ধিং, ২৬ আগষ্ট :ধিংকাণ্ডক লৈ আজিও উত্তাল সমগ্ৰ ৰাজ্য । ইয়াৰ মাজতে সোমবাৰে নগাঁৱৰ ধিঙত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ । ভুক্তভোগী কিশোৰীগৰাকীৰ শিক্ষাৰ দায়িত্ব লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বিধায়কগৰাকীয়ে ৷ তদুপৰি এতিয়াও কৰায়ত্ত নকৰা আন দুই অভিযুক্তৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী অখিল গগৈৰ ৷
- নিজ সন্তানৰ দৰেই শিক্ষাৰ দায়িত্ব পালনৰ বাবে আগ্ৰহী অখিল গগৈ :
সোমবাৰে পুৱাই ধিঙত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীৰ শিক্ষাৰ সমগ্ৰ দায়িত্ব ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে । ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বিচাৰিলে কিশোৰগৰাকীক পি এছ ডি কৰালৈকে নিজ সন্তানৰ দৰেই শিক্ষাৰ সমগ্ৰ দায়িত্ব ল'ব বিধায়কগৰাকীয়ে ।
- ধৰ্ষণকাৰীক ফাঁচিৰ দাবী অখিল গগৈৰ :
কিশোৰী ধর্ষণত জড়িত এজন অভিযুক্তৰ ইতিমধ্যেই মৃত্যু হোৱাৰ কথা উল্লেখ কৰি আন দুই অপৰাধীৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদলতৰ জৰিয়তে তিনিমাহৰ ভিতৰতে শাস্তি প্ৰদানৰ দাবী জনায় বিধায়ক অখিল গগৈয়ে । ধর্ষণৰ দৰে অপৰাধৰ শাস্তি ফাঁচি হ'ব লাগে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।
ধিঙৰ কিশোৰী ধৰ্ষণত জড়িত আন দুই অপৰাধীৰ ক্ষেত্ৰতো ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলাই ফাঁচি দিয়াৰ দাবী জনায় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । তেওঁ কয় যে পুখুৰীত জাপ দি ধৰ্ষণকাৰীয়ে মৃত্যুবৰণ কৰিলে নহ’ব ৷ ধৰ্ষণকাৰীৰ ফাঁচি হ’লেহে মানুহে ভালকৈ বুজিব যে ধৰ্ষণ কৰিলে মানুহ এনে জঘন্য শাস্তিৰ সন্মুখীন হয় ।
- ধিঙত বৃদ্ধি ড্ৰাগছ আৰু দেশীয় সুৰাৰ প্ৰচলন : অখিল গগৈ