যোৰহাট, 9 মাৰ্চ :সততে বিভিন্ন মন্তব্য আৰু কামকাজৰ মাজেৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ অখিল গগৈক লক্ষ্য কৰি তীব্ৰ বাক্যবান নিক্ষেপ কৰে । ২০১৩ বৰ্ষৰ পৰা কৃষকৰ বাবে কৰা আন্দোলনৰ নামত শিৱসাগৰ সমষ্টি বিধায়ক অখিলে নিজৰ ব্যক্তিগত লাভালাভৰ বাবেহে কাম কৰা দেখিবলৈ পোৱা গ’ল বুলি তেওঁক সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷
কৃষকক ভূমি পট্টা প্ৰদানৰ নামত অখিল গগৈয়ে কৰা আন্দোলনৰ বিনিময়ত অখিল গগৈয়ে কৃষকক একাষৰীয়া কৰি তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পৰা কাজিৰঙাত ২০ বিঘা মাটি লৈ তাত অৰ্কিড উদ্যান বনালে বুলি কটাক্ষ কৰে বিধায়কজনে ৷ তেওঁ যদি প্ৰকৃত আহোম হয় তেন্তে কিয় লাচিতৰ হেংদান, প্ৰতিমূৰ্তি নিৰ্মাণ আৰু মূলাগাভৰুৰ নামত বঁটা প্ৰদান কৰিবলৈ কিয় মাত নামাতিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৰূপজ্যোতি কুৰ্মীয়ে ।
কৃষকক প্ৰতাৰণা কৰা আৰু বিভিন্ন কাৰণ দেখুৱাই অখিল গগৈক মহাপাপী আখ্যা দিয়ে বিধায়ক কুৰ্মীয়ে । আজিৰ তাৰিখৰ পৰা মহাপাপী অখিল গগৈৰ নাম তেওঁ মুখত নলয় বুলিও কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । আনহাতে যোৰহাট লোকসভা নিৰ্বাচনত যদি তপন গগৈয়ে প্ৰচাৰ নচলোৱাকৈ ঘৰতো বহি থাকে তেতিয়াও নিৰ্বাচনত জয়ী হ’ব বুলি ৰূপজ্যোতি কুৰ্মীয়ে মত প্ৰকাশ কৰে ৷
ইয়াৰ লগতে তেওঁ কয় যে দুৰ্যোগৰ সময়ত যোৰহাটবাসীক কোনো ধৰণৰ সহায় প্ৰদান নকৰা গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচনত তপন গগৈৰ সৈতে যদি নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া তপন গগৈয়ে ২.৫০ লাখ বা ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে তেওঁ । যোৰহাট মেলেং মেটেলিৰ প্ৰধানমন্ত্ৰীৰ জনসভাত অংশগ্ৰহণ কৰি ৰূপজ্যোতি কুৰ্মীয়ে মহাপাপী বুলি কোৱা মন্তব্যত বিধায়ক অখিল গগৈয়ে কিদৰে উত্তৰ দিয়ে সেয়া সময়েহে ক’ব ৷
লগতে পঢ়ক :মেলেং মেটেলিৰ পৰাই দেশবাসীলৈ প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে ১৭,৫০০ কোটি টকাৰ প্ৰকল্প