গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিল কৰা আৰুকা আইন অসমত বলৱৎ কৰাৰ বিৰোধিতা কৰি বিৰোধী ঐক্য মঞ্চই বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে । বিৰোধী ঐক্য মঞ্চৰ হৈ বৃহস্পতিবাৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াক সাক্ষাৎ কৰে বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, আপৰ সভাপতি ভৱেন চৌধুৰী, চি পি আই এমৰ নেতা ইছফাকুৰ ৰহমান আদিকে কৰি এটা প্ৰতিনিধি দলে ৷
স্মাৰকপত্ৰ প্ৰদানৰ অন্তত বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে এই আইনখন জাতি ধ্বংসী আইন আৰু অ-সাংবিধানিক । এই আইনখন বাতিল কৰাৰ দাবীত ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে । লগতে বিৰোধী ঐক্য মঞ্চই প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি প্ৰধানমন্ত্ৰীলৈ ৰাজ্যপালৰ জৰিয়তে আন এখন পত্ৰ প্ৰেৰণ কৰা কৰিছে ।
লগতে পঢ়ক :কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া