কলিয়াবৰ, 19 মে’ : কলিয়াবৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ ৷ কলিয়াবৰৰ উলুৱনীত অবাধে গছ কটাৰ অভিযোগ ৷ গছ কাটি তহিলং কৰা অভিযুক্তৰ বিৰুদ্ধে উলুৱনী আৰক্ষী নিৱেশত ৰাইজে দাখিল কৰিলে এজাহাৰ ৷ উলুৱনীৰ সমূহীয়া শ্মশান আৰু সাপ্তাহিক বজাৰত সংঘটিত হৈছে এই ঘটনা ৷ অভিযোগ মতে, উলুৱনী সমূহীয়া শ্মশান সমিতিয়ে সৰু-সৰু গছ আৰু জংঘল চাফা কৰি চন্দন গছৰ পুলি ৰোপণৰ পৰিকল্পনা কৰিছিল ৷ তাৰে সুবিধা লৈ একাংশ দুষ্কৃতিকাৰীয়ে শ্মশান আৰু সাপ্তাহিক বজাৰ চৌহদত থকা এশ-ডেৰশ বছৰীয়া গছ আৰু গছৰ ডাল কাটি বিক্ৰী কৰাৰ অভিযোগ উঠিছে ৷ এনে পুৰণি গছ কটা কাৰ্যক সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে ৷
উল্লেখযোগ্য যে, উলুৱনী চিকিৎসালয়ৰ সমীপতে থকা শুকুৰবৰীয়া সাপ্তাহিক পূজাৰ প্ৰাংগনত থকা শতায়ু গৰকা এডাল বৃহৎ কলেৱৰৰ শিমলু গছৰ লগতে আঁহত গছৰ ডাল কটাৰ লগতে কাষৰীয়া শ্মশানখনৰো প্ৰায় বাৰ-চৈধ্য জোপা পূৰঠ গছ কাটি পৰিৱেশ বিনষ্ট কৰাক লৈ স্থানীয় ৰাইজ অসন্তুষ্ট হৈ পৰে ৷ সৰু-সৰু গছেৰে শোভা কৰা বজাৰখনৰ পৰিৱেশ চাবলৈ দেশী পৰ্যটকৰো প্ৰায়ে আগমন ঘটে সেই ঠাইলৈ ৷ লগতে বজাৰৰ ব্যৱসায়ী আৰু গ্ৰাহককো গছকেইজোপাই প্ৰখৰ ৰ'দৰ পৰা ৰক্ষা কৰে ৷