গোৱালপাৰা, 15 জুলাই : গোৱালপাৰা জিলাৰ কল্যাণপুৰত দেওবাৰে নিশা দুৰ্বৃত্তৰ গুলীচালনাত নিহত হোৱা বৰ বজাৰৰ ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত সোমবাৰে উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ৷ সোমবাৰে পুৱা 10.30 বজাত গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে সাংসদগৰাকীয়ে ৷ সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত দেওবাৰে নিশা সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷ গোৱালপাৰা চহৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত কল্যাণপুৰত এনেদৰে পুত্ৰৰ সন্মুখত নিজ পিতৃক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি পলায়ন কৰাৰ ঘটনাই ৰাজ্যখনৰ আইন -শৃংখলাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলি কয় তেওঁ ৷
সাংসদগৰাকীয়ে কয় যে, বৰ্তমান ৰাজ্যখনত এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে ৷ চাৰিওফালে কেৱল হিংসা আৰু মৃত্যুৰ কিৰিলি ৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ আইন-শৃংখলা বজাই ৰাখিব পৰা নাই ৷ গৃহ বিভাগৰ প্ৰাথমিক দায়িত্ব হৈছে জনসাধাৰণৰক সুৰক্ষা দিয়া ৷ ৰাজ্যখনৰ জনসাধাৰণক সুৰক্ষা দিব পৰা নাই চৰকাৰে ৷ সাংসদ হুছেইনে আৰু কয় যে, জনসাধাৰণে এতিয়া ভয়-শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ এইখন চৰকাৰৰ দিনত দুই নম্বৰী মানুহৰ উৎপাতত খাটিখোৱা সৰু সৰু ব্যৱসায়ীসকলে মুক্তমনে ব্যৱসায় কৰিব পৰা নাই ৷ এই চৰকাৰখনে ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিৱেশ বৰ্তাই ৰাখিব পৰা নাই ৷ গতিকে অতি সোনকালে মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰি আন কাৰোবাক দায়িত্ব দিবলৈ আহ্বান জনাই সাংসদগৰাকীয়ে ৷