জোনাই, ২১ মাৰ্চ :জোনাই মহকুমাৰ সীমান্তৱৰ্তী আদি লেকুৰ গাঁৱৰ পৰা একেটা পৰিয়ালৰ চাৰিজন নিৰুদ্দেশ সন্দৰ্ভত মঙলবাৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, জোনাই আদি লেকু গাঁৱৰ মতিবুৰ আলীৰ ২৭ বছৰীয়া বিবাহিতা কন্যা মিৰিজা বেগম আৰু তেওঁৰ ১৩ বছৰীয়া কন্যা আচিয়া খাতুন, ৯ বছৰীয়া পুত্ৰ সন্তান ইচুফ আলী আৰু ৬ বছৰীয়া মিৰাজ আলী বিগত ১৪ মাৰ্চৰ পৰাই নিৰুদেশ হৈ আছে ৷
ইতিমধ্যে মতিবৰ আলীয়ে নিৰুদ্দেশ হোৱা সন্দৰ্ভত ৰুকচিন থানাত দাখিল কৰিছে এজাহাৰো । মতিবুৰ আলীয়ে জানিবলৈ দিয়া মতে, ১৪ মাৰ্চৰ পুৱা বেংকলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল মিৰিজা বেগম আৰু তেওঁৰ দুটি সন্তান ৷ সেই তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে মিৰিজা বেগম আৰু তেওঁৰ দুটি সন্তান ।
তদুপৰি মতিবুৰ আলীয়ে অভিযোগ কৰা অনুসৰি, বিদ্যালয়লৈ পৰীক্ষাৰ বাবে ঘৰৰ পৰা ওলাই যোৱা তেওঁৰ নাতিনী আচিয়া খাতুনক ৰুকচিন তেলডিপুৰ সমীপৰ ৰুকচিন প্ৰাইমেৰী মিডিল স্কুলৰ পৰা ৰাজেশ শ্বাহ নামৰ ব্যক্তিয়ে ১৪ মাৰ্চৰ দিনৰ প্ৰায় ১ বজাত বিদ্যালয় সমীপৰ পৰা বাইকত উঠাই অপহৰণ কৰি নিয়ে ।