গুৱাহাটী, ১২ আগষ্ট :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিক লৈ বিভিন্ন বিতৰ্ক অব্যাহত আছে । কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ সম্পত্তি সন্দৰ্ভত দিয়া ৰাজহুৱা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহে ।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে এক অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত প্ৰকাশ কৰিছিল, "ৰিণিকি ভূঞাই যি কৰিছে সেয়া অসমৰ ৰাইজৰ কাৰণে কৰিছে । লগত লৈ নাযায় । মোৰ ল'ৰাৰ নামত একো নাথাকে । সকলো অসমৰ ৰাইজৰ হ'ব । ৰিণিকিৰ সকলোবোৰ সম্পত্তি অসমৰ সম্পত্তি । স্কুল, ৰিজ'ৰ্ট, নিউজ লাইভ সকলো অসমৰ সম্পত্তি ।"
তেওঁ লগতে উল্লেখ কৰে, "উইলত সকলো কথা গম পাব । মোৰ ল'ৰা-ছোৱালীক একো নালাগে । নিউজ লাইভৰ উপাৰ্জন হোৱাইট, গতিকে পেলাই দিব নেকি ? কিবাতো কৰিব লাগিব ।"
এ পি চি চিৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া : ১০০ দিনৰ ভিতৰত বাজেয়াপ্ত কৰা হ’ব মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি
মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পিছতে এই বিষয়ত মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । ভূপেন বৰাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ অবাধ সম্পত্তি সন্দৰ্ভত উত্থাপিত অভিযোগৰ উত্তৰত 'এইবোৰ ৰাইজৰে সম্পত্তি' বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আগন্তুক ২০২৬ বৰ্ষত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ ১০০ দিনৰ ভিতৰত এছ আই টি (Special Investigative Team) গঠন কৰি আয়তকৈ অধিক সম্পত্তিৰ হিচাপ উলিওৱা হ'ব । আয়বহিৰ্ভূত সম্পত্তি বাজেয়াপ্ত কৰা হ'ব আৰু বাজেয়াপ্ত কৰা সকলো সম্পত্তি বিক্ৰী কৰি পোৱা ধন ৰাজভঁৰালত জমা কৰা হ'ব । পত্নীৰ সম্পত্তি যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰে গঠন কৰি দিয়া এছ আই টিৰ দ্বাৰা বাজেয়াপ্ত কৰা হ'ব সেই কথাৰ পূৰ্বানুমান মুখ্যমন্ত্ৰীয়ে ঠিকেই কৰিছে ।"
ভূপেন বৰাই লগতে কয়, "২০২৬-ত অসমৰ ৰাইজে দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওফৰাই কংগ্ৰেছ চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ইতিমধ্যে পণ লোৱা বুলি বিজেপিৰ নেতৃত্বই বুজি উঠিছে । যাৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতাৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু দলৰ মাজত বিসম্বাদ বৃদ্ধি পাইছে ।"