অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আঁতৰিলেও অখিল গগৈসহ ৪ অভিযুক্তৰ বিৰুদ্ধে চলি থাকিব এনআইএৰ গোচৰ

NIA Court: অখিল গগৈসহ ৪ অভিযুক্তৰ বিৰুদ্ধে এনআইএ গোচৰ পুনৰ চলিব । এনআইএৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ।

Akhil Gogoi
অখিল গগৈসহ ৪ অভিযুক্তৰ বিৰুদ্ধে চলি থাকিব এনআইএৰ গোচৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী:ভাগ্যই লগ নিদিলে বিধায়ক অখিল গগৈক । 'NIA' আদালতত অখিল গগৈসহ ৪ অভিযুক্তৰ বিৰুদ্ধে চলিব গোচৰ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ৰুজু হোৱা গোচৰ সন্দৰ্ভত এনআইএৰ বিশেষ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায় । কা' আন্দোলনৰ সময়ত ৰুজু হোৱা ২/২০২০ নম্বৰৰ গোচৰত অখিলসহ ৪ অভিযুক্তৰ বিৰুদ্ধে পুনৰ চলিব বিচাৰ ।

উচ্চ ন্যায়ালয়ৰ কাষ চাপিব

ন্যায়ালয়ৰ ৰায়ৰ পিছতেই অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, "খবৰটো ভাল নহয় । আমাৰ বিৰুদ্ধে গোচৰ চলি থাকিব । চৰকাৰক বিৰোধিতা কৰাটো ইমান সহজ নহয় । গোচৰটোত ছাৰ্জ ফ্ৰেম হ'লেও মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব । এই ৰায়ৰ প্ৰত্যাহ্বান জনাই আমি শীঘ্ৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপিম । অৱশ্যে ভাল কথাটো হ'ল যে গোচৰটো চলিলেও ৰাষ্ট্ৰদ্ৰোহ আৰু সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত নহয় বুলি আদালতে ৰায় দিছে । আমাৰ ওপৰত আদালতে ইউএপিএ ১৮ বাহাল ৰাখিলে । অৰ্থাৎ ষড়যন্ত্ৰৰ (Conspiracy) অভিযোগত গোচৰ চলি থাকিব ।"

অখিল গগৈসহ ৪ অভিযুক্তৰ বিৰুদ্ধে চলি থাকিব এনআইএৰ গোচৰ (ETV Bharat)

গোচৰ চলিলেও এই ক্ষেত্ৰত পালে সকাহ

অখিল গগৈয়ে লগতে কয়, "আইপিচি ১২০ বি ৰাখি দিলে । দুটা জনগোষ্ঠীৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰা বুলি ১৫৩ এ আৰু ১৫৩ বিৰ গোচৰো ৰাখি দিলে । ভাল খবৰ এইটোৱে যে ইউএপিএ ৩৮ উঠাই দিলে অৰ্থাৎ সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত নাই বুলি ৰায় দিলে । লগতে ১২৪ এ উঠাই দিলে অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহী নহয় বুলি ৰায় দিলে । কা' আন্দোলনত ষড়যন্ত্ৰ কৰিছিলোঁ আৰু দুটা গ্ৰুপৰ মাজত কাজিয়া লগাব চেষ্টা কৰিছিলোঁ বুলি আমাৰ ওপৰত আজি গোচৰ জাপি দিছে । আজিৰ ৰায়দানে প্ৰমাণ কৰি দিলে যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আমাৰ পিছত আগতকৈ অধিক সক্ৰিয়ভাৱে লাগি আছে ।"

অখিল গগৈৰ অধিবক্তা শান্তনু বৰঠাকুৰে গোচৰটো সন্দৰ্ভত কয়, ‘‘আদালতে অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ছাৰ্জ ফ্ৰেম কৰিছে । এই নিৰ্দেশত আদালতে অখিল গগৈৰ বিৰুদ্ধে ইউএপিএৰ ধাৰা ১৮ আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০(বি), ১৫৩(এ) ১৫৩(বি)ত ছাৰ্জ ফ্ৰেম কৰাৰ লগতে বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ইউএপিএৰ ধাৰা ১৮ আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০(বি)ত ছাৰ্জ ফ্ৰেম কৰে । অখিল গগৈৰ বিৰুদ্ধে থকা ৰাষ্ট্ৰদ্ৰোহ গোচৰৰ ধাৰা ১২৪(এ) আৰু মাওবাদীক সহায় কৰা অভিযোগত থকা ধাৰা ৩৮ত ছাৰ্জ ফ্ৰেম কৰা নাই ।"

লগতে পঢ়ক :চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিক অবজ্ঞা; অসমৰ মুখ্য সচিবক চমন উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details