গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী :অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ শুকুৰবাৰে একাদশ দিন । বিগত দিনকেইটাৰ দৰে শুকুৰবাৰেও বিৰোধীৰ তীব্ৰ হুলস্থূলৰ মাজেৰে আৰম্ভ হয় বিধানসভাৰ অধিবেশন । তাৰ মাজতে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে শুকুৰবাৰে বিধায়ক শ্বেৰমান আলী আৰু আশ্ৰাফুল হুছেইনক সদনৰ পৰা নিলম্বন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।
ইফালে নিলম্বনৰ পিচত সদনৰ বাহিৰত বিধানসভা চৌহদত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে । শ্বেৰমান আলীয়ে সাংবাদিকৰ আগত এখন সংবাদ পত্ৰত প্ৰকাশিত এটা বাতৰিৰ উদ্ধৃতি দি কয় যে বাঘবৰত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নাই । তেওঁ আৰু কয় বাঘবৰ আৰু চেঙা সমষ্টিৰ ৩৩ খন স্কুল বৰ্তমান এজনকৈ শিক্ষকেৰে চলি আছে ।
আনহাতে, বাঘবৰৰ বহু বিদ্যালয়ত ছাত্ৰ আৰু শিক্ষকৰ বৰ্তমান অনুপাত ১৫১:১ । ইয়াৰ বিপৰীতে চেঙা সমষ্টিৰ কেইবাখনো বিদ্যালয়ত ছাত্ৰ আৰু শিক্ষকৰ অনুপাত ১৬:১১ বুলি উল্লেখ কৰে । তেওঁ কয় যে বিধানসভাত তেওঁ দাবী কৰিছিল যে জিলা ভিত্তিত ছাত্ৰ-শিক্ষকৰ অনুপাত ঠিক কৰিব লাগে । সেয়া হৈছে ৮০:১ । এই ক্ষেত্ৰত বৰপেটা জিলাৰ জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ কোনো গুৰুত্ব নাই বুলি তেওঁ অভিযোগ কৰে ।