গুৱাহাটী, 4 ফেব্ৰুৱাৰী: বিতৰ্কিত মানস চলিহাক সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে । আলিপুৰদুৱাৰৰ পৰা পুৱতি নিশা কোকৰাঝাৰ সদৰ থানালৈ লৈ অহা হৈছে চলিহাক । দেওবাৰে দিনৰ ভাগত গুৱাহাটীলৈ অনা হ’ব বিতৰ্কিত মানস চলিহাক ।
উল্লেখ্য যে, আলফাৰ ম্যানমাৰস্থিত শিবিৰলৈ আৰক্ষীৰ চোৰাংচোৱা প্ৰেৰণৰ মূল নায়ক বুলি অভিযুক্ত মানস চলিহা নামৰ প্ৰৱঞ্চকটোক অসম আৰক্ষীয়ে পশ্চিমবংগ আৰক্ষীৰ সহায়ত শনিবাৰে আলিপুৰদুৱাৰত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় । অসম আৰক্ষীয়ে ইতিমধ্যে চলিহাক কোঁচবিহাৰ আদালতত হাজিৰ কৰাই 'ট্রেনজিৎ ৰিমাণ্ড'ত লৈছে ।
আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আলফাই গ্রেপ্তাৰ কৰা মানস বৰগোহাঁই নামৰ এজন যুৱকৰ স্বীকাৰোক্তিৰ ভিডিঅ'ত আৰক্ষীৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক আৰু মানস চলিহা নামৰ লোকজনে অন্যান্যসকলৰ সৈতে গুৱাহাটীৰ ৰয়েল এনক্লেভ নামৰ এটা আবাসিক অট্টালিকাত প্রশিক্ষণ দি আলফাৰ শিবিৰলৈ প্ৰেৰণ কৰা বুলি দাবী কৰাৰ পাছতেই মানস চলিহা নামৰ লোকজন চর্চালৈ আহিছিল । আলফা (স্বাধীন) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই মানস চলিহা প্রশাসনৰ লোক আৰু চলিহাই চৰকাৰী নম্বৰ প্লেটযুক্ত গাড়ীত ঘূৰি ফুৰে বুলি দাবী কৰাৰ বিপৰীতে মানস চলিহাই সামাজিক মাধ্যমত পৰেশ বৰুৱা সম্পৰ্কত কটু মন্তব্য কৰি তেওঁক প্রত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছিল ।