গুৱাহাটী : ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ লক্ষ্য নৱনিযুক্ত শক্তি মন্ত্রী প্ৰশান্ত ফুকনৰ । মঙলবাৰে সপত্নীক মা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি দায়িত্বভাৰ গ্ৰহণ কৰে মন্ত্রী প্ৰশান্ত ফুকনে । ইয়াৰ পিচত দিছপুৰৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্রী প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
বহু প্ৰতীক্ষাৰ অন্তত মন্ত্রিত্ব লাভ কৰা প্ৰশান্ত ফুকনক শক্তিৰ উপৰি দক্ষতা, নিযুক্তি আৰু উদ্যমিতা বিভাগ আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে ।
কাৰ্যালয়ৰ চকী-মেজক সেৱা মন্ত্ৰী প্ৰশান্ত ফুকনৰ (ETV Bharat Assam) দায়িত্বভাৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "ৰুটী, কপড়া ঔৰ মকানৰ লগতে বিদ্যুৎ । মুখ্যমন্ত্রীৰ সুৰত সুৰ মিলাই কাম কৰিবলৈ হ'লে ডেৰ বছৰ সময় যথেষ্ট । মোক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে মই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ । পুৱা মা কামাখ্যাৰ চৰণত সেৱা জনাই কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ । দায়িত্ব লাভ কৰা বিভাগকেইটাৰ বিষয়াসকলৰ লগত চমু আলোচনা কৰি কাৰ্যালয়ৰ কাম আৰম্ভ কৰিছোঁ । বিজুলী ভৱনলৈ গৈ বিতংভাৱে আলোচনা কৰিম । শক্তি বিভাগৰ বিষয়বস্তুৰ ওপৰত সূক্ষ্মভাৱে চিন্তা-চৰ্চা কৰিব লাগিব । বিভাগটোৰ কোনোবা ক্ষেত্রত যদি ৰি-মডেলিং কৰিব লাগে তেন্তে মুখ্যমন্ত্রীৰ লগত আলোচনা কৰি আগুৱাই যোৱাৰ বাবে আমি পৰিকল্পনা কৰিব লাগিব ।"
মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰি ফাইলত চকু ফুৰাইছে প্ৰশান্ত ফুকনে (ETV Bharat Assam) নিয়োগৰ ক্ষেত্ৰত তেওঁ কয়, "নিয়োগৰ ক্ষেত্রত দক্ষতা বিকাশৰ বাবে হোৱা প্ৰশিক্ষণসমূহ সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে । প্ৰশিক্ষণৰ নামত প্ৰশিক্ষণ দিয়া প্ৰৱণতাটো থাকিব নালাগে । প্ৰশিক্ষণ দিয়াৰ পিচত প্লেচমেণ্ট দিয়াৰ এটা ব্যৱস্থা থাকিব লাগে । দক্ষতা বিকাশৰ ক্ষেত্রত প্ৰশিক্ষণ ব্যৱস্থাটো ভাল কৰিব লাগিব ।"
উল্লেখ্য যে সপত্নীৰে কাৰ্যালয়ত উপস্থিত হৈ নৱনিযুক্ত মন্ত্রী প্ৰশান্ত ফুকনে চকী আৰু টেবুলত সেৱা জনাই আসন গ্ৰহণ কৰে । লক্ষণীয় বিষয় যে অসমত বিজেপিৰ চৰকাৰ নথকা দিনৰে পৰাই বিজেপিৰ হৈ যুঁজ দি বৰ্তমানলৈকে ডিব্ৰুগড় সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকনে । তেওঁ চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ।
দিছপুৰত কংগ্ৰেছৰ চৰকাৰ থকা সময়ত খুবেই সৰৱ হৈ থকা প্ৰশান্ত ফুকন আজিও বিভিন্ন প্ৰসংগত সৰৱ । কংগ্ৰেছৰ দিনত পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ চাইকেল লৈ বিধানসভালৈ আহিছিল । ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁ গৰুগাড়ীত চিলিণ্ডাৰ ওলোমাই ৰাজপথত প্ৰতিবাদ কৰাও দেখা গৈছিল ।
বিজেপিৰ চৰকাৰ হওঁতে তেওঁ মন্ত্ৰিত্ব লাভ কৰিব বুলি সকলোৱে ধাৰণা কৰিছিল । কিন্তু তেওঁ মন্ত্ৰিত্ব পোৱা নাছিল । অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনৰ প্ৰায় ডেৰ বছৰ সময় থকা সময়ত প্ৰশান্ত ফুকনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে । দায়িত্ব দিলে তিনিটাকৈ বিভাগৰ । বহুবল্কী বিধায়ক হিচাপে পৰিচিত প্ৰশান্ত ফুকনৰ এতিয়া মন্ত্রী হিচাপে ভূমিকা লক্ষণীয় হ'ব ।