অসম

assam

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ - Miscreants assault journalist

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 8:37 AM IST

Miscreants Attack Journalis : বৰপেটাৰোডৰ দোমনীঘাটৰ শিলবালি কুঁৱেৰীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ ৷ সাংবাদিকক আক্ৰমণ কৰা তিনি অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷

Miscreants Attack Journalis
বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ (ETV Bharat Assam)

বৰপেটাৰোড, 13 জুন :ৰাজ্যত পুনৰ কৰ্তব্যৰত সাংবাদিকৰ ওপৰত দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এইবাৰৰ স্থান বৰপেটাৰোড ৷ বৰপেটাৰোডৰ দোমনীঘাটৰ শিলবালি কুঁৱৰীৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ আক্ৰমণত বুধবাৰে গুৰুতৰভাৱে আহত হয় এটা ব্যক্তিগত চেটেলাইট চেনেলৰ বৰপেটাৰ সাংবাদিক ৷ নাম বিক্ৰম কাকতি ।

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ (ETV Bharat Assam)

বেঁকী নৈত অবৈধভাৱে চলি থকা শিল-বালি খননৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ বাবেই সাংবাদিকগৰাকীৰ ওপৰত জপিয়াই পৰে শিল-বালি কুঁৱেৰীৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ এটা দলে । বৰপেটাৰোডৰ সমীপৰ দোমনীঘাট শিল-বালি মহলৰ স্বত্বাধিকাৰী হিমাংশু দাস আৰু সুবিৰ সৰকাৰৰ 15-20 জনীয়া ভেৰণীয়া গুণ্ডাই ব্যক্তিগত চেটেলাইট চেনেলৰ বৰপেটাৰ সাংবাদিক বিক্ৰম কাকতিৰ লগতে তেওঁৰ সতীৰ্থ ভিডিঅ’ জাৰ্নেলিষ্টকো আক্ৰমণ কৰে ৷ এই অভিযোগ উত্থাপন কৰে সাংবাদিকগৰাকীয়ে ৷

লগতে সাংবাদিকগৰাকীয়ে কয় যে অভিযুক্তকেইটাই অশ্লীল গালি-গালাজ কৰাৰ উপৰিও তেওঁক মাৰপিট কৰাৰ লগতে তেওঁৰ ম’বাইল ফোনটো কাঢ়ি লৈ যায় । ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰপেটাৰোড আৰক্ষী থানাত ভুক্তভোগী সাংবাদিক বিক্ৰম কাকতিয়ে এখন এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিল কৰাৰ পাচতেই বৰপেটাৰোড আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সাংবাদিকক আক্ৰমণ কৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটা ক্ৰমে মহম্মদ আলী, আব্বাছ আলী আৰু মানিক আলী বুলি জানিব পৰা গৈছে । সাংবাদিকক আক্ৰমণ কৰা ধৃত তিনি লোকৰ বিৰুদ্ধে 88/24 গোচৰ পঞ্জীয়ন কৰি 143/341/294/323/506/298 IPC ধাৰা লগাই তদন্ত অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে ৷

ইপালে সাংবাদিকক আক্ৰমণ কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বৰপেটাৰোড প্ৰেছ ক্লাৱ, বৰপেটা প্ৰেছ ক্লাৱ, বৰপেটা জিলা সাংবাদিক সন্থা, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম, আপকু, বাৰ্তাজীৱী সংঘ আদিকে ধৰি বৰপেটা আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰেছ ক্লাৱৰ লগতে সাংবাদিক সংগঠনসমূহে ৷

লগতে পঢ়ক :ইটিভি ভাৰত অসমৰ সাংবাদিকলৈ যুৱ সাংবাদিকতা বঁটা - Special award to ETV Bharat Assam journalist

ABOUT THE AUTHOR

...view details