বোকাখাত, ২৮ মে’:বোকাখাত বিধানসভা সমষ্টিৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক ২০২৪ চনৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীক মঙলবাৰে অভিনন্দন জনোৱা হয় ৷ বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ উদ্যোগত এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বোকাখাত নাট্য মন্দিৰত আয়োজন কৰা হয় এই অভিনন্দন অনুষ্ঠানৰ ৷
এই আড়ম্বৰপূৰ্ণ অভিনন্দন অনুষ্ঠানটোত বোকাখাত বিধানসভা সমষ্টিৰ ৮৬ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীক একোটাকৈ গছপুলি, গামোচা, অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ মন্ত্ৰী বৰা অনুষ্ঠানত উপস্থিত থাকি আটাইকে শুভেচ্ছা জনায় ৷
মেধাৱী ছাত্র-ছাত্রীসকলক অভিনন্দন জনাই মন্ত্ৰী বৰাই অনাগত দিনত তেওঁলোকক নিজ নিজ ক্ষেত্রত আগবাঢ়ি যাবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে লক্ষ্যমুখী দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ অনুষ্ঠানটোত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা প্ৰীতিমা কৌশিক বৰুৱা ৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় বক্তব্য আগবঢ়াই তেওঁলোকক অনুপ্ৰাণিত কৰে ।