লখিমপুৰ,১৭ ফেব্ৰুৱাৰী :কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছে বিশেষ অভিযান আৰম্ভ কৰিছে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলৰ যুৱ সংগঠন এন এছ ইউ আয়ে দেশজুৰি আৰম্ভ কৰা এই পদক্ষেপ অসমতো আৰম্ভ কৰা হৈছে । যাৰ অংশ হিচাপে ৰাজ্যৰ অগ্নিবীৰসকলৰ পক্ষত থাকি চৰকাৰৰ বিৰুদ্ধে যুঁজিব এন এছ ইউ আয়ে ।
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্রেছে অগ্নিবীৰক মূল বিষয়বস্তু হিচাপে ব্যবহাৰ কৰিব । নিৰ্বাচনী ইস্তাহাৰতো অন্যতম বিষয়বস্তু হিচাপে ইয়াক স্থান দিয়া হ'ব । ইয়াৰ অংশ হিচাপে এন এছ ইউ আয়ে দেশজুৰি জয় জোৱান নামৰ কাৰ্যসূচী মুকলি কৰিছে । লখিমপুৰত শনিবাৰে এন এছ ইউ আইৰ কৰ্মীসকলে এই কাৰ্যসূচী মুকলি কৰে ।
লখিমপুৰ জিলা কংগ্রেছ ভৱনত আনুষ্ঠানিকভাৱে 'জয় জোৱান' কাৰ্যসূচী মুকলি কৰি এন এছ ইউ আইৰ ৰাজ্যিক উপ-সভাপতি তানজিৎ হুছেইনে অগ্নিবীৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ঘোষণা কৰে । তেওঁ কয় যে সেনাবাহিনীত লক্ষ্যাধিক পদ খালী হৈ থকাৰ পাছতো চৰকাৰে সেই পদ পূৰণ কৰা নাই । তাৰ পৰিৱৰ্তে চৰকাৰে কেৱল ৪ বছৰীয়া অগ্নিবীৰ আঁচনি সৃষ্টি কৰিলে ।