অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত অনা-মিচিং গাঁও; চৰকাৰক মধ্যস্থতাৰ দাবী অনা-মিচিং সংগঠনৰ - Mising Autonomous Council

MAC area controversy: মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা তালিকা প্ৰস্তুত কৰাৰ পিচতেই প্ৰতিবাদ । উগ্ৰতাৰ পৰিৱৰ্তে তথ্যসহকাৰে মিচিং পৰিষদীয় এলেকা নিৰ্ধাৰণ কৰিবলৈ দাবী অনা-মিচিং সুৰক্ষা সমিতিৰ ।

Non mising suraksha samiti press meet
অনা-মিচিং সুৰক্ষা সমিতি (ETV Bharat Assam)

ধেমাজি, ৩০ ছেপ্টেম্বৰ: অনা-মিচিং গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত অন্তৰ্ভুক্ত হোৱা বাবে 2013 চনত এমাহ ধৰি জ্বলিছিল ধেমাজি ৷ ধৰাবাহিক প্ৰতিবাদ আৰু বন্ধত স্তব্ধ হৈ পৰিছিল ধেমাজি জিলা । ইয়াৰ পিচত কৰ্তন হৈছিল গাঁও ৷ 2019 চনত পুনৰ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছিল মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ কিন্তু এইবাৰ সকলো কথা আওকান কৰি পুনৰ পৰিষদীয় এলেকাত অন্তভুৰ্ক্ত কৰিলে ২০১৭খন অনা-মিচিং গাঁও ৷ ফলত পুনৰ জিলাখনত অনা-মিচিং ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ ।

ইয়াৰ মাজতে শেহতীয়াকৈ মিচিং-অনা-মিচিং লোকৰ মাজত সংঘাতৰ সূত্ৰপাত হোৱাৰো প্ৰৱল শংকা ঘনীভূত হৈছে ৷ কিন্তু এইবোৰলৈ যেন কাণসাৰ নাই চৰকাৰৰ ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা তালিকাৰ পৰা অনা-মিচিং গাঁও কৰ্তনৰ দাবীত ধেমাজিৰ লগতে ঘাইকৈ উত্তৰ অসম-উজনি অসমৰ অনা-মিচিং ৰাইজে সবল প্ৰতিবাদ অব্যাহত ৰাখিছে ।

অনা-মিচিং সুৰক্ষা সমিতি (ETV Bharat Assam)

বিগত কিছুদিনৰ পৰা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সোণাৰি চাপৰিকে ধৰি উত্তৰ অসমৰ বিভিন্ন ঠাইত দুষ্কৃতিকাৰীয়ে অনা-মিচিং ৰাইজক ভয়-ভাবুকি দিয়াৰ অভিযোগ তুলি এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে আন্দোলনকাৰী ধেমাজি জিলা অনা-মিচিং সুৰক্ষা সমিতিয়ে ৷

দেওবাৰে বিয়লি ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰি অনামিচিং সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি ভৱিষ্য দিহিঙীয়াই কয়, "এনেধৰণৰ ঘটনাই অতীজৰে পৰা সম্প্ৰীতিৰে বাস কৰা সমন্বয়ৰ সমাজখনক আঘাত কৰিব আৰু চিৰদিনৰ বাবে সমাজখন কলুষিত কৰিব ৷"

উগ্ৰতাৰ পৰিৱৰ্তে যুক্তিনিষ্ঠ আৰু তথ্যসহকাৰে মিচিং পৰিষদীয়ৰ এলেকা নিৰ্ধাৰণ কৰিবলৈ তেওঁ দাবী জনায় ৷ সংবাদমেলত গোগামুখ অনামিচিং ঐক্য মঞ্চৰ নেতা তথা ধেমাজি জিলা আটাছুৰ কাৰ্যকৰী সভাপতি খগেন কোঁৱৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য় পৰমানন্দ চায়েংগীয়াই ভুল তথ্য আৰু ব্যাখ্যাৰে অনামিচিং সুৰক্ষা আন্দোলনক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি মন্তব্য় কৰি এনে নিকৃষ্ট পন্থাৰৰ আশ্ৰয় নল'বলৈ সকীয়াই দিয়ে ৷

তেওঁ তথ্যসহকাৰে কয়, "এই খচৰাত কমেও ২১৭ খন ৰাজহ গাঁও ষড়যন্ত্ৰমূলকভাৱে এম এ চি আৰু অসম চৰকাৰে অন্তৰ্ভুক্ত কৰিছে ৷ চিমেন চাপৰিৰ দুই এখন গাঁৱে বিশেষ ৰাজনৈতিক কাৰণত এম এ চিত অন্তৰ্ভুক্ত কৰাবলৈ আবেদন কৰাটো সঁচা ৷ সেয়াই কি সকলো অনামিচিং ৰাইজে এম এ চিত নিজে অন্তৰ্ভুক্ত কৰাবলৈ বিচাৰিছে বুলি কোৱাটো বুজাব নেকি ? আমি কেতিয়াও এম এ চিত থাকিবলৈ আবেদন কৰা নাই আৰু আবেদন কৰাৰ প্ৰশ্নই নুঠে ৷ শ শ অনামিচিং গাঁৱে সদায় মিচিং পৰিষদৰ বাহিৰত থাকিবলৈ বিচাৰে আৰু ভৱিষ্যতেও সীমাৰ বাহিৰতে থাকিব ৷"

তেওঁ ভুল ব্যাখ্যাৰে অমিচিং ৰাইজ তথা অসম চৰকাৰক বিপথে পৰিচালিত নকৰিবলৈ সকলোপক্ষকে সতৰ্ক কৰি দিয়ে ৷ এই সংবাদমেলত জিলাখনৰ প্ৰায় ১৭ টা বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ অৰ্ধশতাধিক শীৰ্ষনেতাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:গোগামুখত গণ সত্যাগ্ৰহ: প্ৰতিবাদত কঁপিল মিচিং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় - Non Mising village in MAC

চৰকাৰৰ অবিবেচকী কাণ্ডত ধেমাজিত সংঘাতৰ দিশে মিচিং-অনা মিচিং - Mising Autonomous Council

ABOUT THE AUTHOR

...view details