অসম

assam

ETV Bharat / state

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়-তিনিচুকীয়াত ১২ ঘণ্টীয়া বন্ধ - ST DEMAND

Tinsukia, Dibrugarh Bandh: জনজাতিকৰণৰ দাবীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ বিৰুদ্ধে তিনিচুকীয়া আৰু ডিব্ৰুগড়ত প্ৰতিবাদ ।

Tinsukia Dibrugarh Bandh
জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়-তিনিচুকীয়াত ১২ ঘণ্টীয়া বন্ধ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 8:44 AM IST

তিনিচুকীয়া/মৰাণ :জনজাতিকৰণৰ দাবীত উত্তাল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা । জনজাতিকৰণৰ দাবীৰে ইতিমধ্যে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে দুয়োখন জিলাতে বিক্ষোপ প্ৰতিবাদ সাব্যস্ত কৰিছে । তাৰ অংশস্বৰূপে মৰাণ আৰু মটক সংগঠনসমূহে সোমবাৰে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে ।

ইফালে পুৱাৰে পৰা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দুয়োখন জিলাতে দেখা গৈছে । ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ সংগঠনসমূহৰ ।

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়-তিনিচুকীয়াত ১২ ঘণ্টীয়া বন্ধ (ETV Bharat)

ডিব্ৰুগড়-তিনিচুকীয়াত বন্ধৰ প্ৰভাৱ

উল্লেখ্য যে সোমবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছিল মৰাণ, মটক সংগঠনে । পুৱাৰে পৰা তিনিচুকীয়া জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে । ইফালে বন্ধৰ সমৰ্থনত পুৱাৰে পৰা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনসমূহে ।

প্ৰতিবাদী কাৰ্যসূচী প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাও গঢ়ি তুলিছে । পুৱাই তিনিচুকীয়াৰ চাৰিলেনযুক্ত পথত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । সেই সময়তে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ বাকযুদ্ধ হোৱা দেখা যায় ।

লগতে পঢ়ক :সোমবাৰে তিনিচুকীয়া জাৰি ১৬৩ ধাৰা

পৰৱৰ্তী সময়ত প্ৰতিবাদীসকলক ছত্ৰভংগ দিবলৈ তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষকে শূন্যলৈ গুলীচালনা কৰে । তাৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত, তিনিচুকীয়াৰ বাইপাছত, পানীতোলাৰ ৰাজপথত, ডুমডুমাৰ ৰাজপথত, কাকপথাৰ, ডিগবৈকে আদি কৰি জিলাখনৰ সৰ্বত্ৰে টায়াৰ জ্বলাই মটক, মৰাণক জনজাতিকৰণৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামক সমালোচনা

একেদৰে ডিব্ৰুগড় জিলাতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা যায় । সংগঠনসমূহে ঠায়ে ঠায়ে বন্ধৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিছে । শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে গুৱাহাটীত জনজাতিকৰণ সন্দৰ্ভত মৰাণ, মটক সংগঠনক উদ্দেশ্যি মন্তব্য কৰিছিল ।

সেই মন্তব্যৰ বিৰোধিতাৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সোমবাৰে দুয়োখন জিলাতে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে । বন্ধ সফল কৰি তুলিবলৈ ডিব্ৰুগড়ৰ ডিকমত দুয়োটা সংগঠনে দেওবাৰে গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত কৰিছিল ।

ইফালে বন্ধৰ সময়ছোৱাত ৰোগী, ছাত্ৰ-ছাত্ৰী আৰু অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীক ৰেহাই দিয়াৰ কথা ঘোষণা কৰে সংগঠনকেইটাই । আনহাতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ বিৰুদ্ধে শনিবাৰে তিনিচুকীয়াত গণতান্ত্ৰিকভাৱে ৰূপায়ণ কৰা কাৰ্যসূচীত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত যি অত্যাচাৰ চলালে তাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে সংগঠনকেইটাৰ নেতৃত্বই ।

লগতে পঢ়ক :জুৱেল ওৰামৰ মন্তব্যত ক্ষোভত জ্বলিছে মৰাণ সংগঠন, প্ৰতিবাদৰ মাজতে জ্বলিল

ABOUT THE AUTHOR

...view details