অসম

assam

ETV Bharat / state

কলঙৰ বাকৰিত গ্ৰন্থৰ সুবাস বিচাৰি ভিৰ গ্ৰন্থ প্ৰেমীৰ - HISTORY OF NAGAON BOOK FAIR

নগাঁৱৰ কলঙৰ বাকৰিৰ নেহৰুবালিত চলি আছে নগাঁও গ্ৰন্থমেলা । গ্ৰন্থমেলাতেই প্ৰকৃতি সুৰক্ষাৰ সজাগতা । জানো আহক নগাঁও গ্ৰন্থমেলাৰ ইতিহাস ।

Nagaon Book Fair begins with 9-day programme
নগাঁও গ্ৰন্থমেলা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 10:05 PM IST

নগাঁও:প্ৰায় এবছৰৰ পাছত পুনৰ গ্ৰন্থৰ সুবাস বিচাৰি কলঙৰ বাকৰি নগাঁৱৰ নেহৰুবালিত ভিৰ কৰিছেহি বহু গ্ৰন্থপ্ৰেমীয়ে । প্ৰতি বছৰৰ দৰে এইবছৰতো নেহৰুবালিত অগ্ৰণী সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত পুনৰ আৰম্ভ হৈছে গ্ৰন্থমেলা । ১৭ ডিচেম্বৰ মঙলবাৰৰ পৰা নগাঁৱৰ নেহৰুবালি মুখৰিত কৰি তুলিছে গ্ৰন্থপ্ৰেমীৰ ভিৰৰ লগতে গ্ৰন্থমেলাত অনুষ্ঠিত বিভিন্ন সাহিত্যিক সাংস্কৃতিক অনুষ্ঠানে ।

১৭ ডিচেম্বৰ মঙলবাৰৰ পৰা নগাঁৱৰ নেহৰুবালিত ৯ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গ্ৰন্থমেলা ২০২৪ । মঙলবাৰে পুৱাই পতাকা উত্তোলনেৰে আৰম্ভ হোৱা গ্ৰন্থমেলাত ইতিমধ্যেই ৰণাংগণ প্ৰকাশনৰ উদ্যোগত কবি সন্মিলন অনুষ্ঠিত হোৱাৰ উপৰিও সুৰৰ পানচৈ, মুকলি কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠান অনুষ্ঠিত হয় । বৃহস্পতিবাৰে তৃতীয় দিনাও প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

নগাঁও গ্ৰন্থমেলা (ETV Bharat Assam)

সমান্তৰালকৈ বিয়লি প্ৰকৃতিপ্ৰেমী সংগঠন পান্থতৰু সংৰক্ষণী অসম আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ NSS গোটৰ যুটীয়া উদ্যোগত 'প্ৰকৃতিৰ সৈতে মানৱজাতিৰ সমন্বয় আৰু সুৰক্ষা’ শীৰ্ষক এক আলোচনা চক্ৰও অনুষ্ঠিত হয় । বিশিষ্ট প্ৰকৃতিপ্ৰেমী ড৹ সুৰজিত গিৰি, উচ্চপদস্থ বন বিষয়া ৰমেশ কুমাৰ গগৈ আৰু দৰং মহাবিদ্যালয়ৰ প্ৰবক্তা মহেন্দ্ৰনাথ মৰানে আলোচনা চক্ৰটোত অংশগ্ৰহণ কৰি প্ৰকৃতি সুৰক্ষাৰ ওপৰত আলোকপাত কৰে ।

নগাঁও গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সঁহাৰি:

১৭ ডিচেম্বৰৰ পৰা কলঙৰ বাকৰি নগাঁৱৰ নেহৰুবালিত সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ তৃতীয় দিনা গ্ৰন্থপ্ৰেমীৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে । গ্ৰন্থৰ সুবাস বিচাৰি কলঙৰ বাকৰি নেহৰুবালীৰ গ্ৰন্থ বিপনীত বিভিন্নজনে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

নগাঁও গ্ৰন্থমেলাৰ ইতিহাস:

১৯৭৬ চন । নগাঁও চহৰৰ নিস্তৰংগ কলঙৰ বাকৰিত অনুষ্ঠিত হৈছিল অসমৰ প্ৰথমখন গ্রন্থমেলা । ভাস্বৰ প্রকাশন আৰু জিলা প্রশাসনৰ উদ্যোগত কলঙৰ বাকৰি নগাঁৱৰ নেহৰুবালিৰ পৰাই আৰম্ভ হৈছিল গ্রন্থমেলাৰ এক পৰিৱেশ । সেই সময়ত নগাঁৱৰপৰা প্ৰকাশিত 'ভাস্বৰ' নামৰ এখন পষেকীয়া বার্তালোচনীৰ সম্পাদক প্ৰয়াত জ্যেষ্ঠ সাংবাদিক ড৹ আবু হানিফা, প্রয়াত সাংবাদিক প্রণৱ কুমাৰ বৰা, ভোগেশ্বৰ শইকীয়া, প্রয়াত মোহিত বৰাৰ দৰে বিশিষ্ট ব্যক্তিয়ে নগাঁৱত এখন গ্রন্থমেলা অনুষ্ঠিত কৰাৰ পোষকতা কৰে ।

তেওঁলোকৰ এই উৎসাহৰ প্রতি সঁহাৰি জনাই তাজমল হুছেইন, চুনি ভট্টাচার্য, নগাঁও জিলাৰ সেই সময়ৰ উপায়ুক্ত ৰঞ্জন দত্ত, সেই সময়ৰ জিলা জনসংযোগ বিষয়া কবীন বৰা, ডাঃ নগেন দত্ত, পৰৱৰ্তী সময়ত মন্ত্রী হোৱা মুকুট শর্মা, ত্রৈলোক্য বৰাৰ দৰে ব্যক্তিয়েও সহমত প্ৰকাশ কৰে । গ্রন্থমেলাখনত অসম প্রকাশন পৰিষদে অংশগ্রহণ কৰা নাছিল যদিও ইউনাইটেড পাব্লিচার্ড, আৰ কে ভৌমিক, বুক এম্প বিয়াম, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী বুকষ্টল, মডার্ণ বুক ডিপো আদি গ্রন্থ বিপণীয়ে অংশগ্রহণ কৰিছিল ।

তিনিদিনীয়া গ্রন্থমেলাখনত বিশিষ্ট চিত্রশিল্পী প্রণৱ বৰুৱাৰ পৰিচালনাত চিত্র প্রদর্শনীও হৈছিল । তদুপৰি আলোচনা চক্র, কবি সন্মিলন, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত হৈছিল । ডাঃ নগেন দত্তৰ সম্পাদনাত এখন স্মৃতিগ্রন্থও প্রকাশ পাইছিল । পৰৱৰ্তী সময়ত গুৱাহাটীত চন্দ্ৰ প্ৰসাদ শইকীয়াৰ প্ৰচেষ্টাত অনুষ্ঠিত গ্ৰন্থমেলাই অসমত গ্ৰন্থমেলাৰ বিপ্লৱৰ সূচনা কৰিছিল । এই কথা ইটিভি ভাৰতক অৱগত কৰে বিশিষ্ট গল্পকাৰ তথা নগাঁও গ্ৰন্থমেলাৰ সাধাৰণ সম্পাদক শিৱানন্দ কাকতিয়ে ।

পৰৱর্তী সময়ত ১৯৯৬ চনৰপৰা সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্রশাসনৰ উদ্যোগত নেহৰুবালিত নগাঁও গ্রন্থমেলা অনুষ্ঠিত হৈ আহিছে । 'ভাস্বৰ' প্রকাশন'ৰ উদ্যোগত অসমৰ প্রথমখন গ্রন্থমেলা অনুষ্ঠিত কৰাৰ গৌৰৱোজ্জল ঐতিহ্যক পুনৰ মহীয়ান কৰি কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা আৰু কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ কাৰ্যসূচী অনুসৰি ২০ ডিচেম্বৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নগাঁও শাখাৰ উদ্যোগত মুকলি কবি মেল অনুষ্ঠিত হ'ব ।

একেদৰে ২১ ডিচেম্বৰত সাহিত্যতত্ত্ব আৰু 'উত্তৰ মানৱতাবাদ' শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব । আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে ড৹ বিভাষ চৌধুৰী আৰু ড৹ দেৱভূষণ বৰাই অংশগ্ৰহণ কৰিব । ২২ ডিচেম্বৰত কল্লোলৰ প্ৰতিষ্ঠাপক সভাপতি মাধৱানন্দ মহন্তৰ সোঁৱৰণত শিশুৰ দিন অনুষ্ঠান অনুষ্ঠিত হ'ব । বিয়লি প্ৰসিদ্ধ লেখক আৰু গীতিকাৰ ইদ্ৰিছ আলীৰ সৈতে মুখামুখি অনুষ্ঠান অনুষ্ঠিত হ'ব । ২৩ ডিচেম্বৰত তিনিখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ।

বিশিষ্ট সমালোচক প্ৰভাত বৰাই 'মহিম বৰাৰ স্ৰষ্টা আৰু সৃষ্টি' শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব । 'মানৱাতাবাদৰ দৃষ্টিকোণৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস' শীৰ্ষক আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব ড৹ আনন্দ বৰমুদৈয়ে । তদুপৰি আধুনিক অসমৰ ইতিহাস অধ্যয়ন আৰু ড৹ অমলেন্দু গুহ ।

২৪ ডিচেম্বৰত নগঞা নিৰ্বাচিত লেখকৰ নেপথ্য কথা শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হ'ব । ২৫ ডিচেম্বৰত বিকল্প সংবাদ আৰু সামাজিক মাধ্যম শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব । সন্ধিয়া মহিম বৰাৰ 'তিনিৰ তিনি গ'ল' গল্পৰ শিবানন্দ কাকতিয়ে কৰা নাট্যৰূপ মঞ্চস্থ হ'ব । পৰিচালনা কৰিব শোণিত কুমাৰ বৰাই । এইবেলিও নগাঁও গ্ৰন্থমেলাত ৰাজ্যৰ বহু কেইটা বিশিষ্ট প্ৰকাশণ গোষ্ঠীৰ লগতে বহিঃৰাজ্যৰো বহুকেইটা প্ৰকাশণ গোষ্ঠীয়ে বিপনীলৈ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:তিনিচুকীয়া গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক উছাহ - TINSUKIA BOOK FAIR

আৰম্ভ হ'ল মঙলদৈ গ্ৰন্থমেলা: গ্ৰন্থৰ সুবাস বিচাৰি ভিৰ ৰাইজৰ - MANGALDOI BOOK FAIR 2024

ABOUT THE AUTHOR

...view details