যোৰহাট, ১৮ মে' :যোৰহাটৰ চিনামৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । মাতৃ-পুত্ৰই মিলি পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । অন্ত্যেষ্টিক্ৰিয়াৰ এদিন পিচতহে সকলো তথ্য পোহৰলৈ আহিছে । ঘটনাটোক লৈ মুৰমুৰিয়া চাহ বাগিচাৰ ২৮ নং লাইনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।
জানিব পৰা মতে চাহ বাগিচা অঞ্চলটোৰ এগৰাকী লোকৰ বৃহস্পতিবাৰে নিশা মৃত্যু হৈছিল ! হৃদৰোগত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হৈছিল বুলি পৰিয়ালৰ লোকসকলে দাবী কৰিছিল । তাৰ পিচতে চুবুৰীয়াৰ সহযোগত পৰিয়ালটোৱে মৃতদেহটো সৎকাৰ কৰে । কিন্তু ইয়াৰ এদিন পিচতে শুকুৰবাৰে ঘটনাটোৱে অন্য ৰূপ লয় ।
আচলতে হৃদৰোগত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হোৱা নাছিল ! মাতৃ আৰু পুত্ৰই লোকজনক হত্যা কৰিছিল আৰু ইয়াক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল ! এই অভিযোগ উত্থাপন হোৱাৰ পিচতে যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ।
জানিব পৰা মতে আৰক্ষীয়ে এই সন্দৰ্ভত বিভিন্ন তথ্য লাভ কৰিছে । হত্যাত ব্যৱহৃত বিভিন্ন সামগ্ৰী আৰু নিৰ্দিষ্ট প্ৰমাণো লাভ কৰিছে আৰক্ষীয়ে ৷ ইফালে শনিবাৰে পুৱাই যোৰহাটত উপস্থিত হয় ফৰেনচিকৰ এটা দল । গুৱাহাটীৰ পৰা যোৱা দলটোৱে ঘটনাস্থলীৰ পৰা উপযুক্ত প্ৰমাণৰ লগতে নমুনাও সংগ্ৰহ কৰিছে । মৃতদেহ সৎকাৰ কৰা স্থানৰ পৰাও ফৰেনচিকৰ দলটোৱে বিভিন্ন নমুনা সংগ্ৰহ কৰিছে ।
ইফালে আৰক্ষী অহাৰ খবৰ লাভ কৰি অভিযুক্ত পুত্ৰ আৰু পত্নী ঘটনাস্থলীৰ পৰা পলায়ন কৰে । অৱশ্যে পিচত আৰক্ষীয়ে দুয়োকে আটক কৰিবলৈ সক্ষম হয় । এগৰাকী স্থানীয় লোকে অভিযোগ কৰা মতে পুত্ৰ আৰু পত্নীয়ে মিলি লোকজনক বৃহস্পতিবাৰে নিশাই হত্যা কৰিছিল । তাৰ পাচত নিহত ব্যক্তিজনৰ পত্নীয়ে স্থানীয় লোকজনক এই বিষয়ে অৱগত কৰিছিল ।
সংবাদ মাধ্যমৰ সন্মুখত স্থানীয় লোকজনে কয় যে তেওঁক অভিযুক্ত মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ পুত্ৰইহে স্বামীক হত্যা কৰিছিল । স্বামীয়ে প্ৰায়ে তেওঁক অত্যাচাৰ কৰি আহিছিল, যাৰ বাবে অতিষ্ঠ হৈ পুত্ৰই তেওঁক আক্ৰমণ কৰে । অৱশ্যে ঘটনাটোক লৈ ৰহস্য অব্যাহত আছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ পিচতহে সকলো তথ্য পোহৰলৈ আহিব ।