আমগুৰি:ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সু-খবৰ । অলিম্পিকৰ খেলুৱৈ নিৰ্বাচনৰ বাবে অসমলৈ পোন প্ৰথমবাৰৰ বাবে আহিব অলিম্পিক পদক বিজয়ী পদ্মশ্ৰী মীৰাবাঈ চানু । ২০২৮ আৰু ২০৩২ চনৰ অলিম্পিকৰ ভাৰোত্তোলনৰ খেলুৱৈ নিৰ্বাচন হ'ব শিৱসাগৰৰ নামতিত ।
নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ব্যায়ামাগাৰত অহা ১৬ আৰু ১৭ নবেম্বৰত হ'ব লগা বাচনিৰ বাবে প্ৰস্তুতি চলাইছে অসমৰ খেলুৱৈসকলে । অসমৰ প্ৰতিখন জিলাৰ ৮ ৰ পৰা ১৩ বছৰৰ ভাৰোত্তোলন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব উক্ত বাচনি প্ৰক্ৰিয়াত ।
ৰাজ্যৰ পৰা প্রতিভাৱান ভাৰোত্তোলক চিনাক্ত কৰিবলৈ উত্তৰ প্ৰদেশৰ স্প'ৰ্টছ একাডেমীৰ সহযোগিতাত সন্থাই শিৱসাগৰত ৰাজ্যিক পৰ্যায়ৰ প্রতিভা সন্ধানী বাছনি শিবিৰৰ আয়োজনৰ যো-জা চলাইছে ।
- প্রতিভা সন্ধানী বাছনি শিবিৰ
উল্লেখ্য যে অসম ভৰোত্তোলন সন্থাই ৰাজ্যৰ সকলো প্ৰান্তৰপৰা প্রতিভা বিকাশ কৰাৰ লক্ষ্যৰে এক অভিলাষী আঁচনি লৈছে । ৰাজ্যৰ পৰা প্রতিভাৱান ভাৰোত্তোলক চিনাক্ত কৰিবলৈ উত্তৰ প্ৰদেশৰ স্প'ৰ্টছ একাডেমীৰ সহযোগিতাত সন্থাই শিৱসাগৰত ৰাজ্যিক পৰ্যায়ৰ প্রতিভা সন্ধানী বাছনি শিবিৰৰ আয়োজন কৰিছে ।