বাগুৰুম্বা নৃত্যত ৰঙীন জোনাইৰ লকলুং খেলপথাৰ জোনাই,১৩ এপ্ৰিল: ৰঙালীৰ ৰঙত ৰঙীণ হৈ পৰিছে ৰাজ্য । উজনিৰ পৰা নামনিলৈ বৈছে উচাহৰ ঢল ৷ সমান্তৰালভাৱে ধেমাজি জিলাৰ জোনাইতো বড়ো জনগোষ্ঠীৰ লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে বৈশাগু উৎসৱ । চিফুং,খাম, জঠা, চেৰজাৰ চেওত মতলীয়া হৈ পৰিল বড়ো চিখলাফৌৰ । বড়ো ডেকা-গাভৰুৰ বাগুৰুম্বা নৃত্য প্ৰদৰ্শনত প্ৰাণময় হৈ পৰে চমংকঙৰ লকলুং গেলেগ্ৰা পথাৰ ।
সানজাৰি নৌগৌৰ বৈশাগু আফাডৰ উদ্যোগত নৱম বাৰ্ষিক ৰংজালি বৈশাগু আদৰণি উৎসৱ লকলুং পথাৰত উলহ-মালহেৰে উদযাপন কৰা হয় । পুৱা ৬ বজাত গৰু ধুওৱাৰ পাচত পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰে সানজাৰি নৌগৌৰ বৈসাগু ফূৰবো আফাডৰ সভাপতি সুকুৰাম ব্ৰহ্মই ।
ইয়াৰ পাচতে ৰংজালি বৈশাগু আদৰণি উৎসৱ বড়ো নৃত্যৰে আৰম্ভ হয় । অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ আগবঢ়াই লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড৹ কালিদাস ব্ৰহ্মই কয় স্বকীয় চহকী পৰম্পৰা, ক'লা-কৃষ্টি, সংস্কৃতিসমূহৰ উদ্ধাৰ, চৰ্চা, সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সকলোৱে আগবাঢ়ি আহিলেহে জাতিৰ পৰিচয় অক্ষুন্ন থাকিব ৷ ৰংজালি বৈসাগু হৈছে বড়োসকলৰ প্ৰাণৰো প্ৰাণ আৰু সংস্কৃতিৰ ধ্বজাবাহক ।
বিশিষ্ট অতিথি হিচাপে বি কে ডব্লিউ এ চিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী, এবছুৰ সম্পাদক বডোছা ব্ৰহ্ম,বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী আমন্ত্ৰিত অতিথি হিচাপে বড়ো সাহিত্য সভা ইউবিপিঅ, আবৌফ, এবছু, প্ৰাক্তন এনডিএফবিৰ বহু সংখ্যক নেতা, কেবাজনো সমাজকৰ্মী, জনপ্ৰতিনিধি উপস্থিত থাকে । অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ড৹ প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে সাৰুৱা বক্তব্য আগবঢ়ায় ।
লগতে পঢ়ক:গোলাঘাটত মিচিং গুমৰাগ নৃত্য কৰ্মশালাৰ সফল সামৰণি - Mising Gumrag