰি যোৱাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হোৱা মুগা পালকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ এইক্ষেত্ৰত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ৰেচম বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মুগা পালকসকলে ৷

শ শ মুগা পলুৰ মৃত্যুক লৈ কি কয় পালকসকলে:

চৰকাৰৰ ৰেচম বিভাগৰ সহায় অবিহনে ব্যক্তিকেইজনে নিজা প্ৰচেষ্টাৰেই চলাই গৈছে এই মুগা খেতি । এতিয়া শ শ মুগা পলুৰ অকাল মৃত্যুত লোকচানৰ সন্মুখীন হ'ব । পালকসকলে জনোৱা মতে চাহ বাগিচাৰ পৰিচালকক বহুবাৰ লিখিত আবেদন কৰা হৈছিল চাহ বাগিচাত কীটনাশক ব্যৱহাৰ নকৰিবলৈ ।

জিলা আয়ুক্তৰ পৰাও পত্ৰ আনি প্ৰদান কৰা হৈছিল চাহ বাগিচাখনৰ পৰিচালকক । কিন্তু পৰিচালকে কোনো আবেদনক গুৰুত্ব নিদি চাহ বাগিচাত কীটনাশক প্ৰয়োগ কৰা পাছতেই এতিয়া মুগা পলুসমূহ মৰি গৈছে । ৰেচম বিভাগৰ বিষয়াই ঘটনা বুজ লৈছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি মুগা পালকসকলে জনাইছে ।

লগতে পঢ়ক:দুকুৰিৰো অধিক মুগা পালকৰ পানীত হাঁহ নচৰা অৱস্থা - Muga Farmers Condition

ABOUT THE AUTHOR

...view details