নগাঁও, 11 ছেপ্টেম্বৰ:বুধবাৰে নগাঁও জিলা কংগ্ৰেছৰ সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে সাংসদ গৌৰৱ গগৈ । সেমেকা চকুৰে আৱেগিক গৌৰৱ গগৈৰ ভাষণ, "চৰকাৰী বিষয়া-কৰ্মচাৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত চাকৰ নহয়, ৰাইজৰ সেৱকহে । মুখ্যমন্ত্ৰীৰ অহংকাৰ হোৱা বাবেই উচ্চ পদবীত থকা বিষয়াকো বেয়া ব্যৱহাৰ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ঠিকাদাৰৰ লাভৰ বাবেই উৰণ সেতু নিৰ্মাণ কৰি ধৰুৱা হোৱা চৰকাৰে ধাৰ মাৰিবলৈ স্মাৰ্ট মিটাৰ সংযোগ কৰি ৰাইজৰ টকাৰে ঋণ পৰিশোধৰ চেষ্টা কৰিছে ।"
বুধবাৰে নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি আৱেগিক হৈ পৰিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ধিং আৰু ৰূপহীহাট সমষ্টিৰ লগতে গোলাঘাট জিলাৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ কথা ক'বলৈ গৈ আৱেগিক হৈ পৰে সাংসদ গৌৰৱ গগৈ । নিজৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ স্মৃতি সুঁৱৰি চকু সেমেকি উঠা সাংসদ গৌৰৱ গগৈৰ মন্তব্য, "ধিং, ৰূপহীহাট, খুমটাই, সৰুপথাৰ মোৰ বাবে সমষ্টি নহয়, নিজৰ ঘৰ আৰু সমষ্টিকেইটাৰ দলীয় লোকসকল কৰ্মী নহয়, নিজৰ পৰিয়ালৰ সদস্যহে ।"
নতুনকৈ সাংসদ হোৱাৰ অভিজ্ঞতাও সুঁৱৰি নতুন গাড়ীচালকৰ দৰেই ভুলতে ৰকিবুল হুছেইনৰ লগত খুন্দা মৰাৰ কথাও নিজৰ ভাষণ প্ৰসংগত কয় সাংসদগৰাকীয়ে । আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈৰ মন্তব্য, "কোনো ৰাজ্যতে লোক নিৰ্মাণ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে লোৱা দেখা নাই, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে পি ডব্লিউ ডি বিভাগৰ দায়িত্ব লৈছে আৰু কেৱল ঠিকাদাৰৰ লাভৰ বাবেই উৰণ সেতু নিৰ্মাণ কৰি ধৰুৱা হোৱা চৰকাৰে এতিয়া ঋণ পৰিশোধ কৰিবলৈ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰাৰ উদ্দেশ্যে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাইছে ।"
কেৱল এয়াই নহয়, ৰাইজৰ ওপৰত বিভিন্ন প্ৰকাৰৰ কৰ লগাই এটা ব্যক্তিগত চেনেলৰ বিজ্ঞাপনৰ নামত খৰচ কৰাৰ কথাও ভাষণত উল্লেখ কৰে সাংসদ গগৈয়ে । আনকি এ আই ইউ ডি এফ দলক পুনৰজীৱিত কৰাৰ উদ্দেশ্যেই অসমত মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ চেষ্টা কৰা বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । অহংকাৰ আৰু মনৰ ভিতৰত থকা শংকাৰ বাবেই উচ্চ পদবীত থকা চৰকাৰী বিষয়াৰ পৰা কৰ্মচাৰীলৈকে সকলোকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অভদ্ৰ ব্যৱহাৰ কৰি অপমান কৰা বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।