গুৱাহাটী:মহানগৰীত প্ৰেমিকৰ ছুৰিকাঘাতত মৃত্যু হোৱা মৌচুমী গগৈৰ শেষকৃত্য নৱগ্ৰহ শ্মশানতে সম্পন্ন কৰা হ'ল । মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱগ্ৰহলৈ লৈ যোৱা হয় মৃতদেহ । টিংখাঙৰ বাসগৃহলৈ মৃতদেহ নিনিয়াৰ সিদ্ধান্ত পৰিয়ালৰ লোকৰ । ইফালে, ঘাতক ভূপেন দাসৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে মৌচুমীৰ জ্যেষ্ঠ ভাতৃ পলাশ প্ৰতীম গগৈয়ে । সেই এজাহাৰৰ ভিত্তিত হাতীগাঁও থানাত ভূপেন দাসৰ বিৰুদ্ধে ২৭৮/২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে ।
পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত জানোৱা অনুসৰি, ঘৰৰ লগত খুব বেছি যোগাযোগ নাছিল মৌচুমীৰ । গুৱাহাটীত থকাৰ কথা পৰিয়ালৰ লোকে জানিছিল । কিন্তু হত্যাকাৰী ভূপেন দাসৰ লগত থকা সম্পৰ্ক সন্দৰ্ভত ঘৰৰ কোনো লোকেই একো ভূ পোৱা নাছিল । উল্লেখ্য যে গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছিল এই লোমহর্ষক ঘটনা ।
ভূপেন দাসৰ উপর্যুপৰি ছুৰিকাঘাতত হাতীগাঁৱৰ নাহৰণি পথত মুমূর্ষু অৱস্থাত বাগৰি পৰিছিল মৌচুমী গগৈ । ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মহিলাগৰাকীৰ ৰক্তাক্ত দেহ ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে যদিও দুপৰীয়া প্রায় ১২.১৫ বজাত মৌচুমী গগৈৰ মৃত্যু হয় । আনহাতে ঘাতক ভূপেন দাসে মহিলাগৰাকীক ছুৰীৰে আঘাত কৰি ছুইফ্ট ডিজায়াৰ চলাই নাহৰণি পথৰ পৰা তীব্র বেগেৰে বেলতলা অভিমুখে পলায়ন কৰিছিল ।