মৰিগাঁও, 14 ফেব্ৰুৱাৰী:মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কাজি নেমুক অসমৰ জাতীয় ফল তথা টেঙাৰূপে ঘোষণা কৰাৰ পিচতে কাজি নেমুৰ খেতিয়কসকলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে । নেমু খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে বুলি সংবাদ মাধ্যমৰ আগত কয় মৰিগাঁৱৰ প্ৰগতিশীল যুৱ কৃষক প্ৰভাকৰ পোণা ডেকাই ।
মৰিগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত কৃষকজন কৃষি বিভাগৰ দ্বাৰা পুৰস্কাৰ প্ৰাপ্ত এগৰাকী উদ্যান খেতিয়ক । বিশেষকৈ গুটিহীন কাজি নেমুৰ জৰিয়তে এইজন প্ৰভাকৰ পোণা ডেকাই প্ৰতিষ্ঠিত তথা প্ৰগতিশীল কৃষক হোৱাৰ সপোন পুহি ৰাখিছে ।
হেক্টৰ হেক্টৰ ভূমিত ডেকাই নেমু খেতি কৰে । লমা লমে বছৰৰ বাৰ মাহে ডাল ভৰি লাগি থাকে বীজহীন কাজি নেমু । তেওঁৰ কৃষি ভূমিখনৰ যেনিয়েই চাই তেনিয়েই চকুত পৰে লমালমে লাগি থকা নেমু । এক কথাত ক’বলৈ গ’লে বজাৰত বিক্ৰী কৰি অন্ত কৰিব নোৱাৰে তেওঁ উৎপাদিত নেমু । ফলত সৰি গেলি পচি গৈছে অসমৰ নতুনকৈ স্বীকৃত জাতীয় ফল বিধ ।