হায়দৰাবাদ:এই সময় ডিজিটেল সময়, এই যুগ ডিজিটেল যুগ হৈ উঠিলেও গ্ৰন্থৰ গৰিমা-আদৰ কিন্তু লোপ পোৱা নাই ৷ কিতাপ কিতাপেই ৷ কিতাপ বা গ্ৰন্থৰ গুৰুত্ব-গৰিমা শতিকাপ্ৰাচীন ৷ বিশ্বৰ কোনো প্ৰান্ততে সেই গুৰুত্ব নাইকীয়া হৈ যোৱা নাই ৷ আপুনি যিমানেই "ডিজিটেলী চাউণ্ড" বুলি ফোপজহী নামাৰক কিয়, কিতাপৰ প্ৰয়োজনীয়তা বা গুৰুত্বক উলাই কৰি চলিব নোৱাৰে ৷ গ্ৰন্থৰ সেই মাদকতা কেতিয়াও ভাৰ্চুৱেল দুনীয়াখনৰ সৈতে তুলনা কৰিব নোৱাৰি ৷ সেই বাবেই হয়তো লাখ লাখ গ্ৰন্থপ্ৰেমী অধীৰ আগ্ৰহেৰে ৰৈ থাকে শীতৰ এই বিশেষ দিনকেইটালৈ ৷
গ্ৰন্থমেলা ৷ যাৰ সৈতে এক আবেগিক সম্পৰ্ক পঢ়ুৱৈৰ ৷ ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত এই গ্ৰন্থমেলা আৰম্ভ হৈছে ৷ 27 ডিচেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব বহু প্ৰতিক্ষীত এই বছৰৰ অসম গ্ৰন্থমেলা ৷ 7 জানুৱাৰীলৈকে চলিবলগীয়া এইবাৰৰ গ্ৰন্থমেলাত কিন্তু পাঠকে দেখা নাপাব বাংলাদেশৰ এখনো গ্ৰন্থ বিপণি ৷ প্ৰতি বছৰে গ্ৰন্থমেলাত ভাগ ল'বলৈ অহা বাংলাদেশৰ গ্ৰন্থ বিপণিসমূহ পাঠকৰ অন্যতম আকৰ্ষণ ৷ কিন্তু এইবাৰ কিতাপৰ ওপৰতো যেন পৰিল ৰাজনৈতিক-কূটনৈতিক ঘটনাক্ৰমৰ প্ৰভাৱ !