অসম

assam

ETV Bharat / state

তৃতীয় অসম আৰক্ষী বাহিনীত অগ্নিকাণ্ড, জুইত ভস্মীভূত আৰক্ষী নিৱাস - MASSIVE FIRE BREAKS OUT

পলকতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে আৰক্ষী নিবাসৰ বাসগৃহ । কথমপি প্ৰাণৰক্ষা কেইবাটাও পৰিয়ালৰ ।

Massive fire breaks out at 3rd Assam Police Cantonment in Jorhat
তৃতীয় অসম আৰক্ষী বাহিনীত অগ্নিকাণ্ড (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 8:48 PM IST

যোৰহাট:যোৰহাট জিলাৰ তৃতীয় অসম আৰক্ষী বাহিনীত ভয়াৱহ অগ্নিকাণ্ড । তৃতীয় অসম আৰক্ষী বাহিনীৰ পকা লাইনত থকা আৰক্ষী নিবাসত হঠাৎ আৱৰি ধৰে জুইৰ লেলিহান শিখাই । ফলত আৰক্ষী বাহিনী চৌপাশে সৃষ্টি হয় এক হাহাকাৰ পৰিৱেশৰ । ঘটনাস্থলীত তিতাবৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে ।

অৱশেষত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । এই ভয়াৱহ অগ্নিকাণ্ডত তৃতীয় অসম আৰক্ষী বাহিনী চৌহদত থকা তিনিটাকৈ আৰক্ষী আৱাস জুইত ভস্মীভূত হয় যদিও অন্য স্থানলৈ জুই সম্প্ৰসাৰিত হোৱাৰ পৰা ৰক্ষা কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে । ফলত ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰে আৰক্ষী ছাঊনীটো ।

তৃতীয় অসম আৰক্ষী বাহিনীত অগ্নিকাণ্ড (ETV Bharat Assam)

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰত্যক্ষদৰ্শী । সৌভাগ্যক্ৰমে ঘৰকেইটাত কোনো নাছিল যদিও । দুবাৰকৈ বিস্ফোৰণৰ শব্দ শুনা বুলি জনাই চুবুৰীয়া লোকে । ফলত এই অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰে এজন প্ৰত্যক্ষদৰ্শীয়ে । উক্ত অগ্নিকাণ্ড ফলত কোনো লোক হতাহত হোৱা নাই ।

সেই সময়ত আৰক্ষী নিবাসত কোনো আৰক্ষী জোৱান নাছিল । কাৰণ আৰক্ষী জোৱানসকল পূৰ্বৰ দৰে কৰ্তব্যলৈ ওলাই গৈছিল । উল্লেখ্য যে, যদি এই অগ্নিকাণ্ড নিশা ভাগত সংঘটিত হ'লহেঁতেন তেন্তে এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হ'লহেঁতেন বুলি মত প্ৰকাশ কৰে একাংশ লোকে ।

এজন প্ৰত্যক্ষদৰ্শীয়ে এই সন্দৰ্ভত কয়, "তিনিটা ঘৰত জুই লাগিছিল । ইয়াৰে দুটা ঘৰত মানুহ নাছিল । মাজৰ ঘৰটোৰ পৰা জুই লাগিছিল । প্ৰথমতে মাজৰ ঘৰটোৰ পৰা ধোঁৱা ওলাইছিল । কিন্তু কি কাৰণত ধোঁৱা ওলাইছে আমি ধৰিব পৰা নাছিলো । দুবাৰকৈ বিস্ফোৰণৰ শব্দ শুনিছোঁ ।"

লগতে পঢ়ক:তিতাবৰত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ এজন - ONE KILLED IN TITABOR FIRE

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ-ব্যৱসায়িক প্ৰতিষ্ঠান, যানবাহন আৰক্ষীৰ ৰূপত জুবিন গাৰ্গ - TINSUKIA FIRE

ABOUT THE AUTHOR

...view details