অসম

assam

ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে অসমৰ এইখন ইতিহাস প্ৰসিদ্ধ চহৰলৈ - EROSION OF BRAHMAPUTRA

River bank erosion: খহনীয়াত এসপ্তাহতে ব্ৰহ্মপুত্ৰত বিলীন ১০টা পৰিয়ালৰ বাসগৃহ । ঐতিহাসিক চহৰখনলৈ ভাবুকি কঢ়িয়াইছে বৰলুইতে ৷

By ETV Bharat Assamese Team

Published : 4 hours ago

Erosion Of Brahmaputra
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়া (ETV Bharat Assam)

গুৱাহাটী, ৬ অক্টোবৰ:ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে । ডিব্ৰুগড়ত ভয়ংকৰ খহনীয়া ৰোধ কৰিবলৈ কোটি কোটি টকা খৰচ কৰি জি অ'বেগৰ কাম কৰিছিল যদিও এই আঁচনিয়ে ৰোধ কৰিব পৰা নাই খহনীয়া । ৰাজ্য‌ চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে কোটি কোটি টকা ব্য়য় কৰাৰ বাবে অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে যদিও ডিব্ৰুগড়ত ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ।

ডিব্ৰুগড়ৰ মাইজানত তীব্ৰ খহনীয়াত উছন হৈছে এটাৰ পাছত আন এটা পৰিয়ালৰ বাসগৃহ । দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত মাইজান মথলা অঞ্চলত ভয়াৱহ খহনীয়াই হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত মাইজান মথলা অঞ্চলত চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা। মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত এসপ্তাহতে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন ১০টা পৰিয়ালৰ বাসগৃহ ।

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়া (ETV Bharat Assam)

ৰবি কৰ্মকাৰ, দিলীপ কৰ্মকাৰ, যুগল কৰ্মকাৰ, সজুনো কৰ্মকাৰকে ধৰি ১০ জন শ্ৰমিকৰ বাসগৃহ মহাবাহুৰ বুকুত বিলিন যোৱাত গৃহহীন হৈ পৰিছে পৰিয়ালকেইটা । ভয়াৱহ খহনীয়াৰ পাছতো এতিয়াও জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই । স্থানীয় বিধায়ক প্ৰশান্ত ফুকনক এই বিষয়ে জনোৱাৰ হৈছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ।

দেওবৰে খহনীয়াস্থলীত দল-সংগঠনৰ লগতে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, জলসম্পদ বিভাগক গৰিহণা দিয়ে । ৰাইজে বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰি খহনীয়াই প্ৰতিৰোধৰ কৰাৰ লগতে খহনীয়াত ঘৰ ভেটি হেৰুওৱাই সকলৰ পুনৰ সংস্থাপন কৰিবলৈ দাবী জনায় ।

কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ?

ডিব্ৰুগড়ৰ মাইজানৰ মথলা অঞ্চল বুলিয়েই নহয়, ডিব্ৰুগড়ৰ কেইবা স্থানটো খহনীয়াই ভয়ংকৰ ৰূপ লৈছে । ফলত চহৰখনলৈও ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই । ঐতিহ্যমণ্ডিত ডিব্ৰুগড় নগৰলৈ ভাবুকি কঢ়িয়াই আনিছে যদিও খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়ক, ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেনেদৰে তৎপৰতা দেখুৱাব লাগিছিল তেনে নকৰাত ক্ষুব্ধ হৈছে দল-সংগঠনৰ লগতে ভুক্তভোগী ৰাইজ ।

কেইবাটাও পৰিয়ালে ঘৰ-ভেটি হেৰুৱালে, আন বহু পৰিয়ালে নিজৰ সা-সামগ্ৰী লৈ অন্যস্থানলৈ ধাপলি মেলিছে । এনে পৰিস্থিতিত কোনো জনপ্ৰতিনিধি বা চৰকাৰী বিষয়াই পৰিস্থিতি বুজ ল'বলৈ খহনীয়াৰ স্থানত উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ।

লগতে পঢ়ক:বিধায়কে চকু মেলি নাচায়: খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন বুঢ়ীদিহিংপৰীয়া ৰাইজ - Burhi Dihing River erosion

যিকোনো মুহূৰ্তত বুঢ়ীদিহিঙত বিলীন হ'ব মথাউৰি, অৰ্ধ শতাধিক গাঁৱলৈ ভাবুকি - Severe Erosion In Dibrugarh

ABOUT THE AUTHOR

...view details