গুৱাহাটী, ২১ ফেব্ৰুৱাৰী:"ভাৰতীয় জনতা পার্টীয়ে সদায়েই বিশ্বাস কৰে যে জাতি, মাটি, ভেটি সুৰক্ষিত হৈ থাকিলেহে অসমীয়া তথা ভাৰতীয় সমাজ সদায় সুৰক্ষিত হৈ থাকিব । এয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ কোনো শ্লোগান নহয়, ব্যৱহাৰিকভাৱে এইক্ষেত্ৰত কেনেদৰে সফলতাৰে ৰাইজলৈ সেৱা আগবঢ়াইছে তাৰ প্ৰমাণ অসমবাসীয়ে 'মিছন বসুন্ধৰা' আঁচনিৰ জৰিয়তে প্রত্যক্ষ কৰিছে।" বুধবাৰে এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্র মাৰ্ঘেৰিটাই ৷
আজি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কার্যালয়ত এক সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে কয় যে মাটি-বাৰী সংক্রান্তীয় সকলো কাম ডিজিটাইজেশ্যনৰ জৰিয়তে সৰলীকৃত কৰি লিপিবদ্ধ কৰাৰ সমান্তৰালভাৱে অসমৰ ৰাইজে মাটি-বাৰী সংক্রান্তীয় সকলো সমস্যাৰ ফলপ্রসূ সমাধানৰ কাৰণে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে 'মিছন বসুন্ধৰা' আঁচনিৰ অধীনত নিৰলসভাৱে কাম কৰি আছে। এই আঁচনিৰ প্ৰথম পর্যায় ইতিমধ্যে সফলভাৱে সমাপন হোৱাৰ পিচত 'মিছন বসুন্ধৰা-২.০' য়ো সফলভাৱে আগবাঢ়িছে ।