অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: এটা দিন কেৱল সংবাদ মাধ্যমৰ বাবে - NATIONAL PRESS DAY

সমগ্ৰ দেশৰ লগতে অসমতো আজি পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ।

National Press Day celebrated in Assam
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 9:32 PM IST

বৰপেটা:আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । সমগ্ৰ দেশৰ লগতে অসমতো শনিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । এই দিৱসৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বৰপেটা প্ৰেছ ক্লাব আৰু জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বক্তৃতানুষ্ঠান আৰু সম্বৰ্ধনা সভাত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ ইণ্ডিয়াৰ সভাপতি গীতাৰ্থ পাঠক, ৰাজ্যিক সভাপতি চেমিম চুলতানা আহমেদ, সম্পাদক ধনজিৎ দাস,বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস আদিৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস (ETV Bharat Assam)

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উক্ত অনুষ্ঠানত বৰপেটা জিলাৰ জ্যেষ্ঠ সাংবাদিক সোমনাথ তালুকদাৰক সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ ইণ্ডিয়াৰ সভাপতি গীতাৰ্থ পাঠকে 'সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ' শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

যোৰহাটত সাংবাদিকক সম্বৰ্ধনা

সমগ্ৰ দেশৰ সমান্তৰালকৈ যোৰহাটতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । এই উপলক্ষে যোৰহাট প্ৰেছ ক্লাৱত যোৰহাট জিলা-প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু যোৰহাট প্ৰেছ ক্লাৱৰ সহযোগত 'সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ' সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । প্ৰেছ ক্লাৱৰ সভাপতি অশোক বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই ভাষণ প্ৰদান কৰে । সভাত মুখ্য বক্তাৰ ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক শাংকৱ কৌশিক বৰুৱাই ।

তিনিচুকীয়াত স্মৃতিগ্ৰন্থ উন্মোচন

অগ্ৰণী-জ্যেষ্ঠ সাংবাদিকসকলৰ সততা আৰু নিষ্ঠাৰ অনুকৰণত নতুন প্ৰজন্মৰ সাংবাদিক সকলেও সমাজৰ উন্নয়নত অংশীদাৰ হ'বলৈ আগবাঢ়ি অহা উচিত । আজি তিনিচুকীয়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আলোচনা চক্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্ত স্বপ্নীল পালে এইদৰে আহ্বান জনায় । তেওঁ লগতে কয় যে সাংবাদিকসকলে দেশৰ প্ৰগতি আৰু সুস্থিৰতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু বৃহত্তৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থা, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতি আৰু আপকুৰ জিলা সমিতিৰ যৌথ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠিত কৰা হয় ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আয়োজিত আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ অতিথি অধ্যাপক তথা সাংবাদিক পেঞ্চনাৰ ইকবাল আহমেদে ।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা 'চতুৰ্থ কোণ' স্মৃতিগ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ অমূল্য খাটনিয়াৰে । স্মৃতিগ্ৰন্থখন সম্পাদনা কৰা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে । এই দিৱসৰ সৈতে সংগতি ৰাখি সাংবাদিকৰ বাবে আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ৬০ জন সাংবাদিকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে ।

আজিৰ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱা, ধীৰেণ ডেকা, ৰঞ্জিৎ দত্ত, ৰঘুনন্দন শৰ্মা ,বিৰ্জু গুপ্তা, গোপাল চন্দ্ৰ গুপ্তা, ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰাজু হাজৰিকা, মাকুম প্ৰেছ ক্লাবৰ সভাপতি কাজল চৌধুৰী, জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাজ্যিক উপ-সভাপতি ৰূপম কাকতি, বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ সভাপতি জিতুল দত্ত, উজনি অসমৰ অগ্ৰণী বাতৰি-কাকত বিতৰক বিধান দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

মৰিগাঁৱতো উদযাপন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত আজি মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । মৰিগাঁও চহৰৰ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱস পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক, জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই । ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ উপ-সভাপতি কল্পতৰু চৌধুৰীয়ে । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি 'সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ' শীৰ্ষক এখন মুকলি সভা অনুষ্ঠিত হয় ।

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাখন উদ্বোধন কৰে অতিৰিক্ত জিলা আয়ুক্ত ড৹ সংগীতা বৰঠাকুৰে । সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা অধিবক্তা বুবুমণি গোস্বামীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে । সভাত মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে অতিৰঞ্জিত খবৰ অথবা বাতৰিয়ে সকলোকে বিপদত পেলাই বুলি উল্লেখ কৰি এনে বাতৰিয়ে বিশেষকৈ আৰক্ষী আৰু জনসাধাৰণৰ বাবে বহু সময়ত বুমেৰাং হৈ পৰে বুলি মন্তব্য কৰে । সভাত অংশগ্ৰহণ কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ।

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথে আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ সভাখনিত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক ক্ৰমে উপেন চন্দ্ৰ ডেকা, মহেন্দ্ৰনাথ হাজৰিকা, জগদীশ নাথ আৰু জাকিৰ হুছেইনে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, বিশিষ্ট নাগৰিক ঘনকান্ত বৰা, প্ৰদীপ পৰাশৰ, নুৰ মহম্মদ, গম্ভীৰ মেধি প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই সভাতে জ্যেষ্ঠ সাংবাদিক লক্ষজ্যোতি নাথ আৰু নজৰুল ইছলামক সম্বৰ্দ্ধনা জনোৱা হয় ।

নগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

'সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ' শীৰ্ষক আলোচনা চক্ৰৰ লগতে বিভিন্ন কাৰ্যসূচীৰে নগাৱঁতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় আৰু নগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাৱৰ ড৹ আবু হানিফা সভাকক্ষত আড়ম্বৰপূৰ্ণ ভাৱে এই দিৱস উদযাপন কৰা হয় । অনুষ্ঠানটোৰ আঁত ধৰে নগাঁও প্ৰেছ ক্লাবৰ সম্পাদক নীলোৎপল বৰাই ।

নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানটিত এই বৰ্ষৰ আলোচ্য বিষয় "সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ" সন্দৰ্ভত নিৰ্দিষ্ট বক্তা হিচাপে জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া গুৰমাইল সিঙে বক্তব্য আগবঢ়ায় । সভাত বিশিষ্ট অতিথি জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদকৰ্মীসকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ ভাষণত সংবাদকৰ্মীসকলে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে নিজৰ পৰিচয় পত্ৰ তেওঁলোকৰ নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে লগত ৰখাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে । বিশিষ্ট অতিথি গল্পকাৰ শিৱানন্দ কাকতিয়ে বৰ্তমান সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপৰ ওপৰত বক্তব্য আগবঢ়ায় । নগাঁও প্ৰেছ ক্লাৱত আয়োজিত প্ৰেছ দিৱসৰ এই অনুষ্ঠানত প্ৰেছ ক্লাবৰ উপদেষ্টা শৈলেন শইকীয়াই নিজৰ ভাষণ আগবঢ়ায় ।

হোজাইত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

হোজাই জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ উদ্যোগত জিলা সদৰ শংকৰদেৱ নগৰৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আজি এই দিৱস উদযাপন কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী । অনুষ্ঠানটোত জিলা আয়ুক্তই জিলাখনৰ ২৫ গৰাকী সংবাদসেৱীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । উক্ত অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীকে ধৰি হোজাই জিলা তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাক্ষিশ্ৰী লেখাৰু উপস্থিত থাকে ।

শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগতো ব্যতিক্রমীৰূপত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিৰ সমীপত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা এই প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শ্বহীদ সাংবাদিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

বাতৰিৰ নামত দিন-ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা সাংবাদিকসকলৰো আছে সুখ-দুখ, ক্ষোভ আৰু অভাৱ-অভিযোগ । সাংবাদিকসকলৰ বাবে বিশেষ এই দিনটোত শিৱসাগৰৰ সাংবাদিকসকলেও শিৱসাগৰৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি, প্ৰতিষ্ঠান আদিৰ লগতে প্ৰশাসনিক বিষয়াৰ সন্মুখত সাংবাদিকসকলৰ মৰ্মবেদনাৰ কথা প্ৰকাশ কৰাৰ লগতে সাংবাদিকসকলৰ জীৱন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ।

এই কাৰ্যসূচীৰ আঁত ধৰে শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথে । উক্ত অনুষ্ঠানতে শিশুশিল্পী আৰিয়ান বৰাই গীত পৰিৱেশন কৰে । অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়া দে' অনুষ্ঠানটোত উপস্থিত থাকে । এই প্ৰেছ দিৱসতে সমূহ সাংবাদিকৰ হৈ মুখ্যমন্ত্ৰীলৈ শ্বহীদ সাংবাদিকসকলৰ পৰিয়ালক ন্যায় প্ৰদান কৰা, সাংবাদিকসকলৰ বাবে বেতন নীতি, স্বাস্থ্য নীতি প্ৰৱৰ্তন কৰা আদি বিষয় সামৰি এক স্মাৰকপত্ৰ প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰা হয় ।

কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

জখলাবন্ধা হস্পিতাল চাৰিআলিস্থিত কলিয়াবৰ প্ৰেছ ক্লাবৰ বাকৰিত শনিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ প্ৰেছ ক্লাবৰ সংবাদসেৱীৰ লগতে সংবাদক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিজন সাংবাদিকক প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত 'ঠাইতে বাতৰি লিখা প্ৰতিযোগিতা'স্থলীত উপস্থিত হৈ প্ৰতিযোগীসকলক শুভেচ্ছা জনাই মহন্তই সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যখ্যা কৰে । এনে প্ৰতিযোগিতাই নৱপ্ৰজন্মৰ মাজত সংবাদ মাধ্যমৰ গুৰুত্ব উপলব্ধি কৰোৱাৰ লগতে সচেতন ব্যক্তিৰূপে নিজকে প্ৰতিষ্ঠা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

পুৱাই পতাকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পণৰ জৰিয়তে আৰম্ভ হয় প্ৰেছ দিৱসৰ অনুষ্ঠান। বিয়লি কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে ভাষণ প্ৰদান কৰে বিশিষ্ট সাংবাদিক সভাৰাম মজুমদাৰে । এই সভাতে 'চিয়াঁহী' নামৰ এখনি হাতেলিখা আলোচনী উন্মোচন কৰে সমাজসেৱী, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি মণিমাধৱ মহন্তই ।

সভাত ভাষণ প্ৰদান কৰি কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন চন্দ্ৰ বৰঠাকুৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে বিভূষিত সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সংবাদকৰ্মী, সংবাদ প্ৰতিষ্ঠান আৰু ৰাইজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে । সভাত কলিয়াবৰ সমজিলাৰ আয়ুক্ত লিজা তালুকদাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনায় ।

কাৰ্যসূচীত কলিয়াবৰৰ দুটা বাতৰি কাকত বিক্ৰেতা প্ৰতিষ্ঠানৰ দুগৰাকী স্বত্বাধিকাৰী ক্ৰমে নবীন চন্দ্ৰ বৰা আৰু পদুম চৌধুৰীক সম্বৰ্দ্ধনা জনাই কলিয়াবৰ প্ৰেছ ক্লাবে । লগতে প্ৰতিগৰাকী বাতৰি কাকতৰ গ্ৰাহকৰ ঘৰত পুৱাতেই বাতৰি কাকত যোগান ধৰা কেইবাগৰাকীও বাতৰি কাকত যোগনীয়াৰ (হ'কাৰ)ক আদৰণি জনোৱা হয় । পুৱা কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰে পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে । তাৰ পাছতেই সংবাদ জগতৰ প্ৰয়াত জ্ঞাত-আজ্ঞাত ব্যক্তিৰ সোঁৱৰণত স্মৃতি তৰ্পণ কৰে প্ৰেছ ক্লাবৰ উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকাই ।

লগতে পঢ়ক:ৰামোজী ৰাও: সকলোৰে বাবে ভৱিষ্যৎ গঢ়া এগৰাকী স্বপ্নদৰ্শী

ABOUT THE AUTHOR

...view details