নগাঁও: ৰাজ্যখনৰ ভিতৰতেই চাইবাৰ অপৰাধীৰ ঘাটি হিচাপে যেন পৰিগণিত হৈছে মধ্য অসমৰ মৰিগাঁও জিলা । মৰিগাঁও জিলাৰ চাইবাৰ অপৰাধীৰ ঘাটিত মৰিগাঁও আৰক্ষীয়ে একপ্ৰকাৰ মোক্ষম আঘাত হানিবলৈ সক্ষম হোৱাৰ পাছত এতিয়া ক্ৰমাৎ নগাঁৱলৈ যেন শিপাবলৈ ধৰিছে চাইবাৰ অপৰাধী । অনলাইন প্ৰৱঞ্চনাৰ জড়িয়তে সাধাৰণ লোকৰ একাউণ্ট খালি কৰাৰ চক্ৰান্ত কৰা নগাঁৱৰ এনে এক চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে মঙলবাৰে নগাঁও আৰক্ষীয়ে এক অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নগাঁৱত খোপনি পুতি চাইবাৰ অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ খবৰ এক গোপন সূত্ৰে লাভ কৰে নগাঁও আৰক্ষীয়ে । নগাঁও আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতেই ধিং আৰক্ষীৰ সহযোগত অভিযান আৰম্ভ কৰে নগাঁও আৰক্ষীয়ে ।
নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত নগাঁও আৰক্ষীৰ এটা দলে ধিং আৰক্ষীৰ সহযোগত মঙলবাৰে অভিযান চলাই নগাঁৱৰ ধূপগুৰিৰ পৰা চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত চাৰিজনকৈ লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় অভিযানকাৰী নগাঁও আৰক্ষীৰ দলটো । আৰক্ষীৰ সূত্ৰে লাভ কৰা তথ্য অনুসৰি চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে চাৰি অভিযুক্তক ।