গুৱাহাটী, ৬ ছেপ্টেম্বৰ :বিত্তীয় সংকট আৰু প্ৰত্য়াহ্বানৰ মাজতো পুনৰ উজলিল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱৰ অন্য়তম কটন বিশ্ববিদ্যালয় । 'নাক'ৰ মূল্যায়নত 'এ' গ্রেড লাভ কৰাৰ পিচতেই উচাহৰ ঢল বৈছে কটন বিশ্ববিদ্যালয়ত । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহাবিদ্য়ালয় আছিল ১৯০১ চনত স্থাপিত কটন কলেজ । ঐতিহ্যমণ্ডিত এই কটন কলেজখন কটন বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পিচত বিশ্ববিদ্যালয়খনলৈ আহিছে প্ৰথমটো সফলতা । 'নাক’ৰ প্ৰথমটো পৰিদৰ্শনতে লাভ কৰিলে এই সাফল্য় ।
উল্লেখ্য যে ২০১৭ চনত বিধানসভাত আইন গৃহীত কৰি কলেজ আৰু বিশ্ববিদ্যালয়ক একেলগ কৰা হৈছিল ৷ কটন কলেজ আৰু বিশ্ববিদ্যালয় একত্ৰিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মূল্যায়নৰ কাৰণে কটন বিশ্ববিদ্যালয়ে আমন্ত্ৰণ কৰিছিল বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনৰ নেশ্যনেল এছেচমেন্ট এন্ড এক্রিডেছন কাউন্সিল চমুকৈ 'নাক’ক ৷
সেই অনুসৰি যোৱা ২৮ ৰ পৰা ৩০ আগষ্টলৈ কটন বিশ্ববিদ্যালয়ত মূল্যায়নৰ বাবে উপস্থিত হয় এটা শিক্ষাবিদৰ দল । 'নাক'ৰ এই পাঁচজনীয়া শিক্ষাবিদৰ দলটোৰ নেতৃত্বত আছিল ওড়িশাৰ ফকীৰ মোহন সেনাপতি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য, বিশিষ্ট শিক্ষাবিদ ড৹ মধুমিতা দাস ৷
বিশ্ববিদ্যালয় ৰূপে প্ৰতিষ্ঠা লাভৰ সাত বছৰৰ পিছত হোৱা নাকৰ মূল্যায়নত কটন বিশ্ববিদ্যালয়ে 'এ'গ্রেড লাভ কৰা বুলি 'নাকে’ বৃহস্পতিবাৰে ঘোষণা কৰে ৷ স্বাভাৱিকতে প্ৰথমবাৰ 'নাক’ৰ পৰিদৰ্শনতে 'এ' গ্ৰেড লাভ কৰাত বিশ্ববিদ্যালয়খনৰ শিক্ষাগুৰু, শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি হয় । বিশ্ববিদ্যালয় ৰূপে ঘোষিত হোৱাৰ পিছত 'নাক’ৰ প্ৰথমটো পৰিদৰ্শনতে এ-গ্ৰেড লাভ কৰা কটন বিশ্ববিদ্যালয় হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী বিশ্ববিদ্যালয় ।
কটন বিশ্ববিদ্যালয়ৰ উপাচার্য, বিশিষ্ট শিক্ষাবিদ অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই এই সাফল্য়ৰ বাবে শিক্ষক, শিক্ষার্থী, গৱেষককে ধৰি বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ৷ উপাচাৰ্য গৰাকীয়ে লগতে কয়, "এই সন্মান লাভ কৰাত বিশ্ববিদ্যালয়ৰ প্ৰতিজনৰে অৱদান আছে ।" যোৱা ২৮ ৰ পৰা ৩০ আগষ্টলৈ কটন পৰিদৰ্শন কৰা 'নাক’ৰ পাঁচজনীয়া শিক্ষাবিদৰ দলটোৱে ২০১৭ চনৰ পৰা ২০২২ চনলৈ বিশ্ববিদ্যালয়খনৰ প্ৰগতিৰ বিভিন্ন দিশৰ মূল্যায়ণ কৰে ৷