অসম

assam

ETV Bharat / state

'২৪ ৰ ৰাজনীতি: কোনে কি পালে, কোনে কি হেৰুৱালে ? কাৰ লাভ, কাৰ লোকচান ? - YEAR ENDER 2024

বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হ’ল এই বছৰটো । ৰাজনৈতিক ক্ষেত্রখনত বহু নতুনত্ব দেখা গ'ল বিদায়ী বৰ্ষটোত ।

Overview of 2024 in The Political Context of Assam
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ২০২৪ বৰ্ষৰ পৰিক্ৰমা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 7:21 PM IST

গুৱাহাটী:এটা বছৰক বিদায় দি আন এটা বছৰক আদৰিবলৈ সাজু হৈছে সকলো । ইয়াৰ পাছতেই ইতিহাস হৈ পৰিব ২০২৪ চনটো । আৰম্ভ হ'ব ইতিহাস গঢ়াৰ আন এটা নতুন বছৰ । বিভিন্ন ক্ষেত্রৰ লগতে ২০২৪ চনটো অসমৰ ৰাজনীতিৰ বাবে আছিল অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ । বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হ’ল এই বছৰটো । ৰাজনৈতিক ক্ষেত্রখনত বহু নতুনত্ব দেখা গ'ল বিদায়ী বৰ্ষটোত ।

বিদায়ী বৰ্ষটো বিজেপিৰ বাবে বিশেষ সফলতাৰ বৰ্ষ আছিল । আনহাতে বিৰোধী শিবিৰৰ বাবে বছৰটো আশানুৰূপ নাছিল যদিও কংগ্ৰেছৰ বাবে আশাৰ সঞ্চাৰ কৰা বছৰ আছিল ২০২৪ বৰ্ষটো । নিৰাশাৰ মাজতো আশাৰ কিৰণ দেখিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দলে । বিশেষকৈ লোকসভা নিৰ্বাচনত লাভ কৰা তিনিখন আসনৰ ক্ষেত্রত কংগ্ৰেছৰ এক বিশেষ সফলতা আছিল ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত লোকসভা নিৰ্বাচন :

অসমত ২০২৩ বৰ্ষত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল আৰু ২০২৪ বৰ্ষত হৈছিল লোকসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমত লোকসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰেই ১৪ টা আছিল যদিও সীমাৰ যথেষ্ট সাল-সলনি হৈছিল । সেইদৰে সমষ্টি পুনৰ নিৰ্ধাৰণত ১৯ টা বিধানসভা সমষ্টিৰ লগতে দুটা লোকসভা সমষ্টিৰ নতুন নামাকৰণ হৈছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ হোৱা লোকসভা নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছিল । লোকসভা নিৰ্বাচনে অসমৰ ৰাজনৈতিক ক্ষেত্রখনক বিভিন্ন ধৰণে যথেষ্ট প্ৰভাৱিত কৰিছিল ।

লোকসভা নিৰ্বাচন আছিল বৰ্ষটোৰ উল্লেখনীয় দিশ :

বিদায়ী বৰ্ষটোত ৰাজনৈতিক ক্ষেত্রখনৰ বাবে উল্লেখনীয় দিশ আছিল লোকসভা নিৰ্বাচন । অসমত তিনিটা পৰ্যায়ত ক্ৰমে ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে' অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন । ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । সেইদৰে দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাওঁ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

আনহাতে তৃতীয় পৰ্যায়ত ৭ মে’ত বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল । ৪ জুনত হৈছিল ভোটগণন‌া । ১৪ টা সমষ্টিৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ১৪৩ গৰাকী প্ৰাৰ্থী । লোকসভা নিৰ্বাচনত অসমত ভোটদানৰ হাৰ আছিল ৮১.৫৬ শতাংশ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা লোকসভা নিৰ্বাচনে যথেষ্ট তাৎপৰ্য বহন কৰিছিল । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিসমূহৰ ৰূপৰেখা যথেষ্ট সলনি হৈছিল । লোকসভা নিৰ্বাচনত শাসকীয় দল বিজেপি আৰু মিত্রদলে ১১খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে তিনিখন আসন লাভ কৰিছিল । বিজেপিয়ে ৯ খন লাভ কৰাৰ লগতে মিত্রদল অগপই এখন আৰু ইউ পি পি এলে এখন আসন লাভ কৰিছিল ।

বছৰটোত সাংসদ হ'ল পাঁচগৰাকীকৈ বিধায়ক :

বিদায়ী বৰ্ষটো পাঁচগৰাকীকৈ বিধায়কৰ বাবে উল্লেখযোগ্য বৰ্ষ আছিল । বৰ্ষটোত তেওঁলোকে ৰাজ্যৰ ৰাজনীতিৰ পৰা সাংসদ হিচাপে দিল্লীলৈ গমন কৰিলে । বৰ্ষটোত হোৱা লোকসভা নিৰ্বাচনত আঠগৰাকীকৈ বিধায়কে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু জয়ী হৈছিল পাঁচগৰাকী । পুৰণি ধলাই সমষ্টিক প্ৰতিনিধিত্ব কৰা পৰিমল শুক্লবৈদ্যই শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হৈছিল । সেইদৰে বঙাইগাঁৱক প্ৰতিনিধিত্ব কৰা অগপৰ ফণীভূষণ চৌধুৰীয়ে বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল । সৰভোগক প্ৰতিনিধিত্ব কৰা চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰেও বৰপেটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও পৰাজিত হয় ।

আনহাতে বিহালীক প্ৰতিনিধিত্ব কৰা ৰঞ্জিত দত্তই শোণিতপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হৈছিল । ধিঙক প্ৰতিনিধিত্ব কৰা এ আই ইউ ডি এফৰ আমিনুল ইছলামে নগাঁৱৰ পৰা অৱতীৰ্ণ হৈছিল যদিও পৰাজিত হয় । নগাঁৱত জয়ী হয় কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ । সেইদৰে কলাইগাঁৱক প্ৰতিনিধিত্ব কৰা বি পি এফৰ দুর্গাদাস বড়োৱে দৰং-ওদালগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও পৰাজিত হয় । চিদলীক প্ৰতিনিধিত্ব কৰা ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰৰ পৰা অৱতীৰ্ণ হৈ জয়ী হয় । আনহাতে চামগুৰিক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াই অভিলেখ ভোটৰ ব্যৱধানত জয়ী হয় ।

পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন :

লোকসভা নিৰ্বাচনত পাঁচগৰাকী বিধায়ক জয়ী হৈ সাংসদ হিচাপে দিল্লীলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ২০২৪ বৰ্ষত পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন । উপ-নিৰ্বাচনত পাঁচখন আসনতে বিজেপি আৰু বিজেপিৰ মিত্রদলে বিজয় সাব্যস্ত কৰে । বিজেপিয়ে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিটা সমষ্টি ক্ৰমে বিহালী, ধলাই আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হয় । আনহাতে বিজেপিৰ মিত্রদল অগপই বঙাইগাঁৱ সমষ্টিত আৰু ইউ পি পি এলে চিদলী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰে ।

আনহাতে কংগ্ৰেছ দলে পাঁচটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যদিও পৰাজিত হয় । উপ-নিৰ্বাচনত ধলাইৰ পৰা বিজেপিৰ নিহাৰ ৰঞ্জন দাস, বিহালীৰ পৰা বিজেপিৰ দিগন্ত ঘাটোৱাল, বঙাইগাঁৱৰ পৰা অগপৰ দীপ্তিময়ী চৌধুৰী, চিদলীৰ পৰা ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰিৰ পৰা বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মা জয়ী হয় । লক্ষণীয় বিষয় যে কংগ্ৰেছৰ শক্তিশালী নেতা তথা সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰি সমষ্টিত বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মাই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় । সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ পুত্র তানজিল হুছেইন পৰাজিত হয় ।

একমাত্র কংগ্ৰেছৰ বাবে বিদায়ী বৰ্ষটোত বিঘ্নিত হ'ল বিৰোধী ঐক্য :

বিজেপিক প্ৰতিহত কৰাৰ বাবে ২০২৩ বৰ্ষত বিৰোধী শক্তি ঐক্যবদ্ধ হৈছিল যদিও ২০২৪ বৰ্ষত কংগ্ৰেছৰ বাবে বিঘ্নিত হ'ল । কংগ্ৰেছৰ নেতৃত্বত ১৫ টাকৈ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ । পৰৱৰ্তী সময়ত ২০২৪ বৰ্ষৰ ৫ অক্টোবৰত বিৰোধী ঐক্য মঞ্চৰ নাম সলনি কৰি 'অসম সন্মিলিত মৰ্চা' চমুকৈ 'অসম' কৰা হয় । ২০২৩ বৰ্ষত ৰাজনৈতিক ক্ষেত্রখনত বিশেষভাৱে চৰ্চাত থকা বিৰোধী ঐক্য লোকসভা নিৰ্বাচনৰ সময়তে বিঘ্নিত হয় । কংগ্ৰেছ দলে লোকসভাৰ ১৪খন আসনৰ ভিতৰত ১৩খনত নিজৰ প্ৰাৰ্থী দিয়াৰ বিপৰীতে একমাত্র ডিব্ৰুগড় আসনখন মিত্রদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিছিল ।

বিৰোধী ঐক্যত থকা আন দলক আসন এৰি নিদিয়াত আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ, চি পি আই এম, চি পি আই আদি মিত্রদলে মিত্রতাৰ বিপৰীতে নিজাকৈ প্ৰাৰ্থী দিছিল । কাৰ্যতঃ বিৰোধী ঐক্য নামতেহে আছিল লোকসভা নিৰ্বাচনত । কিন্তু উপ-নিৰ্বাচনৰ সময়ত একপ্ৰকাৰ সম্পূৰ্ণ ৰূপে বিঘ্নিত হয় বিৰোধী ঐক্য । কংগ্ৰেছ দলে আঁকোৰগোজ স্থিতি লৈ উপ-নিৰ্বাচনত পাঁচখন আসনতে নিজৰ প্ৰাৰ্থী দিয়াত ক্ষোভিত হৈ পৰিছিল বিৰোধী ঐক্যৰ দলসমূহ ।

অসম সন্মিলিত মৰ্চাৰ দলসমূহে একমাত্র বিহালী সমষ্টিটো কংগ্ৰেছৰ পৰা বিচাৰিছিল । চি পি আই এম এলৰ নেতা বিবেক দাসক অসম সন্মিলিত মৰ্চাই বিহালীৰ পৰা প্ৰাৰ্থী হিচাপে থিয় কৰাব বিচাৰিছিল । কিন্তু কংগ্ৰেছ দলে বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি জয়ন্ত বৰাক নিশাৰ ভিতৰতে বিহালীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে । যিজন জয়ন্ত বৰাই বিজেপি ত্যাগ কৰি আহিছিল আৰু কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বেই কংগ্ৰেছৰ হৈ বিহালীৰ পৰা টিকট লাভ কৰিছিল ।

কংগ্ৰেছৰ এনে স্থিতিত ক্ষোভিত হৈ অসম সন্মিলিত মৰ্চাই কংগ্ৰেছক মৰ্চাৰ পৰা আঁতৰ কৰি দিয়ে । কংগ্ৰেছক আঁতৰ কৰি সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হয় । বৰ্তমান কংগ্ৰেছ অবিহনে আছে অসম সন্মিলিত মৰ্চা । অৱশ্যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য ৰূপৰেখা পুনৰ সলনি হোৱাৰ সম্ভাৱনা আছে । পুনৰ কংগ্ৰেছ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা প্ৰৱল ।

আঞ্চলিক ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ :

বিদায়ী বৰ্ষটোৰ ৰাজনৈতিক ক্ষেত্রৰ আন এক উল্লেখনীয় দিশ আছিল আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ উমৈহতীয়া মঞ্চ গঠন । ৰাজ্যৰ লগতে উত্তৰ-পূবৰ আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ’ল হিল লীডাৰ্ছ কনফাৰেন্সৰ উদ্যোগত ২০২৪ গঠন কৰা হয় ‘অসম আঞ্চলিক মৰ্চা’ । গুৱাহাটীত হোৱা কেইবাখনো বৈঠকৰ পাছত এই মৰ্চা গঠন কৰা হয় । চাৰিটা দলৰ সভাপতিক আহ্বায়ক আৰু ভাস্কো ডি শইকীয়াক সমন্বয়ক হিচাপে লৈ এখন সমিতি গঠন কৰা হয় ।

এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ পৰাজয় :

২০২৪ বৰ্ষটো এ আই ইউ ডি এফৰ বাবে আছিল বিফলতাৰ বৰ্ষ । বিশেষকৈ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে বৰ্ষটোত বিশাল পৰাজয়ৰ সন্মূখীন হ'বলগীয়া হয় । বছৰটোত সংসদত শূন্য হ'ল এ আই ইউ ডি এফ । লোকসভা নিৰ্বাচনত পৰাজিত হ'ল ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল । অভিলেখ ভোটৰ ব্যৱধানত পৰাজিত হ'বলগীয়া হ'ল বদৰুদ্দিন আজমল । এখন আসনেৰে সংসদীয় ৰাজনীতিত থকা এ আই ইউ ডি এফ দলে সেইখনো হেৰুৱাব লগা হ'ল ।

ৰকিবুল হুছেইনৰ বৃহৎ জয় :

২০২৪ চনটো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ বাবে বৃহৎ সাফল্যৰ বৰ্ষ আছিল । ৰাজ্যৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ গমন কৰা ৰকিবুল হুছেইনে দীৰ্ঘদিন ধৰি বিধায়ক হিচাপে চামগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছিল । কিন্তু লোকসভা নিৰ্বাচনত তেওঁ ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল । যিটো সমষ্টি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ দুৰ্গ আছিল ।

তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত অৱতীৰ্ণ হৈ ৰকিবুল হুছেইনে কেৱল জয়ী হোৱাই নহয় ভোটৰ ব্যৱধানত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । ৰকিবুল হুছেইনে ধুবুৰীত অভিলেখ সংখ্যক ১৪,৭১,৮৮৫টা ভোট লাভ কৰি জয়ী হৈছিল । তেওঁ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলক পৰাস্ত কৰিছিল । এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে লাভ কৰিছিল ৪,৫৯,৪০৯টা ভোট । ৰকিবুল হুছেইনে ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয়ী হৈ দেশৰ ভিতৰতে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ।

গৌৰৱ গগৈৰ বাবে সাফল্যৰ বৰ্ষ :

শাসকীয় দল বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰাৰ পাছতো যোৰহাটত জয়ী হৈ অহাটো আছিল গৌৰৱ গগৈৰ ২০২৪ বৰ্ষৰ অন্যতম সাফল্য । কলিয়াবৰ লোকসভাক প্ৰতিনিধিত্ব কৰা সাংসদ গৌৰৱ গগৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । গৌৰৱ গগৈক পৰাজিত কৰাৰ বাবে বিজেপি দল আৰু চৰকাৰে উঠিপৰি লাগিছিল যদিও সফল হ'ব নোৱাৰিলে । সকলো প্ৰত্যাহ্বান নেওচি গৌৰৱ গগৈয়ে বিজেপিৰ তপন কুমাৰ গগৈক পৰাজিত কৰিবলৈ সক্ষম হয় । যোৰহাটত কংগ্ৰেছৰ এই সাফল্যক লৈ একপ্ৰকাৰ বিজেপি শংকিত হৈ পৰে ।

যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈৰ জয়ে একপ্ৰকাৰ বাজপেয়ী ভৱনত জোকাৰণিৰ সৃষ্টি কৰিবলৈ সক্ষম হয় । লক্ষণীয় বিষয় যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক পৰাজিত কৰিবৰ কাৰণে বিজেপি তথা মিত্ৰজোঁটৰ বিধায়ক সকলৰ কান্ধত দলে গুৰুদায়িত্ব অর্পণ কৰা হৈছিল । কিন্তু ইয়াৰ পাছতো মাজুলীৰ বাহিৰে আন সকলোবোৰ সমষ্টিতে বিজেপিতকৈ কংগ্ৰেছে অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় ।

যোৰহাট সমষ্টিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযুষ হাজৰীকা, জয়ন্তমল্ল বৰুৱা, ডাঃ ৰণোজ পেণ্ড, অশোক সিংহল, অজন্তা নেওগ, বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক দিগন্ত কলিতা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আদিকে ধৰি বিজেপিৰ প্ৰায়বোৰ শীৰ্ষ নেতাই তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাইছিল । কিন্তু ইয়াৰ পাছতো প্রায় ডেৰ লাখ ভোটত পৰাজিত হ'ল গগৈ । উজনিত গৌৰৱ গগৈৰ এই সাফল্যই কংগ্ৰেছ দললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । আনহাতে গৌৰৱ গগৈক দলীয় নেতৃত্বই এই বছৰ পুনৰ বিৰোধী উপ-দলপতিৰ দায়িত্ব দিয়ে ।

অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ :

বিদায়ী বৰ্ষটোত সম্প্ৰসাৰণ কৰা হয় অসম মন্ত্রীসভাৰ । চাৰিগৰাকী বিধায়কৰ বছৰটোত কঁপাল ফুলিল । আনহাতে অসম মন্ত্রীসভা ১৪ৰ পৰা ১৮ গৰাকীলৈ বৃদ্ধি হ'ল । বছৰটোত মন্ত্রিত্ব লাভ কৰিলে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই । মন্ত্ৰীসভাত বৰাকৰ দুজন বিধায়কে স্থান লাভ কৰিলে । পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰয়ে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰিলে । আনহাতে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই স্থান ল'লে সঞ্জয় কিষাণৰ ।

আনহাতে দলৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে মন্ত্রিত্ব লাভ কৰাটো আছিল উল্লেখযোগ্য । সুদীৰ্ঘ দিন ধৰি ডিব্ৰুগড় বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা প্ৰশান্ত ফুকনে বিজেপি প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ সময়তে মন্ত্ৰিত্ব লাভ কৰিব বুলি আশা কৰিছিল যদিও বাৰে বাৰে তেওঁ বঞ্চিত হৈ আহিছিল । অৱশেষত ২০২৪ বৰ্ষত তেওঁ ভাগ্য উদয় হ'ল । মন্ত্রী হিচাপে প্ৰশান্ত ফুকনে শক্তিৰ উপৰি দক্ষতা, নিযুক্তি আৰু উদ্যমিতা বিভাগ আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব লাভ কৰিছে ।

মন্ত্ৰী কৌশিক ৰায়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপৰি খনি আৰু খনিজ সম্পদ বিভাগ আৰু বৰাক উপত্যকা উন্নয়ন ‌বিভাগৰ দায়িত্ব লাভ কৰিছে । মন্ত্রী কৃষ্ণেন্দু পালে পশুপালন বিভাগ, মীন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সহায়কাৰী হিচাপে লোক নিৰ্মাণ বিভাগৰ দায়িত্ব লাভ কৰিছে । আনহাতে মন্ত্রী হিচাপে ৰূপেশ গোৱালাই শ্ৰম বিভাগ আৰু চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগৰ লগতে গৃহ বিভাগৰ কেতবোৰ নিৰ্দ্দিষ্ট দায়িত্ব লাভ কৰিছে ।

কংগ্ৰেছৰ কেইবাগৰাকী নেতাৰ বিজেপি গমন :

বিদায়ী বৰ্ষটোৰ আৰম্ভনীতে কংগ্ৰেছ দলে বৃহৎ খহনীয়াৰ সন্মূখীন হৈছিল । কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী তথা জেষ্ঠ নেত্রী বিস্মিতা গগৈ আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্রী অংকিতা দত্তই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ২০২৪ বৰ্ষত । গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা বিশাল যোগদান সমাৰোহত দুয়োগৰাকী নেত্রীয়ে আনুষ্ঠানিকভাৱে শাসকীয় দল বিজেপিৰ ছত্রছায়ালৈ আহিছিল । লক্ষণীয় বিষয় যে সেই একেটা অনুষ্ঠানতে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ, প্ৰাক্তন উপদেষ্টা প্রকাশ চন্দ্র দাস, বিত্তীয় সম্পাদক মিলন চন্দ্ৰ ৰায়, প্রাক্তন কার্যালয় সম্পাদক ফণী পাঠক, প্রাক্তন প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, প্রাক্তন কেন্দ্রীয় কার্যনির্বাহক সদস্য গোপাল চন্দ্র দাসকে ধৰি আছুৰ কেইবাগৰাকী বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াই বিজেপিত যোগদান কৰিছিল ।

আনহাতে বছৰটোত কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে পৰিধান কৰিছিল গেৰুৱা বসন । এসময়ত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অত্যন্ত বিশ্বাসভাজন আছিল ৰাণা গোস্বামী । প্রয়াত তৰুণ গগৈয়ে ৰাণা গোস্বামীক দিছিল গৃহ বিভাগৰ সংসদীয় সচিবৰ গুৰুদায়িত্ব । সময়ৰ গতিত ৰাণা গোস্বামীয়ে লাভ কৰিছিলগৈ প্রদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দৰে অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদ । কিন্তু তেওঁৰ বাবে যেন সেয়া যথেষ্ট নাছিল ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেইবাদশকজোৰা কংগ্ৰেছী আদর্শ ত্যাগ কৰি ৰাণা গোস্বামী বিজেপিৰ শৰণাপন্ন হৈছিল । সেইদৰে বছৰটোৰ মাৰ্চ মাহত বিজেপি দলত যোগদান কৰিছিল প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই । সুদীৰ্ঘ পাঁচটা দশকৰো অধিক সময় কংগ্ৰেছ কৰা জেষ্ঠ নেতাজনে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছিল । তদুপৰি মানস বৰাকে ধৰি কংগ্ৰেছৰ বহু কেইজন নেতাই বছৰটোত বিজেপিৰ আশ্ৰয়লৈ আহে ।

অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান :

বছৰটোত নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা জেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰাটো আছিল উল্লেখনীয় দিশ । বিজেপিৰ সকলো মায়া-মোহ ত্যাগ কৰি ৯ আগষ্টত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক, আৰ এছ এছ নেতা তথা বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই । ২ আগষ্টৰ দিনা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ পদত্যাগ পত্ৰ প্ৰদান কৰিছিল অশোক শৰ্মাই । দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি অশোক শৰ্মাই দলৰ মজিয়াত লাঞ্চনা পোৱাৰ বাবেই দল এৰা বুলি মন্তব্য কৰিছিল ।

চাৰিখনকৈ শান্তি চুক্তি সন্দৰ্ভত বৈঠক :

ৰাজনৈতিক প্ৰেক্ষাপটত বছৰটোৰ আন এক উল্লেখযোগ্য দিশ আছিল শান্তি চুক্তি সম্পৰ্কীয় বৈঠক । চাৰিখনকৈ শান্তি চুক্তি সন্দৰ্ভত গুৱাহাটীৰ কইনাধৰাত কেন্দ্ৰীয় গৃহ সচিবৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল ৫ নৱেম্বৰত । ৰাজ্যৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰে হোৱা শান্তি চুক্তি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে গুৱাহাটীলৈ আহিছিল কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন । ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে অসমৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰিছে যদিও চুক্তিৰ বিষয়টো আগবঢ়া নাছিল ।

শান্তি চুক্তিক গতি প্ৰদান কৰাৰ লক্ষ্যৰে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে চাৰিখনকৈ শান্তি চুক্তি সন্দৰ্ভত গুৱাহাটীৰ কইনাধৰাত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হৈছিল । কেন্দ্ৰীয় গৃহ সচিবগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত চুক্তি স্বাক্ষৰ কৰা সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰিছিল । আদিবাসী চুক্তি, কাৰ্বি চুক্তি, ডি এন এল এ আৰু আলফা চুক্তি সন্দৰ্ভত চুক্তি স্বাক্ষৰকাৰী সকলৰ লগত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল । বিদায়ী বৰ্ষটোত অসমৰ ৰাজনৈতিক ক্ষেত্রখন বহু স্মৃতিৰ সাক্ষী হৈ ৰ'ল । মুঠৰ ওপৰত বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হৈ ইতিহাসৰ পাতত এতিয়া বিলীন হােৱাৰ দিশে ২০২৪ বৰ্ষটো ।

লগতে পঢ়ক:আজি লোকসভাত উত্থাপন হ’ব 'এক দেশ, এক নিৰ্বাচন' বিধেয়ক: বিজেপি-কংগ্ৰেছ দুয়ো দলৰে হুইপ জাৰি - ONE NATION ONE ELECTION

মছজিদত 'জয় শ্ৰীৰাম' ধ্বনি দিয়াটো কেনেকৈ অপৰাধ হব পাৰে ? উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন - SUPREME COURT ON JAI SRI RAM

ABOUT THE AUTHOR

...view details