নগাঁও :হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লোৱা অসমত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে বাঘ মানুহৰ সংঘাত । বনাঞ্চল এৰি হঠাৎ ঢেকীয়াপতীয়াৰ লগতে নাহৰফুটুকী বাঘৰ জনাঞ্চল ভ্ৰমণে আতংকৰ সৃষ্টি কৰিছে জনতাৰ মাজত । নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বাঘে ত্ৰাস চলোৱাৰ পাছত এতিয়া কেৱল গ্ৰামাঞ্চলতে নহয় চহৰ অঞ্চলতো বাঘৰ বিচৰণে এক অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখী হ'বলগতীয়া হৈছে চহৰবাসী ।
ইতিপূৰ্বে গুৱাহাটী মহানগৰত বাঘৰ বিচৰণে মহানগৰত আতংকৰ সৃষ্টি কৰাৰ পাছত এইবাৰ নগাঁও চহৰত আতংকৰ সৃষ্টি কৰিছে বাঘে । নৱবৰ্ষৰ প্ৰথমটো দিনতে অৰ্থাৎ মঙলবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ এটা বাসগৃহত প্ৰৱেশ কৰি আশ্ৰয় লৈ থকা ঘৰৰ লোকে প্ৰত্যক্ষ কৰাৰ পাছতেই এক আতংকময় পৰিস্থিতিৰ সৃষ্টি নগাঁও চহৰৰ আমোলাপট্টিত ।
পৰৱৰ্তী সময়ত নাহৰফুটুকী বাঘটো ট্ৰেংকুলাইজ কৰাৰ বাবে বন বিভাগে তৎপৰতা আৰম্ভ কৰাৰ সময়তেই ঘৰটোৰ ভিতৰৰ পৰা পলায়ন কৰে প্ৰকাণ্ড নাহৰফুটুকীটো । বাঘটো বিচাৰি বন বিভাগৰ লোকে অভিযান আৰম্ভ কৰে যদিও বুধবাৰে এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে বাঘটো কোন স্থানত আশ্ৰয় লৈছে তাৰ কোনো সন্ধান উলিয়াব নোৱাৰাত সমগ্ৰ নগাঁও চহৰতে বিৰাজ কৰে এক আতংকময় পৰিস্থিতিৰ ।
বুধবাৰৰ দিনটো তীব্ৰ আতংকৰ মাজতে পাৰ কৰিবলগীয়া হৈছে নগাঁও চহৰবাসী । বাঘটোৰ কোনো সন্ধান উলিয়াব নোৱাৰাত একপ্ৰকাৰ অসহায় হৈ পৰে নগাঁও বন বিভাগ । বাঘে সৃষ্টি কৰা আতংকৰ মাজতে নগাঁও জিলা প্ৰশাসনে জনসাধাৰণক সতৰ্ক থাকিবলৈ মাইকযোগে আহ্বান জনায় । কিন্তু বনাঞ্চলৰ পৰা বহু দূৰৈৰ নগাঁও চহৰত হঠাৎ বাঘৰ বিচৰণক লৈ জনসাধাৰণ আতংকিত হৈ আছে যদিও বাঘটো ক’ৰ পৰা আহি নগাঁও চহৰত উপস্থিত হ'ল সেয়া এই পৰ্যন্ত নিশ্চিত কৰিব পৰা নাই বন বিভাগেও ।
অৱশ্যে নগাঁৱৰ চাপানলা অথবা কন্দলি আদি পাহাৰীয়া এলেকাৰ পৰা বাঘটো নগাঁও চহৰত প্ৰৱেশ কৰাৰো সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ।
মধ্য অসমত বৃদ্ধি বাঘ মানুহৰ সংঘাত :
বিগত বৰ্ষত বিশেষকৈ মধ্য অসমত বৃদ্ধি পাবলৈ ধৰিছে বাঘ মানুহৰ সংঘাত । বিগত বৰ্ষৰ জুলাই মাহতেই লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে প্ৰথমে জুৰীয়াৰ কলাডুবা, পুঠিমাৰীকে ধৰি কেবাটাও অঞ্চলত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰাৰ ধিঙৰ বিভিন্ন অঞ্চলতো প্ৰৱেশ কৰি কেইবাজনো লোকক আক্ৰমণ কৰি আহত কৰিছিল ।
আনকি বাঘটোক কৰায়ত্ত কৰিবলৈ পিঞ্জৰাৰ ব্যৱস্থা কৰাৰ সময়তেই বনকৰ্মীকো আক্ৰমণ কৰি আহত কৰিছিল বাঘটোৱে । বন বিভাগৰ প্ৰায় তিনিমহীয়া প্ৰচেষ্টাৰ অন্তত বাঘটো কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল । কেৱল জুৰীয়া অথৱা ধিং অঞ্চলতেই নহয়, বিগত প্ৰায় দুই তিনি মাহ ধৰি নগাঁৱৰ কলিয়াবৰৰ বিভিন্ন অঞ্চলতো কেইবাটাও বাঘে জনাঞ্চলত প্ৰৱেশ কৰি কেইবাজনো লোকক আক্ৰমণ কৰিছিল ।