অসম

assam

ডিমা হাছাওৰ ডিটেকছেৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিহত ত্ৰিপুৰাৰ এজন - dima hasao bus accident

By ETV Bharat Assamese Team

Published : May 2, 2024, 12:20 PM IST

Dima Hasao bus accident: মুষলধাৰ বৰষুণৰ ফলত ডিমা হাছাওত সংঘটিত হৈছে এটা শোকাৱহ বাছ দুৰ্ঘটনা ৷ বাছখন ত্ৰিপুৰাৰ পৰা গুৱাহাটীমুখে গৈ আছিল ৷ এই নৈশ বাছ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ব্যক্তি আৰু আহত হয় 25 জনকৈ যাত্ৰী ৷ সবিশেষ আগলৈ-

one dies in a horrific bus accident in dima hasao due to Adverse weather conditions
বাছ দুৰ্ঘটনা

ডিমা হাছাও/শিলচৰ, 2 মে’ : ডিমা হাছাও জিলাত বতৰে লৈছে ভয়ংকৰ ৰূপ । মাত্ৰাধিক বৰষুণৰ কবলত পৰিছে জনসাধাৰণ ৷ ঠায়ে ঠায়ে ৰাস্তা-পদূলি উটি যোৱাৰ লগতে মানুহৰ ব্যৱহাৰ্য সামগ্ৰীও চকুৰ সন্মুখতে উটি গৈছে ৷ এই প্ৰতিকূল বতৰৰ বাবেই ডিমা হাছাও জিলাত এখন নাইটচুপাৰ বাছ দুৰ্ঘটনাৰ কবলত পৰে ৷ উক্ত দুৰ্ঘটনাত এগৰাকী যাত্ৰী থিতাতে মৃত্যুমুখত পৰে ৷ মৃত্যু হোৱা লোকজন ত্ৰিপুৰাৰ মহাৰাণী কামালপুৰৰ বাসিন্দা দিবৰাজ দেববৰ্মা (33) বুলি চিনাক্ত কৰা হৈছে ।

বাছ দুৰ্ঘটনা

বাছখনত প্ৰায় 30 গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে ৷ প্ৰায় 25 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত ৷ ইয়াৰ মাজতে গুৰুতৰভাৱে আহত ছয়জন যাত্ৰীক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে । একাংশ আহত ব্যক্তিক হাৰাংগাজাওলৈ প্ৰেৰণ কৰা হৈছে । প্ৰাপ্ত খবৰ অনুসৰি, পুৱতি নিশা ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল বাছখন ।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS 01 MC 0243 । খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । নৈশ বাছখন পুৱতি নিশা হাফলংৰ ডিটেকছেৰাত উপস্থিত হোৱাৰ পাচত পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৷ স্থানীয় লোসকলে ওলাই আহি যাত্ৰীসকলক উদ্ধাৰ কৰে ৷ কিন্তু তাৰ আগতেই মৃত্যু ঘটে দিবৰাজ দেববৰ্মাৰ ৷ দিবৰাজৰ ঘৰ ত্ৰিপুৰাৰ ধলাই জিলাত বুলি জানিব পৰা গৈছে ৷

বাছ দুৰ্ঘটনা

বুধবাৰে নিশা 12 বজাত ডিমা হাছাও জিলাৰ হাৰেংগাজাও আৰু ডিটেকছেৰাৰ মধ্যৱৰ্তী স্থানত আগৰতলাৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোতেই AS 01 MC 0243 নম্বৰৰ নাইটচুপাৰ বাছখন দুৰ্ঘটনাৰ কৱলত পৰে । দুৰ্ঘটনাৰ খবৰ লাভ কৰি হাৰেংগাজাও আৰক্ষী তৎক্ষণাত দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৷

ইপিনে ডিমা হাছাও জিলাত নেৰেনেপেৰা বৰষুণৰ ফলত জিলাৰ বিভিন্ন ঠাইত ভূমিস্খলন আৰু ব্যাপক ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে । প্ৰতিকূল বতৰৰ বাবে আনকি বৃহস্পতিবাৰে ডিমা হাছাও জিলা প্ৰশাসনে জিলাখনৰ সকলো শিক্ষা-প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে ।

লগতে পঢ়ক :প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাও জিলাত সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধৰ ঘোষণা - Heavy Storm In Dima Hasao

ABOUT THE AUTHOR

...view details