সোণাপুৰ,২ জুলাই:মধ্যযুগৰ ৰজাদিনীয়া পৰম্পৰাৰে মঙলবাৰে ডিমৰীয়াৰ ধোপগুৰিত অগণন লোকৰ সমাগমেৰে অনুষ্ঠিত হয় গৰখীয়া মাল গোঁসাই পূজা । মধ্যযুগৰ ডিমৰীয়া আৰু অন্যান্য স্বাধীন ৰজাসকলৰ দিনত মাল যুঁজ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু প্ৰতি ৰাজ্যতে মাল যুঁজৰ চৰ্চা আৰু মালযুঁজৰ আৰাধ্য কোনো দেৱতাক পূজা কৰা ৰীতিয়ে কালক্ৰমত মাল গোঁসাই পূজাৰ ৰূপ গ্ৰহণ কৰিছিল । আনহাতে সততে যুদ্ধ বিগ্ৰহত লিপ্ত থাকিবলগীয়া ৰজাসকলে শিৱ আৰু শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰিছিল ।
সেয়েহে মাল গোঁসাই পূজাত শিৱৰ উগ্ৰ প্ৰচণ্ড ৰূপ মহা মালেশ্বৰ আৰু দেৱী মহামায়াক আৰাধনা কৰা হয় । মধ্যযুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহৰে নিৰ্মান কৰা হয় এখন চাঙী । তান্ত্ৰিক মন্ত্ৰৰে এই চাঙীক আলৌকিকতা প্ৰদান কৰা হয় । পাচত চাৰিজন বলিষ্ঠ ডেকাই চাঙী দেৱতাৰ নিৰ্দেশ মতে সমগ্ৰ অঞ্চল জুই-পানীক একাকাৰ কৰি পৰিভ্ৰমণ কৰে । অঞ্চলটোৰ প্ৰতিঘৰতে প্ৰৱেশ কৰে চাঙী বহন কৰা লোকসকলে । গৃহস্থই শ্ৰদ্ধা ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়াই শৰাই-শলিতা ।