অসম

assam

ETV Bharat / state

দশমীত প্ৰতিমা বিসৰ্জন নিদিয়ে নলবাৰীৰ বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে - VIJAYADASHAMI

Durga Idol Immersion : শনিবাৰে বিসৰ্জন দিয়া নহয় নলবাৰীৰ ১৮ সংখ্যক ফৰেষ্ট অফিচ পথৰ বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাৰ প্ৰতিমা ।

Durga Idol Immersion
দশমীত প্ৰতিমা বিসৰ্জন নিদিয়ে নলবাৰীৰ বৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 10:39 AM IST

Updated : Oct 12, 2024, 10:45 AM IST

নলবাৰী, ১২ অক্টোবৰ :অন্ত পৰিল দেৱী দুৰ্গাৰ আৰাধনাৰ অন্যতম উৎসৱ দুৰ্গোৎসৱৰ । বিধি মতে শুকুৰবাৰে মহা অষ্টমী আৰু মহা নৱমী তিথি একেলগে পৰাত শনিবাৰে হৈছে দশমী । আনহাতে, মহা নৱমীৰ সন্ধ্যা উখল-মাখল পৰিৱেশ বিৰাজ কৰে ৰাজ্যৰ পূজা মণ্ডপসমূহত । পাৰ ভঙা উছাহেৰে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰে পূজা মণ্ডপসমূহত ।

নলবাৰীতো একেই পৰিৱেশ বিৰাজ কৰা দেখা যায় । জিলাখনৰ বিভিন্ন পূজা মণ্ডপৰ লগতে নলবাৰীৰ ফৰেষ্ট অফিচ পথস্থিত ১৮ সংখ্যক বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাত নৱমীৰ দিনা ভক্তৰ লানি নিছিগা সোঁত বয় । নৱমীৰ সন্ধিয়া আৰতীৰ পিচতেই নলবাৰীৰ এই আটকধুনীয়া পূজাস্থলীলৈ হাজাৰ হাজাৰ ভক্তৰ সোঁত বয় । নিজৰ মনোবাঞ্ছা লৈ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আশিস লয় ভক্তপ্ৰাণ ৰাইজে ।

দশমীত প্ৰতিমা বিসৰ্জন নিদিয়ে নলবাৰীৰ বৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে (ETV Bharat Assam)

উল্লেখ্য যে নলবাৰীৰ প্লাষ্টিকমুক্ত এইখন বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাত এইবাৰ বাঁহ আৰু মৰাপাটেৰে পূজা মণ্ডপৰ মূল তোৰণ সজোৱা হৈছিল । আহিন মাহৰ শাৰদী সুবাসসনা কঁহুৱা, বাঁহ আৰু মৰাপাটেৰে সজাইছিল মণ্ডপৰ তোৰণ । কোনো প্লাষ্টিকজাতীয় সামগ্ৰী ব্যৱহাৰ নকৰাকৈ পূজা মণ্ডপত সকলো দিশতে স্বাস্থ্যৰ প্ৰতি সচেতনাৰে সজাইছে মণ্ডপ । যাৰ বাবে নলবাৰী চহৰৰ উপৰি জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই পূজাখনৰ প্ৰতি আকৰ্ষিত হয় ।

কোনোৱে যদি বাঁহৰ চুঙাৰ সন্মুখত চেলফি উঠিছে, আন কোনোবাই আকৌ মূল তোৰণৰ সন্মুখত । মুঠৰ ওপৰত আটকধুনীয়া এই পূজা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে । উল্লেখ্য যে এইখন পূজাত বিৰাজ কৰে সম্পূৰ্ণ আধ্যাত্মিকতা আৰু মণ্ডপৰ ভিতৰভাগ মহিলাৰ দ্বাৰা পৰিচালিত হয় । লগতে চৰকাৰী সকলো নীতি-নিৰ্দেশনা মানি সকলো দিশতে ভক্তৰ কোনো অসুবিধা নোহোৱাকৈ বাহিৰভাগ পুৰুষসকলে পৰিচালনা কৰে ।

আনহাতে, এইবাৰ এইখন দুৰ্গা পূজাই ভক্তপ্ৰাণ ৰাইজৰ আহ্বানত দশমীৰ দিনা নিদিয়ে প্ৰতিমা বিসৰ্জন । দশমীৰ দিনা কেৱল আধ্যাত্মিকতাৰ সম্পূৰ্ণ ৰীতি-নীতিৰে ঘট আৰু যিজোপা কলগছক দেৱী প্ৰতিষ্ঠা কৰিছিল সেইজোপা কলগছক বিদায় দিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । আয়োজক সমিতিয়ে জনোৱা মতে, ভক্তপ্ৰাণ ৰাইজে দশমীত প্ৰতিমা বিসৰ্জন নিদিবলৈ আহ্বান জনোৱাৰ বাবে অহা ১৩ অক্টোবৰ, দেওবাৰেহে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব দেৱী মাৰ প্ৰতিমাক ।

লগতে পঢ়ক :তেজপুৰৰ এক বিশেষ পূজা মণ্ডপ, য'ত দেৱীৰ সৈতে বন্দিত হৈছে অসমীয়া ভাষা
লগতে পঢ়ক :ক'ত আছে সম্প্ৰীতিৰ বাৰ্তা বিলোৱা পূজা মণ্ডপ ?
Last Updated : Oct 12, 2024, 10:45 AM IST

ABOUT THE AUTHOR

...view details