নলবাৰী: আজি পৱিত্ৰ ৰাস পূৰ্ণিমা । শৰত কালৰ শুভ্ৰ সন্ধিয়া শুভ্ৰ জোনাকত ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাসলীলা সেয়া প্ৰতীকী ৰূপৰ লগতে জীৱন্ত আৰু পুতলা ৰাসৰ সমাহেৰেৰে আৰম্ভ হ'ল উত্তৰ-পূবৰ ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৯১ সংখ্যক ৰাস মহোৎসৱ । ৯১ খন পতাকা উত্তোলনেৰে আৰম্ভ হয় নলবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৯১ সংখ্যক ৰাস মহোৎসৱ ।
উল্লেখযোগ্য যে আজিৰে পৰা শুভাৰম্ভ হোৱা নলবাৰীৰ ৰাস মহোৎসৱ এইবেলি ১৪ দিনীয়াকৈ অনুষ্ঠিত হ'ব । ২৭ নৱেম্বৰত ৰাস মহোৎসৱ আৰু শেষৰ দিনা সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত হ'ব । ৰাস সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে সাংবাদিকসকলৰ লগতে নলবাৰীৰ দেৱালয় মঠ মন্দিৰৰ পৰিচালকসকলৰ উপস্থিতিত উত্তোলন কৰা হয় ৯১ খন পতাকা ।
ইয়াৰ পিছতে দিনজোৰা ভিন্ন কাৰ্যসূচীৰ শুভাৰম্ভ হয় । ইপিনে সন্ধিয়াৰ ভাগত ৰাস মহোৎসৱত উপস্থিত থাকিব ৰামায়ণ ধাৰাবাহিকৰ ৰাম আৰু সীতাৰ ভাৱত অভিনয় কৰা অৰুণ গোভিল আৰু দীপিকা ছিখলিয়া । এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰী গৰ্ডন খেলপথাৰৰ পৰা হৰিমন্দিৰ প্ৰাংগনলৈ আদৰি অনা হ'ব দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীক । লগতে ৰামায়ণৰ অন্যান্য শিল্পীসকলো উপস্থিত থাকি 'শুন' ৰাম কথা' নামে এখন নাট মঞ্চস্থ কৰিব । ইতিমধ্যে ৰাস মহোৎসৱৰ সকলো প্ৰস্ততি সম্পূৰ্ণ হোৱাৰ লগতে ষ্টলসমূহত মৃন্ময় মূৰ্তিসমুহো স্থাপন কৰা হৈছে ।