অসম

assam

ETV Bharat / state

মণিপুৰত হিংসাৰ জুই; অসম সীমান্তত সষ্টম পহৰাদাৰ - PETROLING ON ASSAM MANIPUR BORDER

মণিপুৰৰ হিংসাৰ দাবানলে যাতে অসম ভূমিক স্পৰ্শ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক আৰক্ষী । নিশাও চলাইছে অভিযান ।

Assam Manipur border
অসম-মণিপুৰ সীমান্তত নিশাও চলাইছে অভিযান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 1:18 PM IST

শিলচৰ:অগ্নিগৰ্ভা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে যাতে অসম-মণিপুৰ সীমান্তত কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে আৰু অসমত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সতৰ্ক হৈছে অসম আৰক্ষী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কঠোৰ নিৰ্দেশনাৰ পিচতেই অসম-মণিপুৰ সীমান্তত আৰক্ষীৰ নেতৃত্বত চলিছে নিছিদ্ৰ পহৰা । অসম-মণিপুৰ সীমান্তত আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে যৌথভাৱে চলাইছে অভিযান ।

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য় ৰাখি কাছাৰৰ অসম-মণিপুৰ সীমান্তত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ জিৰিবামত চি আৰ পি এফৰ গুলীত 10 জন সন্দেহজনক কুকি উগ্ৰপন্থীৰ মৃত্যুৰ লগতে জিৰিবামৰ জাকুৰাডহৰৰ অপহৃত 6 মেইটেই শিশু-মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছতে মণিপুৰ সীমান্তত কাছাৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷

অসম-মণিপুৰ সীমান্তত নিশাও চলাইছে অভিযান (ETV Bharat Assam)

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰভাৱ যাতে কাছাৰত পৰিব নোৱাৰে তাৰবাবে যথেষ্ট সক্ৰিয় হৈ আছে কাছাৰ আৰক্ষী । সীমান্তত মোতায়েন কৰা হৈছে অসম আৰক্ষীসহ কমাণ্ডো বেটেলিয়ন ৷ সীমান্ত অঞ্চলত দিনে নিশাই আৰক্ষীয়ে টহল দিয়াৰ লগতে সীমান্তৰ স্থলপথৰ সমান্তৰালকৈ নদীপথতো নদী আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷

মুখ্য়মন্ত্ৰী -আৰক্ষী সঞ্চালক প্ৰধানৰ কঠোৰ নিৰ্দেশ

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰভাৱ যাতে কাছাৰত পৰিব নোৱাৰে তাৰবাবে আৰক্ষীক দিনে-নিশাই সতৰ্ক থাকিবলৈ মুখ্য়মন্ত্ৰী-আৰক্ষী সঞ্চালক প্ৰধানৰ কঠোৰ নিৰ্দেশ দিছে । এই প্ৰসংগত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই কয়, "মুখ্য়মন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে কঠোৰ নিৰ্দেশ দিছে যে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যি অপশক্তিয়ে চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগিব । সেয়েহে তেওঁলোক কোনো যাতে সাৰি যাব নোৱাৰে তাৰ বাবে আমি সতৰ্ক হৈ আছো ।"

সীমামূৰীয়া অঞ্চলত টহলৰ ব্য়ৱস্থা

কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই নিতৌ নিজে সীমান্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ থকা সন্দৰ্ভত কয়, "আমাৰ চুবুৰীয়া ৰাজ্য় মণিপুৰৰ জিৰিবাম জিলাত যোৱা কেইবাদিন ধৰি যি এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে সেই ঘটনাৰ বাবে যাতে অসমৰ কাছাৰ জিলাত কোনো অপ্ৰীতিকৰ ঘটনা আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আমি সষ্টম হৈ আছো । আমি সীমামূৰীয়া অঞ্চলত টহলৰ ব্য়ৱস্থা কৰিছো । আমাৰ আৰক্ষীৰ টহলদাৰী দল আছে । কমাণ্ডো বৃহৎ পৰিমানে নিয়োজিত হৈ আছে । দিনে-নিশাই ২৪ ঘন্টাই আৰক্ষীৰ টহলৰ ব্য়ৱস্থা চলি আছে । তাৰ লগতে জিৰি আৰু বৰাক নদীত নদী আৰক্ষীৰ পহৰা চলি আছে ।"

আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়, "এই পৰিস্থিতিৰ গইনা লৈ যাতে কোনো অপশক্তি অসমত প্ৰৱেশ কৰি অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে আৰু শান্তিপ্ৰিয় ৰাইজৰ মাজত যাতে অশান্তিৰ বীজ সিঁচিব নোৱাৰে তাৰ বাবে আমি সতৰ্ক হৈ আছো । এনে কোনো অপশক্তিয়ে যাতে আমাৰ ইয়ালৈ আহি শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি আমি সচেষ্ট হৈ আছো । কোনোবাই এনে কৰিলে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ সাজু আছো । "

লগতে পঢ়ক:অপহৃত মেইটেই শিশুসহ মহিলাক হত্যাৰ প্ৰতিবাদত উত্তাল শিলচৰ

উত্তপ্ত পৰিস্থিতিৰ মাজতেই ১০ কুকি যুবকৰ মৃতদেহ নিলে মণিপুৰলৈ

ABOUT THE AUTHOR

...view details