নিউজ ডেস্ক, ১৩ জুলাই : ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নতি ঘটিছে যদিও এতিয়াও বানৰ প্ৰকোপত ককবকাই আছে ২৪ খন জিলাৰ ১২ লক্ষাধিক লোক । আনহাতে, ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩৩ হাজাৰ হেক্টৰ কৃষিভূমি । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, বৰ্তমানো পানীৰ তলত বুৰ গৈ আছে ৰাজ্যৰ ২৪ খন জিলাৰ ১২ লাখ ৩৩ হাজাৰ ২৩৬ গৰাকী লোক ৷ আনহাতে, ক্ষতিগ্ৰস্ত হৈছে ৩২৯২৪.৩২ হেক্টৰ কৃষিভূমি ৷
সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা ধুবুৰী
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, চলিত বানত এই পৰ্যন্ত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা হৈছে ধুবুৰী । জিলাখনত মুঠ ৩ লাখ ১৮ হাজাৰ ৩২৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । আনহাতে, দ্বিতীয় সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা কাছাৰ ৷ কাছাৰত ১ লাখ ৪৮ হাজাৰ ৬০৯ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যত ৫ লাখ ৩ হাজাৰ ৫৩৮ গৰাকী পুৰুষ, ৪ লাখ ২৭ হাজাৰ ৫৪৯ গৰাকী মহিলা আৰু ৩ লাখ ১২ হাজাৰ ১৪৯ টি শিশু বৰ্তমানো বানৰ কবলত আছে ।
এই পৰ্যন্ত বানৰ কবলত থকা জিলাকেইখন হৈছে কাছাৰ, ধুবুৰী, নগাঁও, কামৰূপ, ডিব্ৰুগড়, গোলাঘাট, নলবাৰী, বৰপেটা, ধুবুৰী, শিৱসাগৰ, গোৱালপাৰা, যোৰহাট, মৰিগাঁও, লখিমপুৰ, কৰিমগঞ্জ, দৰং, মাজুলী, বিশ্বনাথ, হাইলাকান্দি, বঙাইগাঁও, দক্ষিণ শালমাৰা, চিৰাং, তিনিচুকীয়া আৰু কামৰূপ (মহানগৰ) ।
৭৫ টা ৰাজহ চক্ৰৰ ২,৪০৬ খন গাঁও ক্ষতিগ্ৰস্ত
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ৭৫ টা ৰাজহ চক্ৰৰ অধীনস্থ ২,৪০৬ খন গাঁও এতিয়াও বানত প্ৰভাৱিত হৈ আছে । ইয়াৰে ভিতৰত সৰ্বাধিক ধুবুৰীৰ ৭ টা ৰাজহ চক্ৰৰ অধীনস্থ মুঠ ২৭২ খন গাঁও এতিয়াও পানীৰ তলত আছে ।