অসম

assam

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:08 PM IST

ETV Bharat / state

ৰেগিঙত জড়িত নহৈ ভাল মানুহ হোৱাৰ চেষ্টা কৰিব লাগে ছাত্ৰ-ছাত্ৰীয়ে: দেৱশীষ শৰ্মা - Morigaon JNV

Morigaon JNV ragging case: জীৱনত অনুশাসন নাথাকিলে আগুৱাই যাব নোৱাৰি ৷ অসামাজিক কাৰ্যৰ পৰা বিৰত থাকি ভাল মানুহ হোৱাৰ চেষ্টা কৰা উচিত ৷ মৰিগাঁৱৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ৷

Morigaon JNV
Morigaon JNV ragging case (ETV Bharat Assam)

ধিং, 4 ছেপ্টেম্বৰ: মৰিগাঁৱৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিঙৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত কনিষ্ঠ ছাত্ৰ ৷ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ চূড়ান্ত অমনোযোগিতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলিও বহুতেই অভিযোগ কৰিছে ৷ বুধবাৰে বিদ্যালয়খনত উপস্থিত হয় মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ৷ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি জিলা আয়ুক্তগৰাকীয়ে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ (ETV Bharat Assam)

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰসমাজক উদ্দেশ্যি কয়, "দাদাগিৰি কৰিবলৈ চৰকাৰে নৱোদয় বিদ্যালয় স্থাপন কৰা নাই ৷ এনে কাৰ্য কৰিবলৈ লাজ পাব লাগে ৷ মানুহে নহয়, যিবোৰ দানৱ তেওঁলোকেহে এনে কাম কৰিব পাৰে ৷ জীৱনত আগুৱাই যাবলৈ আটাইতকৈ প্ৰয়োজনীয় দিশটো হ’ল অনুশাসন ৷ মানুহৰ জীৱনত অনুশাসন নহ’লে আগুৱাই যাব নোৱাৰে ৷" আনৰ পৰা বস্তু কাঢ়ি লোৱা, মাৰপিট কৰা এনে কাৰ্যৰ পৰা নবোদয়ৰ ছাত্ৰসকলক আঁতৰি থাকিবলৈ অনুৰোধ জনালে দেৱাশীষ শৰ্মাই ৷

তেওঁ লগতে কয় যে, বহুতেই গুটখাজাতীয় সামগ্ৰী সেৱন কৰে ৷ যিয়ে মুখৰ কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে ৷ প্ৰথমাৱস্থাত মুখত এখন ৰঙা চামনি পৰে, তাৰ পৰাই লাহে লাহে কৰ্কট ৰোগৰ বিকাশ হয় ৷ ছাত্ৰসকলক এনেবোৰ সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিয়ে জিলা আয়ুক্তগৰাকীয়ে ৷ লগতে নৱোদয়ত যাতে ৰেগিঙৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে সকলোকে সাৱধান কৰি দিয়ে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷

তাৰোপৰি ম’বাইল বা আন বস্তু বিচাৰি অভিভাৱকৰ সৈতে কাজিয়া কৰাৰ অভ্যাস পৰিত্যাগ কৰিবলৈও তেওঁ ছাত্ৰসমাজক আহ্বান জনায় ৷ পঢ়া-শুনা কৰি সুনাগৰিক হোৱাৰ পৰামৰ্শ দি ছাত্ৰসকলক অসমাজিক কামৰ পৰা বিৰত থকাৰ বাবেও সকীয়াই দিয়ে জিলা আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক:মাতৃলৈ আবেগ ভৰা পত্ৰ লিখি চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্য়া - Youth Commited Suicide

আপোনাৰ সন্তানে কি কাম কৰে জানেনে ? যদি নাজানে সাৱধান হওক - Assam police cyber cell

ABOUT THE AUTHOR

...view details