গোলাঘাট, 16 মে’: ভিন্ন সময়ত ভিন্ন কথা-বতৰাৰে চৰ্চাত থকা বিধায়ক মৃণাল শইকীয়াই এইবাৰ সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ কিন্তু কাৰ বিৰুদ্ধে এই প্ৰতিবাদ খুমটাই সমষ্টিৰ বিধায়কগৰাকীৰ ?
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উৎকট গৰমৰ ফলত বিপন্ন হৈ পৰিছে স্বাভাৱিক জনজীৱন ৷ অসহ্যকৰ গৰমৰ ফলত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ৷ জনশূণ্য হৈ পৰিছে ৰাজপথ ৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ লগতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ থকা ৰোগীসকলৰো দুঃচিন্তা বৃদ্ধি পাইছে । তদুপৰি খেতিয়কসকলো চিন্তিত হৈ পৰিছে ৷
এই গৰমৰ বিৰুদ্ধেই দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক মৃণাল শইকীয়াই ৷ কেৱল তেৱেঁই নহয়, সকলোকে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷ গৰমৰ বিৰুদ্ধে বিধায়কগৰাকীয়ে কৰা প্ৰতিবাদৰ পন্থা প্ৰশংসনীয় ৷ খুমটাই সমষ্টিৰ যোগীবাৰীত জৰী গছৰ এটা পুলি ৰোপণ কৰি গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক মৃণাল শইকীয়াই ।
লগতে পঢ়ক:নিজ সমষ্টিত সংঘটিত দুৰ্নীতি সন্দৰ্ভত বিজেপি বিধায়কৰ টুইট
ইয়াৰ উপৰিও প্ৰত্যেক ব্যক্তিকে একোটাকৈ গছপুলি ৰোপণ কৰি গৰমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷ তেওঁ কয়, ‘‘সকলোৱে কৈ আছে বৰ গৰম হৈছে বুলি ৷ কোনে ঠাণ্ডা কৰি দিব সেয়া কোনেও নাভাবে ৷ সেইকাৰণে মই আজি গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ ৷ এটা গছপুলি ৰুই আমি কেইজনমান যুৱকে গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ ৷’’