সৰুপথাৰ, ২৬ জুলাই : আজিৰে পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক । ইতিমধ্যে বিশ্ব ইতিহাস ৰচনাৰ লক্ষ্যৰে পেৰিছত উপস্থিত হৈছে প্ৰতিগৰাকী খেলুৱৈ ৷ ব্যতিক্ৰম নহয় অসম সন্তান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ পুনৰ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে বক্সাৰ লাভলীনা বৰগোঁহাই । টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে বিশ্বৰ বক্সিং ৰিঙত ইতিহাস ৰচিব লাভলীনাই ৷ আশাবাদী তেওঁৰ পিতৃ-মাতৃৰ লগতে অসমবাসী ৷ ৩১ তাৰিখে বক্সিং ৰিঙত নামিব লাভলীনা ৷
লাভলীনা বৰগোঁহাই পিতৃ টিকেন বৰগোঁহায়ে উল্লেখ কৰা অনুসৰি, এইবাৰৰ অলিম্পিক গেমছত অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ ল’ব লাভলীনা বৰগোহাঁয়ে । লক্ষণীয় বিষয় যে টকিঅ' অলিম্পিকত লাভলীনা বৰগোঁহায়ে ৬৯ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হৈছিল যদিও এইবাৰৰ অলিম্পিকত ৭৫ কেজি ওজনৰ শাখাত অৱতীৰ্ণ হ'ব অসম কন্যাগৰাকী ।
লগতে পঢ়ক :পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN
উল্লেখ্য যে, ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক । ৩১ জুলাইত বক্সিং ৰিঙত নামিব লাভলীনায়ে । নৰৱে’ৰ চুনিবা হবষ্টেৰ সৈতে প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব লাভলীনা বৰগোঁহায়ে । ধনশিৰিবাসীয়ে লাভলীনাক বক্সিং ৰিঙত পুনৰবাৰ ইতিহাস ৰচিবলৈ জনাইছে অযুত শুভেচ্ছা ।