অসম

assam

ETV Bharat / state

চৰাইদেউ মৈদামত আহোমৰ পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ - WORLD HERITAGE WEEK AT CHARAIDEO

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত সামৰণি পৰিল বিশ্ব ঐতিহ্য সপ্তাহ । আহোম পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন ।

museum at Charaideo Maidam
চৰাইদেউ মৈদামত আহোম পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 2:22 PM IST

মৰাণ: ঐতিহ্য সংৰক্ষণ সজাগতা বৃদ্ধিৰ বাবে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰত ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত বিশ্ব ঐতিহ্য সপ্তাহৰ সামৰণি । বিশ্ব ঐতিহ্য সপ্তাহৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰাইদেউ মৈদামত আহোম পৌৰাণিক কৃতিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

বিশ্ব ঐতিহ্য সপ্তাহ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয়, "চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাচতে বিশ্ব ঐতিহ্য সপ্তাহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰাইদেউৰ ৰাইজে যি সহযোগিতা আগবঢ়ালে তাক ধন্যবাদ জনাইছোঁ ।"

চৰাইদেউ মৈদামত আহোম পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ (ETV Bharat Assam)

আনহাতে, চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে এটি আহোম পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, "এই সংগ্ৰহালয় এতিয়াৰে পৰা ৰাইজৰ বাবে মুকলি হ'ল । এই সংগ্ৰহালয় পৰিদৰ্শন কৰি পৰ্যটকসকলে জানিব পাৰিব অসমত পূৰ্বে কি কি হৈছিল । মৈদামত উদ্ধাৰ হোৱা সম্পদসমূহ ইয়াত সংৰক্ষণ কৰা হৈছে । কাজিৰঙাত ২৬ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টলৈ অহা বিভিন্ন দেশৰ পৰ্যটকসকলক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ।"

উল্লেখ্য যে আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজশাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিলে ।

ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাচতে দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে । ইয়াৰ মাজতে ঐতিহ্য সংৰক্ষণ সজাগতা বৃদ্ধিৰ বাবে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰত ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হয় বিশ্ব ঐতিহ্য সপ্তাহ ।

অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ আজি সামৰণি পৰে । বিশ্ব ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি ঐতিহাসিক ক্ষেত্ৰৰ আলোকচিত্ৰ প্ৰদৰ্শন, ঐতিহ্য যাত্ৰাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, ঐতিহ্য সংৰক্ষণ সজাগতা সভা, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে ঐতিহ্য সংৰক্ষণ সজাগতা সভা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ উপৰি ৰাজ্যখনৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰি ঐতিহ্য সংৰক্ষণ সজাগতাৰ বাবে উদ্যোগতাসকলে প্ৰচেষ্টা হাতত লয় । আনহাতে, বিশ্ব ঐতিহ্য সপ্তাহ চলি থকাৰ মাজতে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি সমগ্ৰ ব্যৱস্থাপনা বুজ লয় । চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাত অসমীয়া জাতিৰ পৰিচয় পুনৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হোৱা বুলি মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

ইফালে ঐতিহ্য সপ্তাহৰ সামৰণি দিনটোত চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয় অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা । চৰাইদেউ মৈদামত অনুষ্ঠিত বিশ্ব ঐতিহ্য সপ্তাহৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । বিশ্ব ঐতিহ্য সপ্তাহৰ লগত জড়িত কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে এটি আহোম পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই । এই সংগ্ৰহালয়ত চৰাইদেউ মৈদাম ক্ষেত্ৰখনত বিভিন্ন সময়ত উদ্ধাৰ হোৱা ৰজাদিনীয়া বিভিন্ন সমলৰ লগতে চৰাইদেউ জিলাখনত বিভিন্ন সময়ত প্ৰত্নতত্ত্ব বিভাগে উদ্ধাৰ কৰা ৰজাদিনীয়া সম্পদসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হ'ল বিশ্ব ঐতিহ্য সপ্তাহ
লগতে পঢ়ক :নুমলীগড়ৰ দেওপাহাৰত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৩ উদযাপন

ABOUT THE AUTHOR

...view details