অসম

assam

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 3:23 PM IST

ETV Bharat / state

কা সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ‌ সাক্ষাৎ বিচাৰি বিৰোধী ঐক্য মঞ্চৰ‌ পত্ৰ

Opposition parties oppose CAA implementation : কা বাতিলৰ দাবীত নিজৰ স্থিতিত অটল আছে ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চ ৷ কা বাতিলৰ দাবীত বিৰোধী ঐক্য মঞ্চই প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে পত্ৰ ৷

কা সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ‌ সাক্ষাৎ বিচাৰি বিৰোধী ঐক্য মঞ্চৰ‌ পত্ৰ
কা সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ‌ সাক্ষাৎ বিচাৰি বিৰোধী ঐক্য মঞ্চৰ‌ পত্ৰ

গুৱাহাটী, 5 মাৰ্চ :অসমৰ বিৰোধী ঐক্য মঞ্চই কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অসমত কা বলৱৎ কৰাৰ বাবে ঘোষণা কৰা বিষয় সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি শেহতীয়াকৈ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ।

কা সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ‌ সাক্ষাৎ বিচাৰি বিৰোধী ঐক্য মঞ্চৰ‌ পত্ৰ

বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ‌ স্বাক্ষৰিত পত্ৰখনত উল্লেখ কৰা মতে, ১৬ টা ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় ৰাজনৈতিক দলৰে গঠিত বিৰোধী ঐক্য মঞ্চ, অসমৰ হৈ আগন্তুক লোকসভা নিৰ্বাচন 2024-ৰ পূৰ্বে অসমত নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰৱৰ্তনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰা ঘোষণাৰ পৰা শেহতীয়াকৈ উদ্ভৱ হোৱা অসমৰ পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ মঞ্চৰ প্ৰতিনিধিৰ লগত প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচৰা হয় ।

লগতে পঢ়ক :কা বাতিলৰ দাবীত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ বিৰোধী ঐক্যমঞ্চৰ

পত্ৰখনত উল্লেখ কৰা হয় যে অসমৰ জনসাধাৰণ, বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন মহলে সংসদত নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰৱৰ্তন কৰাৰ তাৰিখৰ পৰাই ইয়াৰ বিৰোধিতা কৰিছিল । 2019 চনৰ ডিচেম্বৰ মাহত আৰু ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বে 2020 চনৰ প্ৰাৰম্ভিক সময়ছোৱাত অসমৰ সকলো ক্ষেত্ৰৰ জনসাধাৰণে উক্ত আইনখন প্ৰত্যাহাৰ কৰাৰ দাবীত কেইবা মাহ ধৰি একেলগে আন্দোলন কৰি আছিল আৰু আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীচালনাত অসমৰ 5 জন যুৱক নিহত হোৱাৰ উপৰিও বহুত লোক আহত হৈছিল ।

লগতে পঢ়ক :পৰীক্ষাৰ্থীৰ বাবে 6 মাৰ্চলৈ আছুৱে স্থগিত ৰাখিলে ‘কা’ বিৰোধী আন্দোলন

পত্ৰখনত লগতে কোৱা হয় যে দায়িত্বশীল বিৰোধী ৰাজনৈতিক দল হিচাপে জনসাধাৰণৰ কণ্ঠস্বৰ উত্থাপন কৰিবলৈ বাধ্য । জাতি, ধৰ্ম আৰু ৰাজনৈতিক সম্পৰ্ক নিৰ্বিশেষে অসমৰ জনসাধাৰণৰ মাজত এক দৃঢ় ধাৰণা আছে যে নাগৰিকত্ব সংশোধনী আইন 2019 এ অসমীয়া লোকসকলৰ সংস্কৃতি, ইতিহাস, আৰ্থ-সামাজিক অৱস্থা, সামাজিক গাঁথনি আৰু পৰিচয়ক বিপদাপন্ন কৰিব ।

তদুপৰি উক্ত আইনখনে 1985 চনৰ ঐতিহাসিক অসম চুক্তি নস্যাৎ কৰিব ৷ যাক অসমীয়া জনসাধাৰণৰ জীৱনৰেখা বুলি গণ্য কৰা হয় ।

পত্ৰখনত উল্লেখ কৰে যে বৰ্তমানৰ তথ্য আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঞ্চৰ এটা প্ৰতিনিধিবৰ্গই আগন্তুক দিনত অসমত নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰৱৰ্তনৰ ফলত উদ্ভৱ হ’ব পৰা অস্থিৰ পৰিস্থিতিৰ মূল্যায়ন কৰাটো অতি জৰুৰী বুলি বিবেচনা কৰিছে আৰু এই আটাইতকৈ স্পৰ্শকাতৰ বিষয়টো সমাধানৰ বাবে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে । যাৰ বাবে প্ৰধানমন্ত্ৰীৰ‌ সুবিধা সুবিধা অনুসৰি অতি সোনকালে মঞ্চই প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিব বিচাৰে ।

প্ৰধানমন্ত্ৰীৰ সুবিধা অনুযায়ী অহা 8 আৰু‌ 9 মাৰ্চত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ‌ সময়ছোৱাত মঞ্চই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে পত্ৰখনৰ জৰিয়তে আবেদন জনায় ।

লগতে পঢ়ক :কা বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম হৈছে অসম আৰক্ষী

ABOUT THE AUTHOR

...view details