অসম

assam

ETV Bharat / state

গুৱাহাটীক বানমুক্তৰ কৰিবলৈ বিভাগীয় মন্ত্রী অশোক সিংহলৰ নতুন প্লেন কি ? - FLOOD FREE GUWAHATI CAMPAIGN

‘মিছন ফ্লাড ফ্ৰী গুৱাহাটী’কলৈ পুনৰ মন্ত্রী অশোক সিংহলৰ বৈঠক । মহানগৰীৰ সকলো নলা-নৰ্দমাৰ বোকা নিষ্কাশনৰ বাবে দায়িত্বপ্ৰাপ্ত বিভাগসমূহক নিৰ্দিষ্ট সময়ত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ ।

Short term and long term course of action for Flood free Guwahati Campaign
মিছন ফ্লাড ফ্ৰী গুৱাহাটী’কলৈ পুনৰ মন্ত্রী অশোক সিংহলৰ বৈঠক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 8:00 PM IST

গুৱাহাটী:ৰাজধানী চহৰ গুৱাহাটী মহানগৰী কেতিয়া কৃত্রিম বানপানীৰ পৰা মুক্ত হ'ব ? এই প্ৰশ্নৰ উত্তৰ হয়টো চৰকাৰখনৰ ওচৰতো নাই । কিয়নো বছৰৰ পিছত বছৰ ধৰি বিশাল পৰিমাণৰ পুঁজি ব্যয় কৰাৰ পাছতো চৰকাৰখনে মহানগৰবাসীক কৃত্রিম বানপানীৰ পৰা অলপো মুক্ত কৰিব পৰা নাই । অৱশ্যে প্ৰশ্নৰ উত্তৰ নাই যদিও গুৱাহাটী মহানগৰীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ বাবে বৈঠকৰ ওপৰত বৈঠক কৰি থকা হৈছে । এই প্ৰক্ৰিয়া এক নিয়মত পৰিণত হৈছে ।

আজিও সেই নিয়মৰ অংশ হিচাপে দিছপুৰত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটী’কলৈ পুনৰ মন্ত্রী অশোক সিংহলে এক বৈঠকত মিলিত হয় । লক্ষণীয় বিষয় যে প্ৰত্যেক বছৰ বাৰিষা কৃত্রিম বানপানীয়ে মহানগৰীত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে স্বাভাৱিক জীৱন যাত্রা প্ৰভাৱিত কৰি আহিছে । প্ৰত্যেক বছৰেই চৰকাৰে কৃত্রিম বানপানী ৰোধৰ বাবে নতুন নতুন ব্যৱস্থা হাতত লয় যদিও সমস্যাৰ সমাধান নহয় ।

বাৰিষা গুৱাহাটীৰ এই জলন্ত সমস্যাকলৈ আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে মুখ্য সচিব ৰবি কোটাৰ উপস্থিতিত লোক সেৱা ভৱনত বানমুক্ত গুৱাহাটী অভিযান বা ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ এক বৈঠকত মিলিত হয় । ২০২৪-২৫ বৰ্ষৰ এই প্ৰথমখন বৈঠকত অহা বাৰিষাৰ পূৰ্বেই বানমুক্ত গুৱাহাটী অভিযানৰ অধীনত বিভিন্ন বিভাগে হাতত লবলগীয়া কাম-কাজ সন্দৰ্ভত আলোচনা কৰা হয় । বৈঠকত লগতে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ বাবে প্ৰস্তাৱিত ড্ৰেইনেজ মাষ্টাৰপ্লেন সন্দৰ্ভতো আলোচনা কৰা হয় ।

হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কাৰ্যপন্থা গ্ৰহণ (ETV Bharat Assam)

উল্লেখ্য যে গুৱাহাটী মহানগৰীক কৃত্ৰিম বানমুক্তকৰণ সন্দৰ্ভত একাংশ নাগৰিকে বিভিন্ন সময়ত চৰকাৰলৈ আগবঢ়াই অহা দিহা-পৰামৰ্শসমূহ বিশ্লেষণৰ বাবে মন্ত্ৰী সিংহলে অলপতে কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ নেতৃত্বত এখন বিশেষ সমিতি গঠন কৰি দিছিল । নিৰ্ধাৰিত ১৫ দিনৰ সময়সীমাৰ ভিতৰত এই সমিতিয়ে নাগৰিকৰ পৰা ২৭৫ টা দিহা-পৰামৰ্শ লাভ কৰিছিল । তাৰ ভিতৰত ৰূপায়ণযোগ্য তথা ফলপ্ৰসু পৰামৰ্শসমূহৰ সন্দৰ্ভত আজিৰ বৈঠকত জিলা আয়ুক্ত সুমিত সাত্তাৱনে বিতং বিৱৰণ দাঙি ধৰে ।

এই পৰামৰ্শসমূহৰ কাৰ্যকাৰিতা বিশ্লেষণৰ লগতে আজিৰ বৈঠকত মূলতঃ গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাঁও, জুৰিপাৰ, ৱায়াৰলেছ-বশিষ্ঠপুৰ আৰু হাতীগাঁৱৰ দৰে কৃত্ৰিম বানপ্ৰৱণ অঞ্চলসমূহৰ পৰা পানী বহিৰ্গমনৰ প্ৰযুক্তিগত উপায় সন্দৰ্ভত আলোচনা কৰা হয় । মন্ত্ৰী সিংহলৰ নিৰ্দেশত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়াসকলে ইতিমধ্যেই উপগ্ৰহীয় প্ৰযুক্তিৰে মহানগৰীৰ বানপ্ৰৱণ স্পৰ্শকাতৰ অঞ্চলসমূহৰ বাট-পথ, নলা-নৰ্দমাৰ স্তৰ-বিন্যাস, ঢাল আদি বিশ্লেষণৰ বাবে এক জৰীপ সম্পূৰ্ণ কৰিছে ।

এই বৈঠকত এই জৰীপৰ ফলাফলসমূহ সন্দৰ্ভতো নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকে এক বিতং প্ৰেজেণ্টেশ্যন দাঙি ধৰে । উপলব্ধ সকলো তথ্য আৰু প্ৰতিবেদন বিশ্লেষণৰ অন্তত বানমুক্ত গুৱাহাটী অভিযানৰ অধীনত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুইধৰণৰ কাৰ্যপন্থা যুগুত কৰিবলৈ মন্ত্ৰী সিংহলে অভিযানৰ অংশীদাৰসকলক নিৰ্দেশ দিয়ে । পৰৱৰ্তী বাৰিষাৰ পূৰ্বেই অহা তিনি-চাৰিমাহৰ ভিতৰত ৰূপায়ণ কৰিব পৰাকৈ এলানি হ্ৰস্বম্যাদী কাৰ্যব্যৱস্থা হাতত লবলৈ তেওঁ নিৰ্দেশ দিয়ে ।

তাৰ ভিতৰত ভৰলু, বাহিনী, লখিমীজানৰ লগতে মহানগৰীৰ সকলো নলা-নৰ্দমাৰ বোকা নিস্কাশনৰ বাবে দায়িত্বপ্ৰাপ্ত বিভাগসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । নলাৰ পৰা উঠোৱা আৱৰ্জনা পথৰ কাষত পেলাই নথৈ তৎকালে স্থানান্তৰৰ ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে । আনহাতে প্ৰযুক্তিগত অধ্যয়নৰ ফলাফল অনুসৰি জুৰিপাৰ অঞ্চলত নলা নিৰ্মাণ আৰু হাতীগাঁও অঞ্চলত নলাৰ স্তৰ সংশোধনৰ বাবে তৎকালে পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ লোকনিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰে ।

বানমুক্ত গুৱাহাটী অভিযান (ETV Bharat Assam)

বৃহত্তৰ ৰুক্মিনীগাঁও-বশিষ্ঠপুৰ অঞ্চলৰ আবদ্ধ পানী নিষ্কাশনৰ বাবে উপযুক্ত বিজ্ঞানসন্মত ব্যৱস্থা সন্দৰ্ভতো তেওঁ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে । আনহাতে খানাপাৰা অঞ্চলৰ পৰা মেঘালয়ৰ পানী পোনে পোনে দীপৰ বিললৈ বোৱাই নিব পৰাকৈ নলাৰ স্তৰবিন্যাস সংশোধন সন্দৰ্ভত বশিষ্ঠ চাৰিআলিৰ নিধি ভৱনৰ সমীপত হাতত লবলগীয়া পদক্ষেপ সন্দৰ্ভত বিতং অধ্যয়ণৰ বাবে তেওঁ লোক নিৰ্মাণ বিভাগ, নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলক যুটীয়াভাৱে ক্ষেত্ৰ অধ্যয়ণৰ পৰামৰ্শ আগবঢ়ায় ।

মন্ত্রী অশোক সিংহলৰ বৈঠক (ETV Bharat Assam)

ডিব্ৰুগড় চহৰত বিগত বাৰিষাত হোৱা কৃত্ৰিম বানৰ অভাৱনীয় পৰিস্থিতিৰ পৰ্যালোচনা :

আজিৰ বৈঠকত ডিব্ৰুগড় চহৰত বিগত বাৰিষাত হোৱা কৃত্ৰিম বানৰ অভাৱনীয় পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে চহৰখনৰ আবদ্ধ পানী নিষ্কাশনৰ বাবে নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ে পৰামৰ্শ আগবঢ়োৱা প্ৰস্তাৱিত নলা খনন সন্দৰ্ভতো আলোচনা কৰা হয় । চহৰৰ মুৰলীধৰ জালান বাছ আস্থানৰ পৰা চেঁচা নদীলৈ তথা মোহনবাৰী বিমানকোঠৰ সমীপৰ পৰা চেঁচা নদীলৈ দুটা নলা নিৰ্মাণৰ লগতে ডিব্ৰুগড় চহৰৰ সুৰক্ষা নলাৰ কালভাৰ্টৰ পুনৰ বিন্যাস সন্দৰ্ভত বৈঠকত বিশেষভাৱে পৰ্যালোচনা কৰা হয় ।

মন্ত্ৰী সিংহলে এই সন্দৰ্ভত বিষয়াসকলক কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে । আজিৰ এই বিশেষ বৈঠকত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰৰাম খাউণ্ড, লোক নিৰ্মাণ (পথ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব চন্দন শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অনবামুথন এম পি আৰু কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্ত সুমিত সত্তাৱনৰ লগতে লোক নিৰ্মাণ বিভাগ, জলসম্পদ বিভাগ, ভাৰতীয় ৰেল, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদি বানমুক্ত গুৱাহাটী অভিযানৰ সকলো অংশীদাৰ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

আনহাতে ইয়াৰ পিছতে মন্ত্ৰী সিংহলে জনতা ভৱনস্থিত তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত জলসিঞ্চন বিভাগৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা যেনে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, স্বচ্চ ভাৰত মিছন (নগৰীয়া) আৰু মিছন অম্ৰুটৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে । এই বৈঠকসমূহত জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দীন আব্বাছী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, দুয়োটা বিভাগৰে সচিব পৱিত্ৰৰাম খাউণ্ডৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:গুৱাহাটীত আজিৰে পৰা আৰম্ভ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ ৰ দশম সংস্কৰণ

ভাৰতীয় জ্ঞান ব্যৱস্থাই সাংস্কৃতিক বিচ্ছিন্নতাক ৰোধ কৰিব: দিগন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details