নগাঁও, 4 জুলাই :বছৰৰ দ্বিতীয়টো বানে বিভীষিকাৰ সৃষ্টি কৰা নগাঁৱৰ বান পৰিস্থিতিৰ বুজ লবলৈ বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হয় ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাচতেই বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ জিলা প্ৰশাসন, জলসম্পদ বিভাগৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা ৷ জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি নগাঁৱৰ বানপীড়িতৰ তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে ৷
নগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ (ETV BHARAT ASSAM) মন্ত্ৰী অতুল বৰাই দিয়া তথ্য অনুসৰি বছৰৰ প্ৰথমটো বানত জিলাখনৰ 3,64,000 লোক আক্ৰান্ত হোৱাৰ লগতে দ্বিতীয়টো বানত নগাঁৱৰ 34 হাজাৰ লোক আক্ৰান্ত হৈছে ৷ প্ৰথমটো বানত নগাঁৱৰ 139 খন গাঁও আক্ৰান্ত হোৱাৰ লগতে 88 খন গাঁও দ্বিতীয়টো বানত আক্ৰান্ত হৈছে ৷ একেদৰে, প্ৰথমটো বানত জিলাখনৰ 14,933 টা পশুধন বানৰ কবলত পৰাৰ লগতে দ্বিতীয়টো বানত জিলাখনৰ 25,987 টা পশুধন বানত আক্ৰান্ত হৈছে ৷ জিলাখনৰ 3,999 হেক্টৰ কৃষিভূমি বছৰৰ প্ৰথমটো বানত প্লাৱিত হোৱাৰ উপৰিও দ্বিতীয়টো বানত প্লাৱিত হৈছে জিলাখনৰ 2,531 হেক্টৰ কৃষিভূমি ৷
লগতে পঢ়ক :তেজপুৰত বন্যহস্তী আৰু ম'হৰ সন্ত্ৰাস, সষ্টম বন বিভাগ - Assam Flood 2024
বানত আক্ৰান্ত লোকৰ বাবে জিলাখনত প্ৰথম আৰু দ্বিতীয়টো বানত মুঠ 226 টা শিবিৰ স্থাপন কৰি সাহায্য প্ৰদানৰ তথ্যও দাঙি ধৰে মন্ত্ৰী অতুল বৰাই ৷ নগাঁও জিলাৰ বিভিন্ন অঞ্চল বানৰ কৱলত পৰাৰ সময়ত দুজন ব্যক্তি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে, বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ 159 টা বন শিবিৰৰ আটাইকেইটাই জলমগ্ন হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ আশ্ৰয়ৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যাপ্ত ওখ ভেটি থকাৰ কথা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ আনকি বহু জীৱ-জন্তু ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া পাহাৰীয়া এলেকাত আশ্ৰয় লোৱাৰ কথাও উল্লেখ কৰে তেওঁ ৷ আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ সৰক্ষাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি পহৰাৰ ব্যৱস্থা কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ৷
লগতে পঢ়ক :বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী-মন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰী : সকলো দিশত চকু ৰখাৰ ইংগিত - Assam Flood 2024