তেজপুৰ : অসমত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ ৰাজ্যখনৰ ভিতৰতে শোণিতপুৰ জিলাত এই সংঘাত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ বিগত ২৭ এপ্ৰিলত জিলাখনৰ বৰচলা সমষ্টিৰ ধীৰাই মাজুলীত বন্যহস্তীৰ আক্ৰমণত দুজন বনকৰ্মীৰ লগতে নিহত হৈছিল এজন স্থানীয় লোক ৷ এই সংঘাতৰ ফলত বিগত ৫ বছৰত জিলাখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ লৈ বৃদ্ধি পাইছে ৷
হাতী-মানুহৰ সংঘাত :
এই ৫ বছৰৰ ভিতৰত দেখা গৈছে যে ২০২১ চনত হাতী-মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাই দুটাকৈ হাতীয়ে ৷ শোণিতপুৰ জিলা বন বিভাগৰ তথ্য অনুসৰি ২০১৯ চনত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে এটা হাতীৰ মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০২০ চনত ৫ গৰাকী লোক আৰু ৫ টাকৈ বন্যহস্তীৰ মৃত্যু হয় ।
২০২১ চনত হাতীৰ আক্ৰমণৰ ফলত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱাই আৰু ২ টা হাতীৰ মৃত্যু হয় ৷ ২০২২ চনত ৩ গৰাকী লোক আৰু ২ টা বনৰীয়া হাতীৰ মৃত্যু । ২০২৩ চনত হাতীৰ আক্ৰমণৰ ফলত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ টা হাতীৰ মৃত্যু হয় ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহলৈ বনৰীয়া হাতীয়ে একেদিনাই ৩ গৰাকীকৈ লোকক আক্ৰমণ কৰাত লোককেইজনৰ মৃত্যু হয় ৷
তদুপৰি এই সময়চোৱাত দুটাকৈ হাতীৰ মৃত্যু হয় ৷ অৰ্থাৎ প্ৰায় ৫ বছৰত হাতীৰ আক্ৰমণত শোণিতপুৰত ৩০ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ টা হাতীৰ মৃত্যু হৈছে । জিলাখনৰ কাষতে থকা বিশ্বনাথ জিলাত হাতীৰ উপদ্ৰৱ আছে যদিও পূব শোণিতপুৰৰ বন বিভাগৰ প্ৰাধিকাৰী বিশ্বজিত দাসে জনায় যে বিগত ৫ বছৰত জিলাখনত হাতী-মানুহৰ সংঘাতৰ ফলত হাতীৰ মৃত্যু হোৱা নাই । আনহাতে বনৰীয়া হাতীৰ অধিক উপদ্ৰৱ থকা ওদালগুৰি জিলাত হাতী-মানুহৰ সংঘাত যথেষ্ট বৃদ্ধি পাইছে ।
আনহাতে চিৰাং আৰু কলাইগাঁৱত যোৱা ২০২০ চনৰ পৰা চলিত বৰ্ষলৈ মুঠ ৮ টা হাতীৰ মৃত্যু হৈছে । চিৰাং জিলাৰ বন প্ৰাধিকাৰী কুঞ্জন বাসুমতাৰীয়ে জনায় যে এই ৮ টা হাতীৰ ভিতৰত ৫ টা মাইকী হাতী আৰু বাকী ৩ টা মতা । এই ৮ টা হাতীৰ ভিতৰত ৪ টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় আৰু এটা হাতী ২০২০ চনৰ ২ ছেপ্টেম্বৰত বিষাক্ত কীটনাশক বা মাৰাত্মক ঔষধ সেৱন কৰি মৃত্যু হয় । ২ হাতীৰ পাৰস্পৰিক যুঁজত আৰু এটা বয়সৰ বাবে মৃত্যু হয় ।