ডিফু, ২০ ছেপ্টেম্বৰ :যোৱা ১৩ ছেপ্টেম্বৰত শংকৰজ্যোতি বৰুৱাই আছুৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰাৰ পিচতেই স্বাভাৱিকতেই চৰ্চা হৈছিল কাৰ ওপৰত অৰ্পণ কৰা হ'ব এই দায়িত্ব । এই চৰ্চাৰ মাজতেই সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ পাহাৰীয়া জিলাখনৰ পৰা পোন প্ৰথমবাৰৰ বাবে এগৰাকী ছাত্ৰ নেতাই এই গুৰু দায়িত্ব লাভ কৰাৰ পিচত গৃহ জিলাখনত আনন্দৰ বন্য়া বৈছে ।
- গৃহ জিলাত আদৰণি
সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চর্জুন হাঞ্চেক বৃহস্পতিবাৰে গৃহস্থান ডিফুত বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায় । আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰূপে নির্বাচিত হৈ ডিফুলৈ অহাৰ পথত কাৰ্বি আংলং জিলাৰ বিভিন্ন আঞ্চলিক ছাত্র সন্থাসমূহে ঠায়ে ঠায়ে ছাত্র নেতাগৰাকীক আদৰণি জনায় ।
বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত ঐতিহ্যমণ্ডিত ডিফু ক্লাবত উপস্থিত হোৱা হাঞ্চেক জিলাখনৰ বিভিন্ন সামাজিক সংগঠন আৰু ছাত্র সংগঠনসমূহে আদৰণি জনায় । কার্বি আংলং জিলা মহিলা সমিতি, কাৰ্বি আংলং জিলা সাহিত্য সভা, ডিফু সাহিত্য সভা, কার্বি সাংস্কৃতিক সমাজ, ডিফু লেখিকা সমাৰোহ, ডিফু ক্লাব, কার্বি আংলং জিলা প্রেছ ক্লাব, ডিফু মুছলিম যুৱ মঞ্চকে ধৰি বহু কেইটা দল-সংগঠনে শুভেচ্ছা আৰু আদৰণি জনায় ।
- কৃতজ্ঞতা জ্ঞাপন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ